সমললৈ যাওক

ক্ষুধিত পাষাণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্ষুধিত পাষাণ

ক্ষুধিত পাষাণৰ এটা দৃশ্যত সৌমিত্ৰ চেটাৰ্জী আৰু অৰুন্ধতী দেৱী
পৰিচালক তপন সিনহা
ভিত্তি ক্ষুধিত পাষাণ
লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰযোজক হেমেন গাংগুলী
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী বিমল মুখাৰ্জী
সম্পাদনা সুবোধ ৰায়
সংগীত পৰিচালক ওস্তাদ আলী আকবৰ খান
মুক্তি
১৯৬০ (1960)
দেশ ভাৰত
ভাষা বঙালী

ক্ষুধিত পাষাণ (ইংৰাজী: Kshudhita Pashan) ১৮৯৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত তপন সিনহাই পৰিচালনা কৰা এখন বঙালী নাট্যধৰ্মী ছবি।[1] প্ৰযোজনা কৰিছে হেমেন গাংগুলীয়ে।[2][3][4] ১৯৬০ চনত মুক্তি পোৱা এই ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ক্ষুধিত পাষাণৰ সংগীত পৰিচালনা ওস্তাদ আলী আকবৰ খানৰ।[5]

কাহিনীসাৰ

[সম্পাদনা কৰক]

সৰু চহৰ এখনত এজন যুৱ টেক্স কালেক্টৰ চাকৰিত নিযুক্ত হৈছে। তেওঁ এটা পৰিত্যক্ত পুৰণি ৰাজপ্ৰসাদত বাস কৰিবলৈ লয়, য’ত ভূতৰ উপদ্ৰৱ হয় বুলি উৰাবাতৰি প্ৰচলিত। স্থানীয় লোকে তেওঁক সকীয়াই দিবলৈ চেষ্টা কৰে যে প্ৰাসাদটোৰ ক্ষুধিত পাষাণৰ বাবে যিয়েই তাত থাকিবলৈ চেষ্টা কৰিছে তেওঁ হয় উন্মাদ হৈ পৰিছে নহয় মৃত্যুমুখত পৰিছে। তেওঁ উপলব্ধি কৰে যে ৰাতি প্ৰাসাদত এগৰাকী ৰহস্যময়ী সুন্দৰী নাৰী ঘূৰি ফুৰে।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০)
  • দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)[6]
কৰ্ক চলচ্চিত্ৰ মহোৎসৱ, আয়াৰলেণ্ড
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]