সমললৈ যাওক

কৌস্তুভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৌস্তুভ মণি ধাৰণ কৰা বিষ্ণুৰ চিত্ৰ, কাষত শ্ৰীদেৱী, ভূদেৱী, আৰু নীলা দেৱী

কৌস্তুভ (সংস্কৃত: कौस्तुभ, ৰোমানীকৃত: Kaustubha, আক্ষৰিক অৰ্থ: 'চূড়াৰ মণি') হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এটা ঐশ্বৰিক ৰত্ন বা মণি।[1] এই ৰত্ন বিষ্ণুৱে ধাৰণ কৰে বাবে তেওঁক কৌস্তুভধাৰী উপাধি প্ৰদান কৰা হয়। হিন্দু শাস্ত্ৰত ইয়াক সৃষ্টিৰ সকলোতকৈ মূল্যবান ৰত্না বুলি বিশ্বাস কৰা হয়, ক্ষীৰ সাগৰসমুদ্ৰ মন্থনৰ সময়ত এই মণিৰ উদ্ভৱ হৈছিল আৰু ইয়াক ঐশ্বৰিক কৰ্তৃত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়।[2]

কিংবদন্তি

[সম্পাদনা কৰক]

হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা অনুসৰি অমৰত্ব লাভৰ অমৃত আহৰণ কৰাৰ উদ্দেশ্যে দেৱতা আৰু অসুৰসকলে ক্ষীৰ সাগৰ মন্থন (সমুদ্ৰ মন্থন) কৰিছিল। এই প্ৰক্ৰিয়াত সাগৰৰ পৰা চৈধ্যটা মণি (ৰত্ন) উদ্ভৱ হৈছিল। এই ঐশ্বৰ্যসমূহৰ ভিতৰত প্ৰথম প্ৰথমে কৌস্তুভ মণিৰ উদ্ভৱ হৈছিল, যাক "উৎকৃষ্ট ৰত্ন, পদুম ৰঙৰ বাখৰ (ৰুবী)" বুলি বৰ্ণনা কৰা হৈছে।[3]

স্কন্দ পুৰাণত কৌস্তুভৰ বৰ্ণনা এনেদৰে দিয়া হৈছে:[4]

মন্থন কৰা সাগৰৰ পৰা সূৰ্য্যসম দিপ্তিমান এটা অতি উজ্জ্বল, অতি উত্তম ৰত্ন ওলাই আহিল। ইয়াৰ নাম আছিল কৌস্তুভ। নিজৰ উজ্জ্বলতাৰে ই ত্ৰিজগতক আলোকিত কৰিছিল। চিন্তামণিক (এটা অলৌকিক শিল) সন্মুখত ৰাখি তেওঁলোকে দেখিলে যে কৌস্তুভে জগত উজ্জ্বল কৰি তুলিছে। সকলো সুৰে কৌস্তুভ বিষ্ণুক অৰ্পন কৰিলে। শক্তিশালী সুৰ আৰু অসুৰসকলে কামুকভাৱে গৰ্জন কৰি চিন্তামণিক মাজত ৰাখি পুনৰ সাগৰ মন্থন কৰিবলৈ ধৰিলে।

 স্কন্দ পুৰাণ, একাদশ খণ্ড, শ্লোক ৫১ - ৫৩

মহাভাৰতত কৃষ্ণই কৌস্তুভ মণি পিন্ধিছিল বুলি বৰ্ণনা কৰা হৈছে৷[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2015-08-16). "Kaustubha: 26 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/kaustubha আহৰণ কৰা হৈছে: 2022-08-02.
  2. (en ভাষাত) The Rāmāyaṇa of Vālmīki: An Epic of Ancient India, Volume VI: Yuddhakāṇḍa. Princeton University Press. 2017-01-24. পৃষ্ঠা. 612. ISBN 978-0-691-17398-6. https://books.google.com/books?id=uXCYDwAAQBAJ&dq=kaustubha+gem&pg=PA612.
  3. www.wisdomlib.org (2020-03-01). "Churning of the Ocean: Birth of Fourteen Precious Jewels [Chapter 12"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc371751.html আহৰণ কৰা হৈছে: 2022-08-02.
  4. www.wisdomlib.org (2019-12-17). "Procedure of Gaṇeśa Worship: Manifestation of Lakṣmī [Chapter 11"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc365958.html আহৰণ কৰা হৈছে: 2022-08-02.
  5. www.wisdomlib.org (2015-01-09). "Lord Krishna Benedicts the Imprisoned Kings [Chapter 5"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/mahabharata/d/doc118385.html আহৰণ কৰা হৈছে: 2022-08-02.