ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান
অৱয়ব
| ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান | |
|---|---|
| ভাৰতৰ ত্ৰিপুৰাত অৱস্থিতি | |
| অৱস্থান | ত্ৰিপুৰা, ভাৰত |
| মাটিকালি | ৫.০৮ বৰ্গ কি.মি. (50,80,000 বৰ্গ মিটাৰ) |
| প্ৰতিস্থা | ২০০৭ |
| কৰ্তৃপক্ষ | ত্ৰিপুৰা ফৰেষ্ট ডেভেলপমেণ্ট এণ্ড প্লেণ্টেশ্যন কৰ্পোৰেশ্যন লিমিটেড |
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Clouded Leopard National Park) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।[1][2] ই চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উদ্যানখন প্ৰায় ৫.০৮ বৰ্গ কিলোমিটাৰ (১.৯৬ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত।[3] ই চচমা-চকুৱা বান্দৰকে ধৰি চাৰিটা ভিন্ন প্ৰজাতিৰ বান্দৰৰ বাসস্থান।[4]
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান, ৰাজ্যখনৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা ২৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। উদ্যানখনৰ নিকটতম বিমানবন্দৰটো হʼল মহাৰাজ বীৰ বিক্ৰম বিমানবন্দৰ। উদ্যানখনৰ পৰা বিমানবন্দৰৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Tripura to set up National Park for Clouded Leopard". Oneindia.com. 11 May 2007. https://www.oneindia.com/2007/05/11/tripura-to-set-up-national-park-for-clouded-leopard-1178872828.html। আহৰণ কৰা হৈছে: 23 April 2019.
- ↑ "Protected area network in India". Ministry of Environment and Forests, Government of India. পৃষ্ঠা: 28. http://moef.nic.in/downloads/public-information/protected-area-network.pdf। আহৰণ কৰা হৈছে: 2 April 2012.
- ↑ "Tripura Forest". Archived from the original on 31 May 2014. https://web.archive.org/web/20140531124525/http://tfdpc.com/about2.htm। আহৰণ কৰা হৈছে: 8 March 2013.
- ↑ "Top 10 National Parks to Spot Clouded Leopard in India". walkthroughindia.com. 20 October 2016. Archived from the original on 14 December 2024. https://web.archive.org/web/20241214032700/https://www.walkthroughindia.com/wildlife/top-10-national-parks-spot-clouded-leopard-india/। আহৰণ কৰা হৈছে: 12 January 2025.