কোৰ্ৰাৱাই

কোৰ্ৰাৱাই (ইংৰাজী: Korravai) স্থানান্তৰত কোট্ৰাৱাই (Kotravai) বুলিও কোৱা হয়, তামিল পৰম্পৰাত যুদ্ধ আৰু বিজয়ৰ দেৱী৷ ইয়াৰ উপৰি তেওঁ মাতৃ দেৱী আৰু উৰ্বৰতা, কৃষি, চিকাৰীৰ দেৱী। তেওঁক কেতিয়াবা দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ তামিল পৰম্পৰাত আন নাম আৰু উপনামেৰেও উল্লেখ কৰা হয়, যেনে আথা (Atha), মাৰি (Mari), চুলি (Suli), আৰু নীলি (Neeli)।[1][2] তেওঁক আদিম শাক্ত দেৱী পাৰ্বতীৰ এক অৱতাৰ বুলি গণ্য কৰা হয়।[3]
তামিল সংগম সাহিত্যৰ আদিম দেৱীসকলৰ ভিতৰত তেওঁ অন্যতম, আৰু পিছৰ তামিল সাহিত্যতো তেওঁৰ বিষয়ে পোৱা যায়। প্ৰাচীন তামিল কাব্য পৰিপাতালৰ বহুতো কবিতাত তেওঁৰ উল্লেখ আছে লগতে এই কাব্যৰ আৱিষ্কাৰ হোৱা কবিতাবোৰৰ ভিতৰত তেওঁৰ বাবে উৎসৰ্গিত কবিতাও পোৱা যায়।[4][5] পট্টুপ্পাট্টু সংকলন – খ্ৰীষ্টপূৰ্ব ৩০০ চনৰ পৰা ৩০০ খ্ৰীষ্টাব্দৰ ভিতৰৰ দীঘলীয়া তামিল কাব্য গ্ৰন্থসমূহতো তেওঁৰ উল্লেখ আছে, যেনে নেতুনালভাটাই (Neṭunalvāṭai), মাতুৰাইকাঞ্চি (Maturaikkanci), পোৰুণাৰাৰুপ্পাটাই (Poruṇarāṟṟuppaṭai), আৰু পট্টিনাপ্পালাই (Paṭṭiṉappālai) আদি।[6] তামিল মহাকাব্য চিলাপ্পাদিকাৰম (Silappadikaram, প্ৰায় ২য় শতিকাত ৰচিত)ত তেওঁক পালাই অঞ্চলৰ দেৱী বুলি কোৱা হৈছে।
তেওঁৰ নামটো তামিল শব্দ কোৰৰামৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "বিজয়, সফলতা, সাহস"।[7] প্ৰাচীন সংগম সাহিত্যৰ আদিতম গ্ৰন্থ বুলি গণ্য কৰা প্ৰাচীন তামিল ব্যাকৰণ টোল্কাপ্পিয়ামত (Tolkappiyam) তেওঁৰ প্ৰাৰম্ভিক উল্লেখ পোৱা যায়।
তেওঁক মাতৃ দেৱী তথা কৃষিক্ষেত্ৰত উৰ্বৰতা আৰু সফলতাৰ প্ৰতীক হিচাপেও উপস্থাপন কৰা হয়।[8] পৰম্পৰাগত গ্ৰাম্য সম্প্ৰদায়ে প্ৰথম শস্য চপাই তেওঁলৈ উৎসৰ্গা কৰে।[9] ছিলাপ্পাদিকাৰম (Silappadikaram) আৰু অগনানুৰুৰ (Agananuru) দৰে কিছুমান গ্ৰন্থত তেওঁক ৰক্তপিপাসু যুদ্ধ দেৱী হিচাপে উল্লেখ কৰা হৈছে, য’ত কোৱা হৈছে যে যোদ্ধা ভক্তসকলে উন্মাদ হৈ দেৱীলৈ নিজৰ মূণ্ড আগবঢ়াই দিয়ে।[9]
তামিলনাডুত কৃষ্ণসাৰ মৃগক (কলাইমান) তামিল দেৱী কোৰাভাইৰ বাহন বুলি গণ্য কৰা হয়৷[10][11] তেওঁক কেতিয়াবা সিংহত উঠি যোৱা অৱস্থাতো চিত্ৰিত কৰা হয়, যেনে তামিলনাডুৰ মহাবলীপুৰমত সপ্তম শতিকাৰ স্মৃতিসৌধত থকা মূৰ্তিত দেৱীৰ বাহন হিচাপে সিংহ দেখা যায়। মহাবলীপুৰমৰ ভাৰাহ মণ্ডপামত পোৱা শিলালিপিত সিংহ আৰু কৃষ্ণসাৰ দুয়োটাকে থিয় হৈ থকা কোৰাভাইৰ সৈতে দেখুওৱা হৈছে।[12]
কেইবাখনো হাতত বিভিন্ন অস্ত্ৰ লৈ থকা দেৱী হিচাপে কোৰাবাইক চিত্ৰিত কৰা হৈছে। পাৰ্বতীৰ অৱতাৰ হিচাপে এই দেৱী শিৱকে ধৰি তামিল হিন্দু দেৱতা মুৰুগান আৰু তেওঁৰ অন্য সন্তানসকলৰ প্ৰকৃত মাতৃ বুলি কোৱা হয়। জীৱ-জন্তু আৰু উদ্ভিদৰ বলি আৰু নৃত্যৰ ৰীতি-নীতিৰে এই দেৱীৰ পূজাৰ অনুষ্ঠিত কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Barbara Schuler (2009). Of Death and Birth: Icakkiyamman, a Tamil Goddess. Otto Harrassowitz Verlag. পৃষ্ঠা. 28 with note 1.1. ISBN 978-3-447-05844-5. https://books.google.com/books?id=wj76rDfgTCYC&pg=PA28.
- ↑ Nicholapillai Maria Saveri (1993). A Catholic-Hindu Encounter: Relations Between Roman Catholics and Hindus in Jaffna, Sri Lanka, 1900-1926. Centre for Performing Arts. পৃষ্ঠা. 170. https://books.google.com/books?id=wBXZAAAAMAAJ.
- ↑ (en ভাষাত) Asian Folklore Studies. Nanzan University Institute of Anthropology. 1984. পৃষ্ঠা. 140. https://books.google.com/books?id=savhAAAAMAAJ&q=kotravai+parvati.
- ↑ Elizabeth Rani Segran (2012). The River Speaks: The Vaiyai Poems from the Paripatal. Penguin Books. পৃষ্ঠা. 47. ISBN 978-81-8475-694-4. https://books.google.com/books?id=DnwruNVgFUkC&pg=PT47.
- ↑ Ca. Vē Cuppiramaṇiyan̲; R. Vijayalakshmy (1983). Philosophical Heritage of the Tamils. International Institute of Tamil Studies. পৃষ্ঠা. 138. https://books.google.com/books?id=5gnRAAAAMAAJ.
- ↑ JV Chelliah (1946), Pattupattu - Ten Tamil Idylls (Tamil Verses with Englilsh Translation), Tamil University (1985 print), pp. xv–xxvi, 1–12
- ↑ Zvelebil, Kamil (1992). Companion Studies to the History of Tamil Literature. BRILL. পৃষ্ঠা. 21–22 with footnotes. ISBN 90-04-09365-6. https://books.google.com/books?id=qAPtq49DZfoC.
- ↑ R. Mahalakshmi (2011). The Making of the Goddess: Kor̲r̲avai-Durgā in the Tamil Traditions. Penguin Books. পৃষ্ঠা. 1–7, Chapter 1 and 2. ISBN 978-0-14-341742-2. https://books.google.com/books?id=Z7R9tgAACAAJ.
- ↑ 9.0 9.1 Vijaya Ramaswamy (2017). Historical Dictionary of the Tamils. Rowman & Littlefield Publishers. পৃষ্ঠা. 195–196. ISBN 978-1-5381-0686-0. https://books.google.com/books?id=ALUvDwAAQBAJ.
- ↑ van der Geer, A. (2008). Animals in Stone : Indian Mammals Sculptured through Time. প্ৰকাশক Leiden, South Holland (Netherlands): Brill. পৃষ্ঠা. 57–58. ISBN 9789004168190. https://archive.org/details/animalsstoneindi00geer.
- ↑ Krishna, N. (2010). Sacred Animals of India. প্ৰকাশক New Delhi, India: Penguin Books India. ISBN 9780143066194.
- ↑ Harle, James (1963). "Durgā, Goddess of Victory". Artibus Asiae খণ্ড 26 (3/4): 237–246. doi:10.2307/3248984.