সমললৈ যাওক

ক্লেয়াৰ হ'ল্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্লেয়াৰ হ'ল্ট

২০১৭ চনত হ'ল্ট
জন্ম ক্লেয়াৰ ৰিয়ানন হ'ল্ট
১১ জুন, ১৯৮৮ (৩৮ বছৰ)
ব্ৰিচবেন, কুইন্সলেণ্ড, অষ্ট্ৰেলিয়া
নাগৰিকত্ব
  • অষ্ট্ৰেলিয়া
  • আমেৰিকা যুক্তৰাষ্ট্ৰ[1]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী
  • মেট কাপলান (বি. ২০১৬; বিবি. ২০১৭)
  • এণ্ড্ৰিউ জবলন (বি. ২০১৮)
সন্তান
ৱেবছাইট
thecornerbyclaire.com

ক্লেয়াৰ ৰিয়ানন হ'ল্ট (জন্ম ১১ জুন ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান অভিনেত্ৰী।[2] ২০০৯ চনত আমেৰিকালৈ গৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ ফেণ্টাছি ধাৰাবাহিক এইচ টু অ': জাষ্ট এড ৱাটাৰ (২০০৬–২০০৮)-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল। ২০১১ চনত টেলিভিছন ছিকুৱেল মীন গাৰ্লছ ২ আৰু প্ৰিটি লিটল লায়াৰ্ছ-ৰ প্ৰথম দুটা ছিজনত অভিনয় কৰাৰ পাছত, তেওঁ দ্য চিডব্লিউৰ অতিপ্ৰাকৃতিক ড্ৰামা ধাৰাবাহিক দ্য ভাম্পায়াৰ ডায়েৰীজ (২০১১–২০১৪), দ্য অৰিজিনেলছ (২০১৩–২০১৮) আৰু লেগেচিছ (২০২১–২০২২)-ত ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত অভিনয় কৰি বিশেষ সফলতা লাভ কৰে। এই চৰিত্ৰটোৰ বাবে তেওঁ প্ৰশংসা বুটলিৱলৈ সক্ষম হয় আৰু এটা টিন চয়ছ এৱাৰ্ডৰ মনোনয়ন লাভ কৰে। ইয়াৰ উপৰি তেওঁ এনবিচিৰ পিৰিয়ড ক্ৰাইম ড্ৰামা ধাৰাবাহিক একুৱেৰিয়াছ (২০১৫–২০১৬)-ত অভিনয় কৰি অধিক প্ৰশংসা লাভ কৰে।

চলচ্চিত্ৰৰ ক্ষেত্ৰত, হ'ল্টে কমেডী ড্ৰামা ব্লু লাইক জেজ (২০১২) আৰু চাৰ্ভাইভেল থ্ৰিলাৰ ৪৭ মিটাৰ ডাউন (২০১৭)-ত অভিনয় কৰি ইতিবাচক সঁহাৰি লাভ কৰে। ইয়াৰ পিছত তেওঁ এলানি কম জনপ্ৰিয় প্ৰকল্পত কাম কৰে আৰু পৰৱৰ্তী সময়ত প্ৰশংসিত কমেডী হৰৰ ছবি আনটাইটেলড হৰৰ মুভি (২০২১)-ত অভিনয় কৰে। এই শেষৰখন ছবিৰ তেওঁ কাৰ্যবাহী প্ৰযোজকো আছিল।

বাল্যকাল

[সম্পাদনা কৰক]

হ'ল্টৰ জন্ম অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ ব্ৰিচবেনত হৈছিল আৰু তেওঁ ষ্টুয়াৰ্টহোম স্কুলত অধ্যয়ন কৰিছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০০ৰ দশক: আৰম্ভণি আৰু প্ৰাৰম্ভিক স্বীকৃতি

[সম্পাদনা কৰক]

২০০৫ চনত হ'ল্টে নেটৱৰ্ক টেনৰ শিশুৰ টেলিভিছন অনুষ্ঠান এইচ টু অ': জাষ্ট এড ৱাটাৰ-ত এমা গিলবাৰ্টৰ চৰিত্ৰত অভিনয় কৰি প্ৰথমবাৰৰ বাবে টেলিভিছন জগতত ভৰি দিয়ে। এই শ্ব’টোৱে এটা ল’গী এৱাৰ্ড আৰু এটা নিকেলোডিয়ান অষ্ট্ৰেলিয়া কিডছ চয়ছ এৱাৰ্ড লাভ কৰিছিল। ধাৰাবাহিকখনৰ তৃতীয় ছিজনৰ কাম চলি থকাৰ মাজতে হ'ল্টে ২০০৭ চনৰ চিনেমা দ্য মেচেঞ্জাৰছ-ৰ ছিকুৱেল মেচেঞ্জাৰছ ২: দ্য স্কেয়াৰক্ৰ-ত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈ দ্বিতীয় ছিজনৰ পিছত শ্ব’টো ত্যাগ কৰে। তেওঁৰ ঠাইত ইণ্ডিয়ানা ইভান্সৰ চৰিত্ৰ বেলাক অন্তৰ্ভুক্ত কৰা হয়। ২০০৮ চনত ছফিয়াত মেচেঞ্জাৰছ ২-ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। নৰ্মান ৰিডাছ আৰু হিদাৰ ষ্টিফেনছৰ সৈতে অভিনীত এই ছবিখন ২০০৯ চনৰ ২১ জুলাইত পোনপটীয়াকৈ ডিভিডি যোগে মুক্তি দিয়া হয়।

২০১০ৰ দশক: বিশ্বজুৰি স্বীকৃতি

[সম্পাদনা কৰক]
২০১৪ চনত দ্য পেলে চেণ্টাৰ ফৰ মিডিয়াৰ পেলে ফেষ্টত "দ্য অৰিজিনেলছ"ক সন্মান জনোৱাৰ সময়ত ক্লেয়াৰ হ'ল্ট

টেলিভিছন আৰু চলচ্চিত্ৰৰ ভূমিকাৰ উপৰি হ'ল্টে ড্ৰিমৱৰ্ল্ড, ছিজলাৰ আৰু কুইন্সলেণ্ড লাইফছেভিং আদিৰ বিজ্ঞাপনত অভিনয় কৰিছে। বাডীটিভি-এ ২০১১ চনৰ টিভিৰ ১০০ গৰাকী যৌন আবেদনময়ী মহিলাৰ তালিকাত তেওঁক ৫৫ নম্বৰত স্থান দিছিল।[4]

২০১১ চনৰ আগষ্ট মাহত হ'ল্টে টিভি ধাৰাবাহিক দ্য ভাম্পায়াৰ ডায়েৰীজ-ত ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত অভিনয় কৰাটো নিশ্চিত কৰা হয়।[5] ২০১৩ চনৰ ১৩ জানুৱাৰীত দ্য চিডব্লিউ-এ ঘোষণা কৰে যে হ'ল্টে দ্য ভাম্পায়াৰ ডায়েৰীজ-ৰ স্পিন-অফ দ্য অৰিজিনেলছ-ৰ বাবে চুক্তিবদ্ধ হৈছে, য’ত তেওঁ ৰেবেঁকা মিকেলছনৰ চৰিত্ৰত পুনৰ অভিনয় কৰে।[6] প্ৰথম ছিজনৰ ষোড়শ খণ্ডৰ পিছত তেওঁ ধাৰাবাহিকখন ত্যাগ কৰে, যিটো ২০১৪ চনৰ ১১ মাৰ্চত আমেৰিকাত সম্প্ৰচাৰিত হৈছিল।[7] অৱশ্যে ২০১৪ চনৰ ১৩ মে’ত প্ৰথম ছিজনৰ শেষ খণ্ডত তেওঁ পুনৰ অভিনয় কৰে আৰু ২০১৮ চনৰ ১ আগষ্টত শেষ খণ্ডটোলৈকে ধাৰাবাহিকখনত অতিথি শিল্পী হিচাপে মাজে মাজে অভিনয় কৰি থাকে।[8][9][10]

২০১৪ চনত হ'ল্টে চিবিএছৰ ছুপাৰগাৰ্ল ধাৰাবাহিকৰ সৈতে জড়িত হৈছিল যদিও পিছলৈ তেওঁ ইয়াক অগ্ৰাহ্য কৰে।[11] তেওঁ এনবিচিৰ ইভেণ্ট ছিৰিজ একুৱেৰিয়াছ-ত চাৰমেইন টালীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৬ চনত তেওঁ ৰোমাণ্টিক কমেডী ছবি দ্য ডিভোৰ্চ পাৰ্টি-ত চুজানৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।[12]

২০১৭ চনত হ'ল্টে এচিবিৰ থ্ৰিলাৰ ড্ৰামা টেলিভিছন পাইলট ডুমছডে-ত কায়লাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[13] সেই বছৰতে হ'ল্টে ম্যানাণ্ডি মূৰ আৰু মেথিউ মডিনৰ বিপৰীতে আণ্ডাৰৱাটাৰ চাৰ্ভাইভেল হৰৰ চিনেমা ৪৭ মিটাৰ ডাউন-ত কেটৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০১৭ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাইছিল।[14]

২০২০ৰ দশক: প্ৰতিষ্ঠিত অভিনেত্ৰী

[সম্পাদনা কৰক]

২০২১ চনত হ'ল্টে আনটাইটেলড হৰৰ মুভি-ত অভিনয় কৰিছিল। তেওঁ এণ্ডি ছুইম ব্ৰেণ্ডৰ সৈতে সহযোগ কৰি এটা ছুইমছুট কালেকচনো ডিজাইন কৰিছিল।[15] একে বছৰৰে নৱেম্বৰ মাহত তেওঁ অৰিজিনেলছ-ৰ স্পিন-অফ ধাৰাবাহিক লেগেচিছ-ত ৰেবেঁকা মিকেলছন হিচাপে পুনৰ অভিনয় কৰে।[16]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৫ চনৰ জুলাই মাহত হ'ল্টে তেওঁৰ বহুদিনীয়া প্ৰেমিক, টেলিভিছন প্ৰযোজক মেট কাপলানৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে।[17] ২০১৬ চনৰ ২৮ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[18] ২০১৭ চনৰ ২৭ এপ্ৰিলত কাপলানে হ'ল্টৰপৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে। ইয়াৰ প্ৰত্যুত্তৰত হ'ল্টে ২০১৭ চনৰ ২ মে'ত আৱেদন দাখিল কৰে আৰু লগতে তেওঁৰ নাম কাপলানৰপৰা পুনৰ হ'ল্টলৈ সলনি কৰিবলৈ অনুৰোধ জনায়।[19]

২০১৭ চনৰ ৩ ডিচেম্বৰত হ'ল্টে ৰিয়েল এষ্টেট কাৰ্যবাহী এণ্ড্ৰিউ জবলনৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰে। ২০১৮ চনৰ ৫ মাৰ্চত হ'ল্টে ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰে যে তেওঁ গৰ্ভপাতৰ সন্মুখীন হৈছিল।[20] হ'ল্ট আৰু জবলনে ২০১৮ চনৰ ১৮ আগষ্টত বিবাহপাশত আবদ্ধ হয়।[21] তেওঁলোকৰ তিনিগৰাকী সন্তান আছে: দুজন পুত্ৰ (জন্ম ২০১৯ আৰু ২০২৩)[22][23] আৰু এগৰাকী কন্যা (জন্ম ২০২০)।[24]

২০১৯ চনৰ নৱেম্বৰ মাহত হ'ল্টে ঘোষণা কৰে যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Claire Holt on Instagram: "Pretty special day for me today. I'M GOING TO BE A VOTER!"" (en ভাষাত). Instagram. 21 November 2019. https://www.instagram.com/p/B5I2W8WgI60/ আহৰণ কৰা হৈছে: 15 December 2020.
  2. "Claire Holt | Actress" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm2322853/ আহৰণ কৰা হৈছে: 2024-06-11.
  3. "Australian Television: H2O – Just Add Water". australiantelevision.net. 12 January 2012. http://www.australiantelevision.net/h2o/articles/holt-impressing-hollywood.html আহৰণ কৰা হৈছে: 30 May 2022.
  4. "TV's 100 Sexiest Women of 2011". BuddyTV.com. 2011. http://www.buddytv.com আহৰণ কৰা হৈছে: 13 January 2012.
  5. Naoreen, Nuzhat (9 August 2011). "'Vampire Diaries' Casts Stefan's Ex: 5 Theories On Why She's Coming To Town". MTV. http://hollywoodcrush.mtv.com.
  6. Andreeva, Nellie (13 February 2013). "'Vampire Diaries' Claire Holt To Co-Star In 'The Originals' Spinoff". Deadline Hollywood. https://deadline.com আহৰণ কৰা হৈছে: 17 October 2023.
  7. Ng, Philiana (11 March 2014). "Claire Holt Exits 'The Originals'". The Hollywood Reporter. https://www.hollywoodreporter.com আহৰণ কৰা হৈছে: 17 October 2023.
  8. "Claire Holt talks 'Originals' finale, whether she'll be back next year". Entertainment Weekly. https://ew.com আহৰণ কৰা হৈছে: 20 November 2025.
  9. "Claire Holt Is Returning to The Originals! Get the Scoop on When and How She'll Show Up". E!. 13 August 2015. https://www.eonline.com.
  10. Dowling, Dowling (2 August 2018). "'The Originals' Boss Talks 'Tragic' Series Finale, Looking Ahead to 'Legacies'". Variety. https://variety.com আহৰণ কৰা হৈছে: 20 November 2025.
  11. Steinbeiser, Andrew (9 December 2014). "Claire Holt Not Expected To Play Supergirl". Comicbook.com. https://comicbook.com.
  12. "'The Divorce Party' Casting Call for Featured Roles". ProjectCasting.com. 4 November 2016. http://www.projectcasting.com.
  13. Andreeva, Nellie (2 March 2017). "Claire Holt To Topline 'Doomsday' ABC Drama Pilot". https://deadline.com.
  14. McNary, Dave (25 July 2016). "Mandy Moore's Shark Tale '47 Meters Down' Bought From Weinsteins". Variety. https://variety.com আহৰণ কৰা হৈছে: 22 November 2016.
  15. "Actress Claire Holt on Collaborating with Andie: Channel Your Inner Mermaid". 9 August 2021. https://www.theteenmagazine.com আহৰণ কৰা হৈছে: 10 December 2021.
  16. Swift, Andy (8 November 2021). "Legacies First Look: Claire Holt Brings Rebekah Mikaelson Back to Mystic Falls". TV Line. https://tvline.com আহৰণ কৰা হৈছে: 10 December 2021.
  17. "Claire Holt Is Engaged! Check out the Aquarius Actress's Ring". People. 14 July 2015. http://www.people.com/article/claire-holt-announces-engagement-instagram.
  18. "Former 'The Originals' star Claire Holt gets married". AOL. 29 April 2016. http://www.aol.com/article/2016/04/29/former-the-originals-star-claire-holt-gets-married/21357082/.
  19. "The Originals' Actress Claire Holt's Husband Files for Divorce One Day Before 1-Year Anniversary". People. 4 May 2017. http://people.com/tv/claire-holt-divorcing-husband-files-one-day-before-1-year-anniversary/.
  20. "Claire Holt on Instagram: "I took this photo 10 days ago, as I waited for surgery after my sweet little baby lost its heartbeat. I sent it to my fiancé in the waiting..."" (en ভাষাত). Instagram. https://www.instagram.com/p/Bf66AdbFiEh/ আহৰণ কৰা হৈছে: 11 March 2018.
  21. "The Originals' Claire Holt Marries Andrew Joblon: See Her Wedding Dress". US Weekly. 19 August 2018. https://www.usmagazine.com/celebrity-news/news/the-originals-claire-holt-marries-andrew-joblon/.
  22. "Meet James! Claire Holt Welcomes a Son with Husband Andrew Joblon". People. 29 March 2019. https://people.com/parents/claire-holt-welcomes-son-james/ আহৰণ কৰা হৈছে: 9 June 2019.
  23. "Claire Holt Welcomes Baby No. 3, a Son, with Husband Andrew Joblon" (en ভাষাত). Peoplemag. https://people.com/claire-holt-welcomes-baby-no-3-with-husband-andrew-joblon-8382606 আহৰণ কৰা হৈছে: 2023-11-10.
  24. "Claire Holt Welcomes Daughter Elle: 'She Flew Into the World and Expanded Our Hearts'" (EN ভাষাত). PEOPLE.com. 13 September 2020. https://people.com/parents/claire-holt-welcomes-daughter-elle/ আহৰণ কৰা হৈছে: 14 September 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]