সমললৈ যাওক

কৌশল্যা ফাৰ্ণাণ্ডো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৌশল্যা ফাৰ্ণাণ্ডো
කෞෂල්‍යා ප්‍රනාන්දු
জন্ম জুলাই ৩০ , ১৯৬৩ (৬৩ বছৰ)
ৱেয়াংগোডা
শিক্ষা চেইণ্ট পোলছ গাৰ্লছ স্কুল, মিলাগিৰিয়া
পেচা অভিনেত্ৰী, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৭৯–বৰ্তমান
দাম্পত্যসঙ্গী চন্দনা আলুথগে
পিতৃ-মাতৃ লিয়োনেল ফাৰ্ণাণ্ডো
সোমলতা চুবাসিংঘে
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰী
শ্ৰেষ্ঠ সহ-অভিনেত্ৰী

কৌশল্যা ফাৰ্ণাণ্ডো (ইংৰাজী: Kaushalya Fernando), এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, পৰিচালক, প্ৰযোজক আৰু নাগৰিক কৰ্মী।[1][2] ফাৰ্ণাণ্ডোৱে ৰাজ্যিক নাট্য মহোৎসৱত পাঁচবাৰকৈ সন্মানীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। তেওঁ জনপ্ৰিয় নাট্য পৰিচালক প্ৰয়াত সোমলতা চুবাসিংঘেৰ কন্যা।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

লিয়োনেল ফাৰ্ণাণ্ডো আৰু সোমলতা চুবাসিংঘেৰ কন্যা হিচাপে কৌশল্যাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ লিয়োনেল এজন অসামৰিক বিষয়া আৰু প্ৰাক্তন ৰাষ্ট্ৰদূত আছিল। তেওঁৰ মাতৃ সোমলতা এগৰাকী সুপৰিচিত নাট্যকাৰ আৰু নাট্য পৰিচালক। তেওঁৰ এগৰাকী ভগ্নী আছে। তেওঁৰ ককাক-আইতাক শিক্ষক আছিল আৰু ৱেয়াংগোডাত বাস কৰিছিল। তেওঁ চাৰিখন বিদ্যালয়ত অধ্যয়ন কৰিছিল— প্ৰথমে অনুলা কলেজ, তাৰ পিছত গৌতমী বালিকা বিদ্যালয় আৰু সুজাতা কলেজ, আৰু শেষত চেইণ্ট পোলছ গাৰ্লছ স্কুল, মিলাগিৰিয়া।[4] কলাৰ উপৰি তেওঁ এজন এথলেটিক চেম্পিয়ন আছিল আৰু জিলা পৰ্যায়ত ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ওখ জঁপোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ কলম্বো বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। সেই সময়তে অধ্যাপক শিৰোমণি ফাৰ্ণাণ্ডোৱে তেওঁক প্ৰশিক্ষাৰ্থী ইংৰাজী প্ৰশিক্ষক হিচাপে বিভাগটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। তেওঁ ইয়াক গ্ৰহণ কৰে আৰু তাৰ পিছত ইংৰাজী ভাষা শিক্ষণত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে। তেওঁ ১৯৯৯ চনত স্থায়ী কৰ্মচাৰী হিচাপে এই বৃত্তি ত্যাগ কৰে আৰু অতিথি নিৱন্ধক হিচাপে কাম কৰি থাকে।[4]

তেওঁ ড° চন্দনা আলুথগেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ হাইমি আৰু হংস নামৰ যমজ সন্তান আছে।[5] তেওঁৰ স্বামী কলম্বো বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত কৰ্মৰত।[4]

অভিনয় জীৱন

[সম্পাদনা কৰক]

শৈশৱৰেপৰাই তেওঁৰ নাট্যজগতৰ প্ৰতি প্ৰতিভা আছিল। মাত্ৰ ৮ বছৰ বয়সতে তেওঁৰ শিক্ষয়িত্ৰী সুনেত্ৰা সাৰচ্চন্দ্ৰৰ উৎসাহত তেওঁ প্ৰথমবাৰৰ বাবে এখন মঞ্চ নাটক লিখিছিল আৰু পৰিচালনা কৰিছিল।[6]

১৯৭৯ চনত কৌশল্যায় তেওঁৰ মাতৃৰদ্বাৰা পৰিচালিত পুঞ্চি অপাত দং থেৰেই নামৰ নাটখনত এজন অভিনেতাৰ অনুপস্থিতিত শেষ মুহূৰ্তত সলনি হিচাপে হঠাতে অভিনয় কৰাৰ সুযোগ পায়। ইয়াৰ পিছত তেওঁ বিকৃতি নামৰ নাটখনত এটা সৰু চৰিত্ৰত অভিনয় কৰে। তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা আছিল সুগথপালা ডি ছিলভাৰ নাটক মাৰাচাদ। এই নাটখনত কৰা অভিনয়ৰ বাবে তেওঁ ৰাজ্যিক নাট্য মহোৎসৱত বিশেষ প্ৰশংসা লাভ কৰিছিল। ইয়াৰ পিছতে ধৰ্মাসিৰি বন্দৰনায়ক, কে.বি. হেৰাথ, ৰঞ্জিনী অবেচেকেৰা আৰু প্ৰেমাসিৰি খেমাডাচাৰ দৰে প্ৰখ্যাত পৰিচালসকলে কৌশল্যাৰ প্ৰতিভা চিনাক্ত কৰিবলৈ সক্ষম হয়।[6][7] ১৯৯৪ চনত তেওঁ মাতৃয়ে নিৰ্মাণ কৰা এণ্টিগনি নাটকত অভিনয় কৰে, যাৰ বাবে তেওঁ ১৯৯৫ চনৰ ৰাজ্যিক নাট্য মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ১৯৯৫ চনত তেওঁ ডোনা কাথিৰিনা নাটকত অভিনয় কৰে। এই চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ১৯৯৬ চনৰ ৰাজ্যিক নাট্য মহোৎসৱত পুনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[8]

২০০৫ আৰু ২০০৯ চনত তেওঁ বিশ্ব চলচ্চিত্ৰৰ মক্কা স্বৰূপ ২০০৫ চনৰ কান চলচ্চিত্ৰ মহোৎসৱ আৰু ২০০৯ চনৰ ৬৬সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত ৰঙা দলিচাত খোজ দিয়া মুষ্টিমেয় শ্ৰীলংকান শিল্পীৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়।[5][9]

তেওঁ অতি কমসংখ্যক টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে যদিও সেইসমূহ শ্ৰীলংকাৰ টেলিড্ৰামা ইতিহাসত স্মৰণীয় হৈ ৰৈছে। ধাৰাবাহিক দুনহিন্দা আড্ডাৰা তেওঁ অভিনয় কৰা প্ৰথমখন টেলিড্ৰামা।[10] পৰৱৰ্তী সময়ত তেওঁ দিয়াকতা পাহানা, ৱনাস্পতি, ইচুৰু গিৰা, সেডোনা আৰু থাত্থাকে ধৰি কেইবাখনো টেলিড্ৰামাত অভিনয় কৰে।[11][12] দুনহিন্দা আড্ডাৰাত কৰা অভিনয়ৰ বাবে তেওঁ অ’চিআইচি (OCIC) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰিছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sri Lankan actresses - Kaushalya Fernando". Sinhala Cinema Database. https://www.films.lk/sinhala-cinema-artist-kaushalya-fernando-445.html আহৰণ কৰা হৈছে: 14 April 2019.[সংযোগবিহীন উৎস]
  2. "අපි රඟපාන්නෙ මිනිස්සුන්ගේ ජීවිත සෙල්ලම් කරන්න බෑ: Kaushalya Fernando". sarasaviya.lk. Archived from the original on 30 April 2025. https://web.archive.org/web/20250430222407/https://sarasaviya.lk/%E0%B6%85%E0%B6%B4%E0%B7%92-%E0%B6%BB%E0%B6%9F%E0%B6%B4%E0%B7%8F%E0%B6%B1%E0%B7%8A%E0%B6%B1%E0%B7%99-%E0%B6%B8%E0%B7%92%E0%B6%B1%E0%B7%92%E0%B7%83%E0%B7%8A%E0%B7%83%E0%B7%94%E0%B6%B1%E0%B7%8A%E0%B6%9C/ আহৰণ কৰা হৈছে: 9 June 2025.
  3. "Kaushalya Fernando". National Film Corporation of Sri Lanka. Archived from the original on 14 April 2019. https://web.archive.org/web/20190414173001/http://www.nfc.gov.lk/artist/kaushalya-fernando-329/ আহৰণ কৰা হৈছে: 14 April 2019.
  4. 1 2 3 ""I like to play tragic characters" - Kaushalya Fernando". The Nation. https://www.nation.lk/2009/08/09/eyefea2.htm আহৰণ কৰা হৈছে: 14 April 2019.
  5. 1 2 "Life on stage and screen". Daily News. http://archives.dailynews.lk/2011/05/20/fea22.asp আহৰণ কৰা হৈছে: 14 April 2019.
  6. 1 2 3 ""Theatre made me the person I am"- Kaushalya Fernando". Sunday Observer. http://archives.sundayobserver.lk/2003/11/16/fea21.html আহৰণ কৰা হৈছে: 14 April 2019.
  7. "Kalumaali - A fairytale for adults". zimbio. https://www.pressreader.com/sri-lanka/daily-mirror-sri-lanka/20121205/282007554695779 আহৰণ কৰা হৈছে: 14 April 2019.
  8. "Why villages, why me ... why thrones ...". Sarasaviya. http://www.sarasaviya.lk/stage-dramas/2021/05/06/20393/නම්-ගම්-මට-කුමටද-සිංහාසන-කුමටද আহৰণ কৰা হৈছে: 2021-05-06.
  9. "66th International Vencie Film Festival - 'Ahasin Weti' Photocall". zimbio. http://www.zimbio.com/Kaushalya+Fernando/pictures/pro আহৰণ কৰা হৈছে: 14 April 2019.
  10. "All the doors to our enjoyment are closed - Kaushalya Fernando". Silumina. http://www.silumina.lk/2021/05/28/රසඳුන/අපේ-රසවින්දනයේ-සියලු-දොරටු-වැහිලා আহৰণ কৰা হৈছে: 2021-06-04.
  11. "Thaththa mini series". imdb. https://www.imdb.com/title/tt8837006/?ref_=tt_mv আহৰণ কৰা হৈছে: 14 April 2019.
  12. "Chat With Kaushalya Fernando". gossiplankalive1. http://gossiplankalive1.blogspot.com/2013/05/chat-with-kaushalya-fernando.html আহৰণ কৰা হৈছে: 14 April 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]