কোল্লাক্কাইল দেৱকী আম্মা
হেলনীয়া পাঠ্য
| দেৱকী আম্মা | |
|---|---|
আম্মাই লাভ কৰিলে নাৰী শক্তি বঁটা | |
| জন্ম | কোল্লাক্কাইল দেৱকী আম্মা সাঁচ:প্ৰায় মুথুকুলাম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | বনকৰ্মী |
| জনা যায় | নাৰী শক্তি পুৰস্কাৰ |
কোল্লাক্কাইল দেৱকী আম্মা (ইংৰাজী: : Kollakkayil Devaki Ammaজন্ম প্ৰায় ১৯৩৪); এগৰাকী ভাৰতীয় মহিলা যিয়ে গাড়ী দুৰ্ঘটনাৰ পিছত ধান খেতি কৰিবলৈ বাধাগ্ৰস্থ হোৱাৰ ফলত ঘৰৰ ওচৰৰ পথাৰত গছ ৰুবলৈ ধৰিলে। উদ্যান শস্যৰ প্ৰতি থকা প্ৰেম তেওঁৰ ককা দেউতাকৰ পৰা অনুপ্ৰাণিত হৈছিল।[1][2] তেওঁ গোপালকৃষ্ণ পিল্লাইক বিয়া কৰাইছিল, যিজন শিক্ষক আছিল আৰু পথাৰত ধান খেতি কৰিছিল।[3][4] ১৯৮০ চনত দেৱকী আম্মা এখন গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত তেওঁ তিনি বছৰ বিচনাত পৰি থাকে।[3][1]
অৰণ্য
[সম্পাদনা কৰক]দুৰ্ঘটনাৰ পৰা সুস্থ হৈ উঠাৰ পিছত দেৱকী আম্মাই ধাননি পথাৰত কাম কৰিব নোৱাৰাৰ বাবে পিছফালৰ বাৰীত গছ ৰোপণ কৰিবলৈ ধৰিলে। সময়ৰ লগে লগে এই প্ৰকল্পটো ৪.৫ একৰ অৰণ্যলৈ পৰিণত হয়।[1] ইয়াত কৃষ্ণনাল, মেহগনি, আম, কস্তুৰী, পাইন, তৰা আৰু অমিতাকে ধৰি ৩,০০০ৰো অধিক গছ আছে।[3][1] ইয়াৰ উপৰিও বিৰল প্ৰজাতিৰ আন বহুতো উদ্ভিদ আছে আৰু এই হাবিবোৰত আমুৰ ফাল্কন, ব্লুথ্ৰ'ট, ক'লা পাখিৰ ষ্টিল্ট, পেৰাডাইজ ফ্লাইকেচাৰ আৰু পান্নাৰ কপৌ আদি চৰাইৰ বিচৰণ ভূমিত পৰিনত হ’ল ।[3][1][5]দেৱকী আম্মাই তিনি দশকৰো অধিক সময় ধৰি প্ৰায় একেৰাহে এককভাৱে বন পৰিচৰ্যা কৰি আহিছিল, য'ত তেওঁ গৰু, মহ, আৰু গাধৰ সহায় লৈ বৰষুণৰ পানী সংগ্ৰহ কৰিছিল।[5]
বঁটা
[সম্পাদনা কৰক]দেৱকী আম্মাক আলাপ্পুঝা জিলাই সামাজিক বন বঁটা আৰু বিজ্ঞান ভাৰতীয়ে ভূমিত্ৰা পুৰুষৰ বঁটা প্ৰদান কৰে। কেৰেলা ৰাজ্যই তেওঁক হৰি ব্যক্তিৰ পুৰুষাৰ্থ প্ৰদান কৰে।[3] ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা[6] আৰু নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে। পিছৰটো ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক দিছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 A, Sam Paul (4 May 2019). "In 4.5 acres, she nurtures a dense forest" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/kerala/in-45-acres-she-nurtures-a-dense-forest/article27036160.ece.
- ↑ Kesharwani, Sakshi (5 September 2020). "Devaki Amma – An unsung hero" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/readersblog/sakshikesharwani/devaki-amma-an-unsung-hero-25630/.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Adil, Yashfeen (24 September 2019). "Kollakkayil Devaki Amma: The Woman Who Built A Forest". Feminism In India. https://feminisminindia.com/2019/09/25/kollakkayil-devaki-amma-the-woman-who-built-a-forest/.
- ↑ "The woman who gave birth to a forest" (en ভাষাত). Kerala Tourism. https://www.keralatourism.org/kerala-article/2012/kollakkayil-devaki-amma-forest/194। আহৰণ কৰা হৈছে: 9 January 2021.
- ↑ 5.0 5.1 Karelia, Gopi (19 March 2019). "Working for 40 Years, Kerala's 85-YO Devaki Amma Grew a Forest All By Herself!". The Better India. https://www.thebetterindia.com/175425/kerala-devaki-amma-forest-nari-shakti-puraskar-inspiring-woman/.
- ↑ "The woman who gave birth to a forest, Kollakkayil Devaki Amma, Alappuzha, Personal Forest, Attraction, Kerala Tourism" (en ভাষাত). Kerala Tourism. https://www.keralatourism.org/kerala-article/2012/kollakkayil-devaki-amma-forest/194। আহৰণ কৰা হৈছে: 2021-05-30.