ক্ষুদিৰাম বসু
ক্ষুদিৰাম বসু | |
---|---|
![]() ক্ষুদিৰাম বসু | |
জন্ম | ০৩ ডিচেম্বৰ, ১৮৮৯ মোহবনী (হবিবপুৰ), পশ্চিম মেদিনীপুৰ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১১ আগষ্ট, ১৯০৮ (১৮ বছৰ) মুজাফফৰপুৰ, বাংলা প্ৰেছিডেঞ্ছী, ব্ৰিটিছ ভাৰত |
মৃত্যুৰ কাৰণ | ফাঁচী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | বাঙালী |
নাগৰিকত্ব | ব্ৰিটিছ ভাৰত (১৯৪৭ চন পৰ্যন্ত) |
পেচা | ৰাজনীতিবিদ |
জনা যায় | ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ বিপ্লৱী |
ৰাজনৈতিক দল | অনুশীলন সমিতি |
ৰাজনৈতিক আন্দোলন | ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন |
ধৰ্ম | হিন্দু ধৰ্ম |
ক্ষুদিৰাম বসু (বাংলা: ক্ষুদিব়াম বসু, ইংৰাজী: Khudiram Bose; ৩ ডিচেম্বৰ ১৮৮৯ – ১১ আগষ্ট ১৯০৮) ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয়-বাঙালী বিপ্লৱী।
প্ৰফুল্ল চাকিৰ সৈতে ক্ষুদিৰামে গাড়ীত থকা বুলি ভাবি ব্ৰিটিছ ন্যায়াধীশ আৰু দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰিছিল। দণ্ডাধীশ কিংছফৰ্ড আন এখন গাড়ীত আছিল, যাৰ ফলত দুগৰাকী ব্ৰিটিছ মহিলা মিচেছ কেনেডী আৰু তেওঁৰ কন্যাৰ মৃত্যু হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে প্ৰফুল্ল চাকীয়ে আত্মহত্যা কৰে। ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰা হয়। দুগৰাকী মহিলাৰ গুপ্তহত্যাৰ গোচৰত তেওঁৰ বিচাৰ হৈছিল আৰু শেষত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। [1]
ফাঁচীৰ সময়ত ক্ষুদিৰামৰ বয়স আছিল ১৮ বছৰ ৭ মাহ ১১ দিন, যাৰ ফলত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া বিপ্লৱী। বাল গংগাধৰ তিলকে তেওঁৰ কেশৰী কাকতত দুজন যুৱকক সমৰ্থন কৰি তাৎক্ষণিক স্বৰাজৰ বাবে মাত মাতিছিল। ইয়াৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে ততাতৈয়াকৈ তিলকক দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Calcutta High Court Khudiram Bose vs Emperor on 13 July, 1908". Indian Kanoon. https://indiankanoon.org/doc/1765978/। আহৰণ কৰা হৈছে: 5 June 2018.