সমললৈ যাওক

ক্লাৰা আবকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্লাৰা আবকাৰ
স্থানীয় নাম کلارا آبکار
জন্ম ১৯১৬
তেহৰাণ, কাজাৰ ইৰাণ
মৃত্যু ২০ মাৰ্চ, ১৯৯৬
ইৰাণ
সমাধিস্থল নৰ বুৰেষ্টান চিমেট্ৰী
অন্য নাম Կլարա Աբգար
জনা যায় ডিজাইন
উল্লেখযোগ্য কৰ্ম "পিৰ্জান" আৰু "চুলতান চঞ্জাৰ"

ক্লাৰা আবকাৰ (ইংৰাজী: Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল।[1][2] তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী। তেওঁৰ নামটো ক্লাৰা আবগাৰ, ক্লাৰা আবগাৰিয়ান আৰু ক্লাৰা আবকাৰিয়ান বুলিও লিখা দেখা যায়।

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ক্লাৰা আবকাৰ ইৰাণৰ ইছফাহানৰ আৰ্মেনিয়ান কোৱাৰ্টাৰ নিউ জুলফাৰ এটা আৰ্মেনিয়ান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ ১৯১৬ চনত কাজাৰ ইৰাণৰ তেহৰাণত জন্ম হৈছিল। ক্লাৰাই আৰ্মেনিয়ান স্কুল ডাভোটিয়ানত অধ্যয়ন কৰিছিল, যাক পিছলৈ কোছেছ বুলি কোৱা হৈছিল। স্কুলীয়া দিনত মাৰ্কাৰ কাৰাবাঘিয়ান আৰু হাকুপ ভাৰ্টানিয়ানৰ লগত তেওঁ চিত্ৰকলা শিকিছিল। ইৰাণী ডাকটিকটৰ ডিজাইনাৰ মহম্মদ মেহৰোভান[3]ৰ অধীনত ইৰাণৰ পৰম্পৰাগত চিত্ৰকলা আৰু ক্ষুদ্ৰ চিত্ৰও অধ্যয়ন কৰিছিল। তেওঁ হাই একাডেমী অৱ ফাইন আৰ্টছত অধ্যয়ন কৰিছিল।

তেওঁৰ ক্ষুদ্ৰ চিত্ৰসমূহত ঘোঁৰা চলোৱাৰ দৃশ্য, স্থিৰ জীৱন, ফুল, ওমৰ খায়াম, আত্তাৰ, শ্বেখ আহমদৰ সমাধিক্ষেত্ৰ আৰু লগতে ফিৰোজাবাদী আৰু আলিয়াবাদ টাৱাৰৰ বিশেষ স্থান আছিল।

তেওঁ কেতিয়াও নিজৰ শিল্প কৰ্মবোৰ বিক্ৰীৰ বাবে দিয়া নাছিল।[4][5] ক্ষুদ্ৰ চিত্ৰকলাৰ বাবে শিল্পীগৰাকীৰ প্ৰিয় বিষয় আছিল ঘোঁৰা চলোৱাৰ দৃশ্য, ষ্টীল লাইফ পেইণ্টিং, ফুল আৰু খায়্যামৰ সমাধি আৰু আত্তাৰ। বাজাম সমাৱেশৰ চিত্ৰণতো তেওঁ পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত অনুশিৰভান আৰু বজোৰগমেহৰ, শ্বেকাৰ-এ বাহৰাম, ইউছেফ আৰু জুলিখা, দ্য ওল্ড ওমেন আৰু আহমদ সঞ্জাৰ, মাজলেছে শ্বেখ ছান'আন, দ্য ভয়ংকৰ গাৰ্ল, বাজম আৰু বাদে এছঘ আদি অন্যতম। আবকাৰে বহুতো উল্লেখযোগ্য সোণালী চিত্ৰও নিৰ্মাণ কৰিছিল, তেওঁৰ অষ্টকোণীয়া সোণ পাতৰ ৰং চৰোৱা পেইজলি ডিজাইন বিশেষভাৱে বিখ্যাত আছিল।[6][7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "۱۰۰ زن نخست ایران در حوزه‌های مختلف" (fa ভাষাত). BBC News فارسی. 2013-10-10. https://www.bbc.com/persian/iran/2013/10/131010_100women_first_nm। আহৰণ কৰা হৈছে: 2023-09-25. 
  2. "هنرمندی که آثارش را زنان تاثیرگذار ایران؛ کلارا آبکار،". Iran Wire. https://iranwire.com/fa/blogs/43602-%D8%B2%D9%86%D8%A7%D9%86-%D8%AA%D8%A7%D8%AB%DB%8C%D8%B1%DA%AF%D8%B0%D8%A7%D8%B1-%D8%A7%DB%8C%D8%B1%D8%A7%D9%86-%DA%A9%D9%84%D8%A7%D8%B1%D8%A7-%D8%A2%D8%A8%DA%A9%D8%A7%D8%B1-%D9%87%D9%86%D8%B1%D9%85%D9%86%D8%AF%DB%8C-%DA%A9%D9%87-%D8%A2%D8%AB%D8%A7%D8%B1%D8%B4-%D8%B1%D8%A7-%D9%86%D9%85%DB%8C%D9%81%D8%B1%D9%88%D8%AE%D8%AA/. 
  3. "کلارا آبکار". rasekhoon.net. https://rasekhoon.net/mashahir/show/592691। আহৰণ কৰা হৈছে: 2023-09-25. 
  4. "زندگینامه : کلارا آبکار (۱۲۹۴-۱۳۷۵)" (fa ভাষাত). www.hamshahrionline.ir. 2011-07-10. https://www.hamshahrionline.ir/news/139934/%D8%B2%D9%86%D8%AF%DA%AF%DB%8C%D9%86%D8%A7%D9%85%D9%87-%DA%A9%D9%84%D8%A7%D8%B1%D8%A7-%D8%A2%D8%A8%DA%A9%D8%A7%D8%B1-%DB%B1%DB%B2%DB%B9%DB%B4-%DB%B1%DB%B3%DB%B7%DB%B5। আহৰণ কৰা হৈছে: 2023-09-25. 
  5. "نخستين مينياتوريست زن – DW – ۱۳۹۹/۸/۱۳" (fa ভাষাত). dw.com. https://www.dw.com/fa-ir/%D9%86%D8%AE%D8%B3%D8%AA%D9%8A%D9%86-%D9%85%D9%8A%D9%86%D9%8A%D8%A7%D8%AA%D9%88%D8%B1%D9%8A%D8%B3%D8%AA-%D8%B2%D9%86/a-55480472। আহৰণ কৰা হৈছে: 2023-09-25. 
  6. Բախչինյան, Արծվի (2002). Հայազգի գործիչներ :հնագույն ժամանակներից մինչեւ մեր օրերը; կենսագրական հանրագիտակ. Երևան: Տաթև գիտակրթական համալիր Զանգակ-97. p. 171-72. ISBN 99930-2-415-5.. 
  7. Navasargian, Alice (1997). Iran - Armenia: Golden Bridges: 20th Century Iranian-Armenian Painters. Glendale: AAA Publishing House. p. 98-103. ISBN 978-0-9697620-0-3..