ক্লাইমেন (ইয়াপেটাছৰ পত্নী)
ক্লাইমেন | |
---|---|
অ'চেনিড-ৰ সদস্য | |
সঙ্গী | ইয়াপেটাছ |
পিতৃ-মাতৃ | অচেনাছ আৰু টেথিছ |
সহোদৰ | অ'চেনিড, নদী দেৱতাসকল |
সন্তান | এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছ |
ক্লাইমেন (/ˈklɪmɪniː, ˈklaɪ-/;[1][2] প্ৰাচীন গ্ৰীক: Κλυμένη, Kluménē, ইংৰাজী: Clymene বা Klymene, অৰ্থাৎ "বিখ্যাত"[3]) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ।
শ্ৰুতিকথা
[সম্পাদনা কৰক]গ্ৰীক শ্ৰুতিকথা অনুসৰি ক্লাইমেন টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা।[4][5][6] তেওঁ খুড়াক/মোমায়েক ইয়াপেটাছক বিয়া কৰায় আৰু তেওঁৰ ঔৰসত এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ হয়।[7] অন্য কিছুমান সংস্কৰণত তেওঁৰ ভগ্নী এছিয়াৰ বিষয়েও একেখিনি কথাকে পোৱা যায়।[8] কিছুমান যংস্কৰণত ক্লাইমেনক প্ৰমিথিউছৰ পত্নী আৰু তেওঁৰ দ্বাৰা ডিউকেলিয়নৰ মাতৃ বুলিও পোৱা যায়।[9] কিছুমান সংস্কৰণত তেওঁক জ্যুছৰ কন্যা নিমোচিনিৰ মাতৃ বুলি উল্লেখ হৈছে।[10] কিছুমান শ্ৰুতিকথাত ক্লাইমেনক চাইৰিনৰ এগৰাকী অন্যতম নিম্ফ বুলিও কোৱা হয়।[11]
হেলিঅ'ছৰ এগৰাকী অন্যতম প্ৰেমিকাৰ নামো ক্লাইমেন৷ তেওঁৰ পিতৃ-মাতৃও অ'চেনাছ আৰু টেথিছ (আৰু সেয়েহে তেওঁৰ ভগ্নী আৰু সহযোগী অ'চেনিড)।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Russell, William F. (1989). Classic myths to read aloud. প্ৰকাশক New York: Three Rivers Press. ISBN 9780307774439. https://books.google.com/books?id=bwbdTRXHAtoC&pg=PT105.
- ↑ Barchers, Suzanne I. (2001). From Atalanta to Zeus : readers theatre from Greek mythology. প্ৰকাশক Englewood, Colo.: Teacher Ideas Press. পৃষ্ঠা. 192. ISBN 9781563088155. https://archive.org/details/fromatalantatoze00barc.
- ↑ Liddell & Scott (1940), A Greek–English Lexicon, Oxford: Clarendon Press, Κλύμενος
- ↑ Hesiod, Theogony 351
- ↑ Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41.
- ↑ Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 36, 87. ISBN 9780786471119.
- ↑ Hesiod, Theogony 508; Hyginus, Fabulae Preface; Scholiast on Pindar, Olympian Odes 9.68
- ↑ Apollodorus, 1.2.3
- ↑ Dionysius of Halicarnassus, Antiquitates Romanae 1.17.3; Scholia on Pindar, Olympian Ode 9.81; on Homer, Odyssey 10.2
- ↑ Hyginus, Fabulae Preface
- ↑ Virgil, Georgics 4.345
- ↑ Hard Robin, pg. 44