ক্ৰা-ডাই ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ক্ৰা-ডাই
টাই-ক্ৰা-ডাই, দায়িক, কাদাই
ভৌগোলিক
বিস্তৃতি:
দক্ষিণ চীন, হাইনান দ্বীপ,
ইন্দ' চীন আৰু উত্তৰপূব ভাৰত
ভাষাৰ শ্ৰেণীবিভাজন: বিশ্বৰ এটা প্ৰাথমিক ভাষা পৰিয়াল
প্ৰাক্‌-ভাষা: প্ৰত' কাডাই ভাষা
উপশ্ৰেণীসমূহ:
ক্ৰা ভাষা
কামছুই ভাষা
লাকীয়া ভাষা
বিয়াও ভাষা
বি ভাষা
টাই ভাষা
লাই ভাষা
ISO 639-2 and 639-5: টাই ভাষা
Taikadai-en.svg
ৰ বিস্তাৰ

  Kra
  কামছুই ভাষা
  বি ভাষা
  লাই ভাষা

ক্ৰা ডাই ভাষা বা টাই কাডাই ( দায়িক আৰু কাডাই) হল এক প্ৰকাৰৰ ভাষা সমূহ যাক চীন,ম্যানমাৰ, থাইলেণ্ড,লাওছ আৰু উত্তৰপূব ভাৰতত পোৱা যায়। ইয়াৰে থাই ভাষা আৰু লাও ভাষা ক্ৰমে থাইলেণ্ড আৰু লাওছ দেশৰ ৰাষ্ট্ৰভাষা ।[1] প্ৰায় ৯৩ মিলিয়ন মানুহে ক্ৰা ডাই ভাষা কয় আৰু ইয়াৰে ৬০% লোকে থাই ভাষা কয়।[2] এই ভাষা পৰিয়ালত মুঠ ৯৫ টা ভাষা আছে ইয়াৰে ৬২ টা টাই ভাষা হয়।[3]দক্ষিণ চীনত ক্ৰদাই ভাষাৰ বিবিধতা অনুসৰি এই ভাষা সমূহৰ উৎপত্তি স্থল দক্ষিণ চীন বুলি অনুমান কৰা হয়। ইয়াৰে টাই শাখাটো ২০০০ খ্ৰীষ্টপূৰ্বত দক্ষিণ চীনলৈ বিয়পি পৰিছিল।থাইলেণ্ডৰ ক্ৰা ডাই ভাষা কোৱাসকলৰ মাজত অণুবংশীক আৰু ভাষিক বিশ্লেষণত যথেষ্ট সাদৃশ্যতা দেখা যায়।[4]

নাম[সম্পাদনা কৰক]

বেৰা অষ্ট্ৰপীৰাত(2000)ৰ দ্বাৰা ক্ৰা ডাই নামটো প্ৰস্তাৱ কৰা হৈছিল। দক্ষিণ পূব এছিয়াৰ অধিকাংশ ভাষাবিদে ক্ৰা দাই শব্দটো ব্যৱহাৰ কৰে।,[5][6] [7][8]টাই ক্ৰাডাই নামটো বহুত ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যি কিছু ভাষাবিদৰ মতে ই বিভ্ৰান্তি আৰু বিশৃংখলৰ সৃষ্টি কৰিব পাৰে।[9] ১৯৪২ত বেনেডিক্টে তিনিটা ক্ৰা ভাষা গলাও, লাকোৱা, কাবিয়াও আৰু লাচী ভাষাক একেলগে মিলাই একেটা ভাষা পৰিয়ালৰ অন্তৰ্গত কৰায় যাক তেওঁ ক্ৰা ডাই নাম দিয়ে। ক্ৰা শব্দৰ অৰ্থ গালব আৰু লাকোৱা ভাষাত ব্যক্তি আৰু ডাই শব্দই লাই নামৰ এটা ৰূপ হয়।[10]

শ্ৰেণী বিভাজন[সম্পাদনা কৰক]

ভাষাটো পাঁচটা ভাগত ভাগ কৰিব পাৰি সেয়া হল: ক্ৰা, কাম-ছুই,টাই, বি আৰু লাই।

  • 'টাই ভাষা' দক্ষিণ চীন আৰু দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ডাঙৰ ভাষা।
  • 'ক্ৰা ভাষা' (দক্ষিণ চীন আৰু উত্তৰ ভিয়েটনামৰ কটাই ভাষা)
  • 'কাম ছুই ভাষা' 'চীন দেশত পোৱা যায়
  • 'বি ভাষা' হেনান দ্বীপত কোৱা যায়
  • 'লাই ভাষা' হেনান দ্বীপত কোৱা যায়

স্বাধীন ক্ৰা ডাই ভাষাসমূহ হৈছে:

  • 'লাকীয়া ভাষা' আৰু বাইয়ু ভাষা ,
  • জ্যাও মাও ভাষা দক্ষিণ হাইনান আৰু চীনৰ ভাষা ইয়াক পূৰ্বতে লাই ভাষাৰ সৈতে শ্ৰেণীকৰণ কৰা হৈছিল।

মিশ্ৰিত ক্ৰা ডাই ভাষা:

  • হিজাং বুয়ি ভাষা: উত্তৰ টাই আৰু ক্ৰা ভাষা।
  • ই ভাষা: উত্তৰ টাই আৰু পিংউ চীনা ভাষা।
  • কলন ভাষা: উত্তৰ টাই আৰু কেন্দ্ৰীয় টাই ভাষা
  • চানক্যাও ভাষা : কামচুই আৰু হমাংগিক ভাষা
  • যিমাও ভাষা : লাই ভাষা আৰু অন্যন্য অজ্ঞাত তত্ব।

ক্ৰা ডাই ভাষাৰ বংশ বৃক্ষ এই ভাষা পৰিয়ালটোৰ ওপৰত ভাষা বিশেষজ্ঞ সমূহে বহু প্ৰকাৰে বংশ বৃক্ষ তৈয়াৰ কৰে। সেয়া হৈছে:-

ক্ৰা-ডাই' 

ক্ৰা ভাষা(Geyang)



লাই ভাষা


 কাম টাই  


[লাকীয়া ভাষা–বিয়াও ভাষা



কামছুই ভাষা





বি ভাষা



টাই ভাষা






ক্ৰা-ডাই' 
 Northern 

ক্ৰা ভাষা


 Northeastern 

লাকীয়া ভাষা



কামছুই ভাষা




 Southern 

লাই ভাষা


 Be–Tai 

বি ভাষা



টাই ভাষা






চীনা-টাই[সম্পাদনা কৰক]

ক্ৰা ডাই ভাষাসমূহ পূৰ্বে চীনা তিব্বতীয় ভাষা আছিল। ইয়াৰ যথেষ্ট সংখ্যক শব্দ চীনা তিব্বতীয় ভাষাৰ সৈতে একেই হয়। কিন্তু এই শব্দসমূহ সকলো ক্ৰা ডাই ভাষা সমূহত কমকৈ পোৱা যায়।যি এইটো দৰ্শাই যে এয়া বহুত প্ৰাচীন শব্দ হয়।[11] চীনৰ বাহিৰত এই ভাষা পৰিয়ালটোক এটা স্বাধীন ভাস পৰিয়াল হিচাপে স্বীকৃতি দুয়ো হৈছে যদিও চীনত বৰ্তমান ইয়াক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ অংশ বুলি ভবা হয়। চীনত ইয়াক চীনা তিব্বতী ভাষাৰ শাখা মঙ-মিয়াও ভাষাৰ অন্তগত বুলি ধৰা হয়।[12]এতিয়াও চীনা বিদ্বান সকলৰ মাজত এক চৰ্চাৰ বিষয় হল যে বিভিন্ন ক্ৰা ভাষা যেনে লাও , কাবিয়াও , লাচী আদি ভাষাক ঝুৱাঙ ভাষাৰ অন্তৰ্গত কৰিব পৰা যাব নে নাযায় । ককাৰণ সেই ভাষা সমূহৰ মাজত চীনা তিব্বতী ভাষাৰ সৈতে সাদৃশ্যতা বেছি নাই যিদৰে অইন ঝুৱাঙ-ডং ভাষাসমূহৰ আছে।

মঙ-মিয়াও[সম্পাদনা কৰক]

মঙ মিয়াও আৰু ক্ৰা ডাই ভাষাসমূহৰ মাজত যথেষ্ট অণুবংশীক সম্বন্ধ আছে।[13]

জাপানীজ ভাষা[সম্পাদনা কৰক]

জাপানীজ ভাষাৰ মূল মাতৃ ভূমি দক্ষিণ চীন হয়। গঠন সম্পৰ্ক আৰু অইন কাৰণত জাপানীজ ভাষাৰ সৈতে এই ব্যাসৰ সাদৃশ্যতা দেখা যায়।[14]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. डिलर, एंथनी, जेरी एडमंडसन, योंगसियान लुओ। (2008)। द ताई-कडाई भाषाएँ । लंदन [आदि]: रूटलेज। আই.এচ.বি.এন. 978-0-7007-1457-5
  2. "Taikadai" (en ভাষাত). http://www.languagesgulper.com/eng/Taikadai.html. 
  3. Ethnologue Tai–Kadai family tree
  4. Srithawong, Suparat; Srikummool, Metawee; Pittayaporn, Pittayawat; Ghirotto, Silvia; Chantawannakul, Panuwan; Sun, Jie; Eisenberg, Arthur; Chakraborty, Ranajit et al. (July 2015). "Genetic and linguistic correlation of the Kra-Dai-speaking groups in Thailand". Journal of Human Genetics খণ্ড 60 (7): 371–380. doi:10.1038/jhg.2015.32. ISSN 1435-232X. PMID 25833471. https://www.ncbi.nlm.nih.gov/m/pubmed/25833471/. 
  5. Pittayaporn (2009),Pittayaporn, Pittayawat. 2009. The phonology of Proto-Tai. Ph.D. Thesis, Cornell University
  6. Peter Jenks and Pittayawat Pittayaporn. Kra-Dai Languages. Oxford Bibliographies in “Linguistics”, Ed. Mark Aranoff. New York: Oxford University Press.
  7. Baxter, William H.; Sagart, Laurent (2014), Old Chinese: A New Reconstruction, Oxford University Press, ISBN 978-0-19-994537-5. 
  8. N. J. Enfield and B. Comrie, Eds. 2015. Languages of Mainland Southeast Asia: The State of the Art. Berlin, Mouton de Gruyter.
  9. Ostapirat, Weera. (2000). "Proto-Kra." Linguistics of the Tibeto-Burman Area 23 (1): 1-251.
  10. Benedict, Paul K. (1942). "Thai, Kadai, and Indonesian: A New Alignment in Southeastern Asia". American Anthropologist খণ্ড 44 (4): 576–601. doi:10.1525/aa.1942.44.4.02a00040. 
  11. Ostapirat, Weera. (2005). "Kra–Dai and Austronesian: Notes on phonological correspondences and vocabulary distribution", pp. 107–131 in Sagart, Laurent, Blench, Roger & Sanchez-Mazas, Alicia (eds.), The Peopling of East Asia: Putting Together Archaeology, Linguistics and Genetics. London/New York: Routledge-Curzon.
  12. Luo, Yongxian. 2008. Sino-Tai and Tai-Kadai: Another look. In Anthony V. N. Diller and Jerold A. Edmondson and Yongxian Luo (eds.), The Tai-Kadai Languages, 9-28. London & New York: Routledge.
  13. Kosaka, Ryuichi. 2002. "On the affiliation of Miao-Yao and Kadai: Can we posit the Miao-Dai family." Mon-Khmer Studies 32:71-100.
  14. Vovin, Alexander (2014). Out Of Southern China? --some linguistic and philological musings on the possible Urheimat of the Japonic language family-- XXVIIes Journées de Linguistique d'Asie Orientale 26-27 juin 2014.

লগতে চাওক[সম্পাদনা কৰক]

  • Chamberlain, James R. (2016). Kra-Dai and the Proto-History of South China and Vietnam. Journal of the Siam Society, 104, 27-76.
  • Diller, A., J. Edmondson, & Yongxian Luo, ed., (2005). The Tai–Kadai languages. London [etc.]: Routledge. আই.এচ.বি.এন. 0-7007-1457-X
  • Jerold A. Edmondson|Edmondson, J. A. (1986). Kam tone splits and the variation of breathiness.
  • Edmondson, J. A., & Solnit, D. B. (eds.) (1988). Comparative Kadai: linguistic studies beyond Tai. Summer Institute of Linguistics publications in linguistics, no. 86. Arlington, TX: Summer Institute of Linguistics. আই.এচ.বি.এন. 0-88312-066-6
  • Mann, Noel, Wendy Smith and Eva Ujlakyova. 2009. Linguistic clusters of Mainland Southeast Asia: an overview of the language families. Chiang Mai: Payap University.
  • Ostapirat, Weera. (2000). "Proto-Kra." Linguistics of the Tibeto-Burman Area 23 (1): 1-251.
  • Somsonge Burusphat, & Sinnott, M. (1998). Kam–Tai oral literatures: collaborative research project between. Salaya Nakhon Pathom, Thailand: Institute of Language and Culture for Rural Development, Mahidol University. আই.এচ.বি.এন. 974-661-450-9

বাহ্যিক সংযোগ[সম্পাদনা কৰক]