কোমাৰৰাজু আটচামম্বা
ড° কোমাৰাজু আটচামাম্বা (৬ ছেপ্টেম্বৰ ১৯০৬ – ২০ অক্টোবৰ ১৯৬৪) আছিল এজন ভাৰতীয় উকীল, প্ৰসূতি বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, ৰাজনীতিবিদ আৰু এজন প্ৰাক্তন সংসদ সদস্য।[1]
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]১৯০৬ চনত গুন্টুৰত ইতিহাসবিদ কোমাৰৰাজু ভেংকটা লক্ষ্মণ ৰাওৰ ঘৰত জন্মগ্ৰহণ কৰা কোমাৰৰাজু আটচামম্বাই ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ ১৯২৪ চনত কাকিনাদাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত কন্যা স্বেচ্ছাসেৱকৰ ছাত্ৰ নেত্ৰী আছিল। ১৯২৮ চনত মাদ্ৰাজ (বৰ্তমান চেন্নাই) চহৰত ছাইমন কমিচনৰ বিৰুদ্ধে মহিলা ছাত্ৰীৰ ক'লা পতাকা প্ৰদৰ্শনৰ নেত্ৰীও আছিল। ১৯৪৩–১৯৪৮ চনৰ ভিতৰত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল। ইয়াৰ পিছত অলপ সময়ৰ পিছতে ১৯৪৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। ১৯৫৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি বিজয়ৱাড়াৰ পৰা দ্বিতীয় লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
শিশুৰ বৃদ্ধিৰ বিষয়ে ৰখা পৰম্পৰাগত ভুল ধাৰণাবোৰ আঁতৰোৱাৰ লক্ষ্যৰে তেলুগু ভাষাত প্ৰসূতি – ছিছু পোছানা বিষয়ক এখন গ্ৰন্থ লিখিছিল। মহিলাৰ বাবে আলোচনী প্ৰকাশ কৰিছিল।[2] ১৯৪০ চনত ভি ভেংকটাৰমা শাস্ত্ৰীৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়।
মৃত্যু
[সম্পাদনা কৰক]১৯৬৪ চনৰ ২০ অক্টোবৰত আটচামম্বাৰ মৃত্যু হয়।[3] ২০০৬ চনত হায়দৰাবাদত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।[4]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Second Lok Sabha Members". http://164.100.47.194/loksabha/writereaddata/biodata_1_12/1119.htm। আহৰণ কৰা হৈছে: 3 April 2018.
- ↑ Satyavathi, Kondaveeti (May 2009). "Hitha Suchani to Bhumika: Women's Magazines in Telugu". Sparrow Newsletter খণ্ড 61 (16–17): 3–4. Archived from the original on 23 July 2011. https://web.archive.org/web/20110723100603/http://www.sparrowonline.org/downloads/SNL17.pdf। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ "Tenth Session". Lok Sabha Debates খণ্ড 35 (1): 15. 16 November 1964. https://eparlib.nic.in/bitstream/123456789/2951/1/lsd_03_10_16-11-1964.pdf.
- ↑ "In Hyderabad Today". The Hindu. 6 October 2006. Archived from the original on 26 March 2007. https://web.archive.org/web/20070326001455/http://www.hindu.com/2006/10/06/stories/2006100620880300.htm। আহৰণ কৰা হৈছে: 15 October 2010.