সমললৈ যাওক

কোৰাক্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তামিলনাডুৰ সিদ্ধাৰ পৰম্পৰাত কোৰাক্কাৰ প্ৰাচীন কালৰ ১৮ জন সন্মানীয় সিদ্ধাৰৰ ভিতৰত অন্যতম আৰু উত্তৰ ভাৰতত গোৰক্ষনাথ নামেৰে বেছি পৰিচিত।[1] সিদ্ধাৰ অগস্ত্য আৰু সিদ্ধাৰ ব’গাৰ তেওঁৰ গুৰু আছিল। তামিলনাডুৰ নাগাপট্টিনামৰ বডুক্কু পইগাইনালুৰত এটা মন্দিৰ আছে য’ত তেওঁৰ জীৱন সমাধি বিশেষভাৱে আছে।[2] এটা বিৱৰণী অনুসৰি তেওঁ যৌৱনৰ বহু সময় কইম্বাটুৰৰ ভেলিয়াংগিৰি পৰ্বতমালাত কটায়।

কোৰাক্কাৰৰ প্ৰতি সন্মান জনাই আন বিভিন্ন মন্দিৰ আছে; পেৰুৰ, থিৰুচেণ্ডুৰ আৰু ট্ৰিংকোমালিত অৱস্থিত, কেইটামানৰ নাম ল’ব পাৰি। কোৰক্কাৰৰ গুহা সথুৰাগিৰি আৰু কল্লী পাহাৰ দুয়োখনতে পোৱা যায়, য’ত তেওঁ সাধনা কৰা বুলি উল্লেখ কৰা হয়। সহকৰ্মী ১৮ জন সিদ্ধাৰ দৰেই কোৰাক্কাৰেও চিকিৎসা, দৰ্শন আৰু ৰসায়ন বিজ্ঞানৰ সৈতে জড়িত বহু ৰহস্যমজ় তামিল কবিতা লিখিছিল। তেওঁ কিছুমান বিশেষ ৰোগৰ বাবে ঔষধৰ প্ৰস্তুতিত ভাং ব্যৱহাৰ কৰা প্ৰথমসকলৰ ভিতৰত এজন আছিল আৰু সেইবাবেই এই উদ্ভিদটোৰ আন এটা কম পৰিচিত নাম কোৰাক্কাৰ মুলগাই (কোৰাক্কাৰৰ বনৌষধি) আছে।[1][3]

তেওঁৰ ৰচনাসমূহৰ ভিতৰত কোৰক্কাৰ মালাই বাগতম (কোৰাকাৰৰ পৰ্বতৰ ঔষধ),[3] মালাই বাকদম, কোৰাক্কাৰ বৈপ্পু, কালামেগাম, মৰালি বাৰাধাম, নিলায়োদুকম আৰু চন্ধিৰা ৰেগাই নুল আদি।

চন্ধিৰা ৰেগাই নুল নামৰ গ্ৰন্থখনত কোৰাক্কাৰে কবিতাৰ ৰূপত ভৱিষ্যতৰ ভৱিষ্যদ্বাণী লিখি থৈছে। তেওঁ এটা ভৱিষ্যদ্বাণী কৰিছিল, য’ত সিদ্ধাৰ ব’গাৰে আৰু এটা মানৱ জন্ম ল’ব, যেতিয়া এই পৃথিৱীৰ মানুহে পৰম চেতনাৰ ওপৰত বিশ্বাস হেৰুৱাব।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 R. N. Hema (December 2019). Biography of the 18 Siddhars (Thesis). National Institute of Siddha. https://www.researchgate.net/publication/338534110. 
  2. "18 Siddhars". www.satsang-darshan.com. Archived from the original on 12 May 2023. https://web.archive.org/web/20230512081309/https://soonyata.home.xs4all.nl/18siddhars.htm। আহৰণ কৰা হৈছে: 12 May 2023. 
  3. 3.0 3.1 White, David Gordon (2007). The Alchemical Body: Siddha Traditions in Medieval India. University of Chicago Press. পৃষ্ঠা. 111. ISBN 978-0-22614-934-9. https://books.google.com/books?id=pQuqAAAAQBAJ&pg=PA111.