ক্সেনিয়া চুখিনোভা
| ক্সেনিয়া চুখিনোভা | |
|---|---|
| স্থানীয় নাম | Ксе́ния Сухи́нова |
| জন্ম | ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা ২৬ আগষ্ট, ১৯৮৭ (৩৮ বছৰ) নিজনেভাৰ্টভস্ক, ৰাছিয়ান এছ এফ এছ আৰ, ছোভিয়েট ইউনিয়ন |
| উচ্চতা | ১.৭৮ মিটাৰ |
| সন্তান | ১ |
| 'Beauty pageant titleholder' | |
| Title | মিছ টিয়ুমেন ২০০৭, মিছ ৰাছিয়া ২০০৭, মিছ ৱৰ্ল্ড ২০০৮ |
| Hair color | সোণালী |
| Eye color | নীলা |
| Major competition(s) |
মিছ ৰাছিয়া ২০০৭ (বিজেতা), মিছ ৱৰ্ল্ড ২০০৮ (বিজেতা) |

ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ ৰাছিয়া ২০০৭-ৰ মুকুটো লাভ কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চুখিনোভাৰ জন্ম ৰাছিয়ান এছ এফ এছ আৰৰ নিজনেভাৰ্টভস্কত হৈছিল।[1]
চুখিনোভাৰ উচ্চতা ১.৭৮ মিটাৰ, চুলিৰ ৰং সোণালী আৰু চকুহাল নীলা। তেওঁৰ প্ৰিয় গ্ৰন্থ হৈছে মিখাইল বুলগাকভৰ দ্য মাষ্টাৰ এণ্ড মাৰ্গাৰিটা।[2] ২০২২ চনত তেওঁৰ পুত্ৰ আৰ্টেমৰ জন্ম হয়। তেওঁৰ স্বামী ব্যৱসায়ী ইউৰি শ্বেফলাৰ এছ পি আই গ্ৰুপৰ স্বত্বাধিকাৰী।[3]
মিছ টিয়ুমেন
[সম্পাদনা কৰক]মিছ ৰাছিয়া ২০০৭ আৰু মিছ ৱৰ্ল্ড ২০০৮ হোৱাৰ আগতে ক্সেনিয়া চুখিনোভাই মিছ টিয়ুমেন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু খিতাপ জয় কৰিছিল। ইয়াৰ ফলত তেওঁ মিছ ৰাছিয়া ২০০৭-ত টিয়ুমেনৰ প্ৰতিনিধি হোৱাৰ সুযোগ পায়।
মিছ ৰাছিয়া ২০০৭
[সম্পাদনা কৰক]চুখিনোভাই ২০০৭ চনৰ ১৪ ডিচেম্বৰত মস্কোত অনুষ্ঠিত মিছ ৰাছিয়া প্ৰতিযোগিতাত বিজয়ী হয়।[4] তেওঁ সমগ্ৰ ৰাছিয়াৰপৰা অহা ৫০ গৰাকী প্ৰতিযোগীক অতিক্ৰমি এই সফলতা লাভ কৰিছিল। মহাবিদ্যালয়ৰ পঢ়া-শুনাৰ বাবে তেওঁ মিছ ইউনিভাৰ্ছ ২০০৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে, সেয়েহে তেওঁৰ স্থানত প্ৰথম ৰানাৰ্ছ-আপ ভেৰা ক্ৰাছোভাই প্ৰতিযোগিতাত অংশ লৈছিল।
মিছ ৱৰ্ল্ড ২০০৮
[সম্পাদনা কৰক]২০০৮ চনৰ ১৩ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত ফাইনেলত ১০৮ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি চুখিনোভাক নতুন মিছ ৱৰ্ল্ড হিচাপে ঘোষণা কৰা হয়।
বিজয়ৰ পিছত এখন সংবাদ-মেলত তেওঁ কয়: "ৰাছিয়ালৈ এই মুকুট আনিবলৈ পাই মই অতি আনন্দিত। ৰাছিয়াই এই মুকুট লাভ কৰাৰ বাবে মই গৌৰৱান্বিত আৰু মই মোৰ এই বিজয় সমগ্ৰ দেশবাসী আৰু মোৰ আইতাক উৎসৰ্গা কৰিছোঁ।" [2] তেওঁ লগতে কয় যে তেওঁ ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি উন্নত কৰাৰ আশা কৰে যাতে বিশ্বক দেখুৱাব পৰা যায় যে ৰাছিয়াৰ এগৰাকী ছোৱালীয়ে দয়া, সৌন্দৰ্য আৰু সুখৰ মূৰ্ত প্ৰতীক হ'ব পাৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ksenia Sukhinova of Russia is Miss World 2008". peoplestar.co.uk. 14 December 2008. http://www.peoplestar.co.uk/index.html?news=298.
- 1 2 3 "World's most beautiful girl from Russia does not know how to spend her prize money". Pravda. 18 December 2008. http://english.pravda.ru/society/stories/18-12-2008/106847-miss_world_russia-0.
- ↑ "Модель Ксения Сухинова впервые стала матерью". hellomagrussia.ru. https://hellomagrussia.ru/deti/beremennye-zvezdy/46172-modely-kseniya-suhinova-vpervye-stala-materyyu.html। আহৰণ কৰা হৈছে: 2025-08-22.
- ↑ Ozar, Anna (20 December 2007). "Russia's top beauty". Moscow News. Archived from the original on 25 February 2008. https://web.archive.org/web/20080225050955/http://mnweekly.ru/culture/20071220/55298237.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Ksenia Sukhinova সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিনিউজত Russian Ksenia Sukhinova crowned Miss World 2008 বিষয়ক বাতৰি চাওক। |