কোলেলুট্টু
অৱয়ব
| কোলেজুথু | |
|---|---|
| প্ৰকাৰ | ব্ৰাহ্মী |
| ভাষা | * মালায়ালম |
| সময় | দ্বাদশ-ত্ৰয়োদশ শতিকা |
| মাতৃ লিপি | |
| টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। | |
কোলেজুথু লিপি (ইংৰাজী: Kōlezhuthu), এসময়ত কেৰেলা অঞ্চলত মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা এক আক্ষৰিক বৰ্ণমালা আছিল।[2]
চেৰা পেৰুমালৰ পিছৰ যুগত (প্ৰায় দ্বাদশ শতিকাৰ পৰা) ভাটেলুট্টু লিপিৰ পৰা কোলেজুথুৰ বিকাশ ঘটিছিল।[2] খ্ৰীষ্টীয় ১৮ শতিকালৈকে ইয়াক কেৰালাৰ কিছুমান সম্প্ৰদায়ে (যেনে মুছলমান আৰু খ্ৰীষ্টান) ব্যৱহাৰ কৰিছিল।[2]
এই লিপি লেখাৰ বাবে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ শৈলীৰ পৰাই ইয়াৰ নাম সম্ভৱতঃ কোলেজুথু হৈ পৰিছে। আধুনিক মালয়ালম ভাষাত কোল শব্দই বিশেষ শৈলী বা 'দীঘলীয়া লাঠিৰ দৰে বস্তু'ক বুজায় আৰু এঝুথুৰ অৰ্থ হৈছে 'লিখিত ৰূপ'।[3]
ইউনিক'ড
[সম্পাদনা কৰক]ইউনিকোডত এতিয়াও ইয়াক যোগ কৰা হোৱা নাই, এতিয়ালৈ কোনো প্ৰস্তাৱো দিয়া হোৱা নাই।
- 1 2 K. Rajan (2001). "Territorial Division as Gleaned from Memorial Stones". East and West খণ্ড 51 (3/4): 359–367.
- 1 2 3 4 Narayanan, M. G. S. Perumāḷs of Kerala. Thrissur (Kerala): CosmoBooks, 2013. 379-80 and 398.
- ↑ Languages of Kerala and Lakshwadeep [PLSI Vol. 15]. প্ৰকাশক New Delhi: Orient BlackSwan. 2015. পৃষ্ঠা. 66. ISBN 978-81-250-5627-0.