সমললৈ যাওক

কোমল ওলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কোমল ঔলীৰ পৰা পুনঃনিৰ্দেশিত)
কোমল ওলী
নেপাল ৰাষ্ট্ৰীয় বিধানসভা ৫ নং ৰাজ্যৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ মাৰ্চ ২০১৮
পূৰ্বসূৰী কাৰ্যালয় প্ৰতিস্থা
ব্যক্তিগত তথ্য
জন্ম ১৬ এপ্ৰিল
ডং, নেপাল
ৰাষ্ট্ৰীয়তা নেপালনেপালী
ৰাজনৈতিক দল নেপাল কমিউনিষ্ট পাৰ্টি (এনচিপি)
আন ৰাজনৈতিক
সম্পৰ্ক
ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি নেপাল
কমিউনিষ্ট পাৰ্টি অৱ নেপাল (সংযুক্ত মাক্সবাদী-লেনিনবাদী)
পেচা লোক-গায়িকা, বাতৰি পৰিবেশক, ৰেডিঅ' আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব, লোক-গায়িকা আৰু ৰাজনীতিবিদ

কোমল ওলী (নেপালী: कोमल ओली) (জন্ম ১৬ এপ্ৰিল) এগৰাকী নেপালী বাতৰি পৰিবেশক, ৰেডিঅ'[1] আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব,[2] লোক-গায়িকা,[1][3] আৰু ৰাজনীতিবিদ।[4][1] শেহতীয়াকৈ তেওঁ নেপালী ৰাজনীতিত প্ৰৱেশ কৰে আৰু মহিলাৰ বাবে সংৰক্ষিত কোটা পূৰণ কৰা নেপাল কমিউনিষ্ট পাৰ্টি (এনচিপি)ক প্ৰতিনিধিত্ব কৰি ফেডাৰেল ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[5] তেওঁ বহু লোক-গীতত কণ্ঠদান কৰিছে। তেওঁ বৰ্তমানলৈকে অবিবাহিত হৈ আছে আৰু তেওঁৰ এই বৈবাহিক স্থিতিয়ে বহুতৰ মনোযোগ আকৰ্ষণ কৰিছে,[6] এই বিষয়ত কোমলে নিজেই প্ৰকাশ কৰা পইলা জানা পাম (আক্ষৰিক অনুবাদ: পলাই গুছি যাম!) গীতটো যথেষ্ট জনপ্ৰিয় হৈছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নেপালৰ ডঙৰ টিকাৰীত দীপা আৰু ললিত ওলীৰ ঘৰত ১৬ এপ্ৰিলত কোমলৰ জন্ম হয়।[2] পিতৃ-মাতৃৰ চাৰিটা সন্তানৰ ভিতৰত তেওঁ ডাঙৰ।[6] তেওঁৰ শৈশৱৰ সকলো সময় গৃহ চহৰতে কটায়, স্থানীয় বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিদ্যালয়ত থাকোঁতে তেওঁ সংগীতৰ নিজেই সংগীত শিকিছিল।[2]

ৰেডিঅ' নেপাল আৰু সংগীত জীৱন

[সম্পাদনা কৰক]

২০৪৬ খ্ৰীষ্টাব্দত ৰেডিঅ' নেপালৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় লোক-গায়ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কোমলে দ্বিতীয় স্থান লাভ কৰে।[2] সেই বছৰতে ৰেডিঅ’ নেপালে তেওঁক এটা সংগীত এলবামৰ বাবে চুক্তিৰ প্ৰস্তাৱ দিছিল। ২০৪৯ চনত তেওঁ কাঠমাণ্ডুলৈ গুচি যায় আৰু ৰেডিঅ' নেপালে বাতৰি পৰিবেশক হিচাপে নিযুক্তি দিয়ে।[2][6]

সফলতা আৰু খ্যাতি

[সম্পাদনা কৰক]

ৰেডিঅ’ নেপালৰ বাতৰি প্ৰচাৰক আৰু লোকগায়িকা হিচাপে কোমল ওলী দ্ৰুতগতিত নেপালৰ চিনাকি কণ্ঠস্বৰত পৰিণত হৈছিল, কাৰণ সেই সময়ত দেশৰ দূৰৱৰ্তী অঞ্চলসমূহতো ৰেডিঅ’ৰ সুলভতা আছিল। তেওঁৰ গোটেই কেৰিয়াৰত ডজনতকৈও অধিক এলবাম মুকলি কৰিছে।[6] ইয়াৰ উপৰিও ৰাজহুৱা অনুষ্ঠানত তেওঁ মনোৰঞ্জক হিচাপেও অংশগ্ৰহণ কৰে। তেখেতে ৰেডিঅ' আৰু টিভিৰ উচ্চাকাংক্ষী সাংবাদিকসকলকো প্ৰশিক্ষণ দিয়ে।[6]

ৰাজনীতি

[সম্পাদনা কৰক]

ৰেডিঅ’ নেপালৰ চাকৰি এৰি ওলীয়ে ৰাজতন্ত্ৰ আৰু হিন্দু ৰাষ্ট্ৰ পুনৰুদ্ধাৰৰ বাবে কাম কৰা ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিত যোগদান কৰে। কিন্তু ২০১৭ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ নেপাল কমিউনিষ্ট পাৰ্টি (ইউনাইটেড মাৰ্ক্সবাদী লেনিনবাদী)ত যোগদান কৰে।[1] নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ তালিকাত স্থান নোপোৱাৰ বাবে তেওঁ গৃহ চহৰৰ সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব পঞ্জীয়ন কৰে। পিছলৈ তেওঁ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰি দলৰ প্ৰাৰ্থীজনক সমৰ্থন ঘোষণা কৰে।[4] বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[5] গৃহ প্ৰদেশৰ মহিলাৰ বাবে সংৰক্ষিত কোটা পূৰণৰ বাবে তেওঁক দলে মনোনীত কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]