ক্ৰিকবাজ
![]() | |
Type of site |
কেৱল ক্ৰিকেটৰ বাবে ক্ৰীড়া ৱেবছাইট |
---|---|
Available in | ইংৰাজী, হিন্দী, তেলেগু, তামিল, কন্নড়, মাৰাঠী আৰু বাংলা |
Headquarters | বেংগালুৰু, ভাৰত[1] |
Owner | টাইমছ ইণ্টাৰনেট |
Created by | পংকজ ছাপ্ৰৱাল, পিয়ুশ আগৰৱালা, প্ৰবীণ হেগডে |
Parent | টাইমছ গোট |
URL | www![]() |
Commercial | হয় (বিজ্ঞাপন ৰেভিনিউৰ দ্বাৰা) |
Registration | ঐচ্ছিক |
Users | ৫ কোটি (জানুৱাৰী ২০১৮)[2] |
Launched | ১ নৱেম্বৰ ২০০৪ |
Current status | সক্ৰিয় |
ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।[3]
ক্ৰিকবাজ হৈছে ক্ৰিকেটৰ বাতৰি আৰু স্ক'ৰৰ বাবে আটাইতকৈ জনপ্ৰিয় ম'বাইল এপ্লিকেচনসমূহৰ ভিতৰত এটা।[4] ২০১৪ চনত ভাৰতত আটাইতকৈ বেছি বিচৰা ৱেবছাইটৰ ভিতৰত ই সপ্তম স্থানত আছিল।[5] ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে এই ম'বাইল এপ্লিকেচনটোৰৰ ডাউনলোড ১০ কোটিতকৈ অধিক, আৰু ২০১৫ চনৰ জানুৱাৰীলৈকে ৫০ কোটি ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি ২.৬ বিলিয়ন পৃষ্ঠাদৰ্শন সৃষ্টি কৰিছিল।[6]
ইতিহাস
[সম্পাদনা কৰক]২০০৪ চনত ক্ৰিকবাজ পংকজ ছাপাৰৱাল, পিয়ুছ আগৰৱাল আৰু প্ৰবীণ হেগডে দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।[7] ২০১০ চনত লাইভ ক্ৰিকেট বাতৰি আৰু স্ক'ৰৰ বাবে ম'বাইল এপ্লিকেচন উন্নয়ন আৰম্ভ কৰে।
নৱেম্বৰ ২০১৪-ত টাইমছ ইণ্টাৰনেটে ক্ৰিকবাজৰ বেছিভাগ অংশৰ অধিকাৰ গ্ৰহণ কৰে। ৱেবছাইটটো মূল প্ৰতিষ্ঠাপকসকলেই চলাই গৈছে।[7][8]
জানুৱাৰী ২০১৫-ত টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন গ' ক্ৰিকেট ক্ৰিকবাজত একত্ৰিত কৰা হয়। তাৰ ৱেবছাইট ক্ৰিকবাজলৈ পুনঃনিৰ্দেশ কৰা হয় আৰু মোবাইল এপটোও একত্ৰিত কৰা হয়।[8] ২০১৬ চনৰ ছেপ্তেম্বৰত ক্ৰিকবাজে হৰ্ষ ভোগলেকে 'ভয়েচ অৱ ক্ৰিকেট' হিচাপে নিযুক্ত কৰে আৰু তেতিয়াৰে পৰা ১৫০ৰো অধিক ভিডিঅ’ প্ৰস্তুত কৰিছে।[9]
আগষ্ট ২০১৫-ত ক্ৰিকবাজ ভাৰত-শ্ৰীলংকা টেষ্ট শৃংখলাৰ টাইটেল স্পন্সৰ হিচাপে নাম ঘোষণা কৰা হয়।[10][11]
২০১৯ চনৰ দ্বিতীয় প্ৰান্তিকত ক্ৰিকবাজক বিশ্বৰ দ্বিতীয় সৰ্বাধিক ডাউনলোড হোৱা বাতৰি এপ হিচাপে গণ্য কৰা হয়।[12]
এপ্ৰিল ২০২৪-ত ২০২৪ আইপিএল আৰম্ভ হোৱাৰ আগতে ৱিলো — আমেৰিকা আৰু কানাডাৰ এটা ক্ৰিকেট সম্পৰ্কীয় টিভি চেনেল — ক্ৰিকবাজত একত্ৰিত কৰা হয়। ইয়াৰ দ্বাৰা সেই বজাৰত ক্ৰিকবাজৰ ম'বাইল এপৰে ৱিলোৰ প্ৰিমিয়াম চুবচক্ৰিপচন সামগ্ৰীসমূহ উপলব্ধ কৰে।[13]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Cricbuzz – Contact Us" (en ভাষাত). Cricbuzz. https://www.cricbuzz.com/info/contact। আহৰণ কৰা হৈছে: ১৩ মাৰ্চ ২০২৩.
- ↑ "Number of users". টাইমছ অৱ ইণ্ডিয়া. http://timesofindia.indiatimes.com/sports/india-in-sri-lanka/top-stories/World-Cup-Cricbuzz-targets-75-million-users/articleshow/46227699.cms?.
- ↑ "Cricbuzz". Google Play. https://play.google.com/store/apps/details?id=com.cricbuzz.android। আহৰণ কৰা হৈছে: ১১ মে’ ২০২১.
- ↑ "Cricbuzz targets 82 million users". টাইমছ অৱ ইণ্ডিয়া. http://timesofindia.indiatimes.com/sports/india-in-sri-lanka/top-stories/World-Cup-Cricbuzz-targets-75-million-users/articleshow/46227699.cms?.
- ↑ "Google India's top 10 searches of 2014". টাইমছ অৱ ইণ্ডিয়া. http://timesofindia.indiatimes.com/tech/tech-news/Times-of-India-and-Cricbuzz-in-Google-Indias-top-10-searches-of-2014/articleshow/45560633.cms.
- ↑ "Cricbuzz targets 75 million users". টাইমছ অৱ ইণ্ডিয়া. http://timesofindia.indiatimes.com/sports/india-in-sri-lanka/top-stories/World-Cup-Cricbuzz-targets-75-million-users/articleshow/46227699.cms?.
- ↑ 7.0 7.1 "Times Internet acquires Cricbuzz". টাইমছ অৱ ইণ্ডিয়া. http://timesofindia.indiatimes.com/business/india-business/Times-Internet-acquires-Cricbuzz-com/articleshow/45096951.cms.
- ↑ 8.0 8.1 "GoCricket mergers into Cricbuzz". medianama. http://www.medianama.com/2015/01/223-times-internet-gocricket-Cricbuzz/.
- ↑ www.ETBrandEquity.com. "Harsha Bhogle's partnership with Cricbuzz hits the 100 million milestone - ET BrandEquity" (en ভাষাত). ETBrandEquity.com. http://brandequity.economictimes.indiatimes.com/news/marketing/harsha-bhogles-partnership-with-Cricbuzz-hits-the-100-million-milestone/58277209। আহৰণ কৰা হৈছে: ২০২০-১২-০৯.
- ↑ "Cricbuzz named title sponsor". The Hindu. http://www.thehindu.com/sport/cricket/indias-tour-of-sri-lanka-Cricbuzz-named-title-sponsor-of-indiasri-lanka-test-series/article7495260.ece.
- ↑ "Cricbuzz is title sponsor for India-Sri Lanka Test Series". bestmediainfo. http://www.bestmediainfo.com/2015/08/Cricbuzz-is-title-sponsor-for-india-sri-lanka-test-series/.
- ↑ Entrackr, Team (১৯ জুলাই ২০১৯). "Cricbuzz emerges as second most downloaded news app in world". Entrackr. https://entrackr.com/2019/07/cricbuzz-second-most-downloaded-news-app/.
- ↑ "Willow by Cricbuzz launches in US, Canada" (en-GB ভাষাত). Advanced Television. ২০২৪-০৪-১৯. https://advanced-television.com/2024/04/19/willow-by-cricbuzz-launches-in-us-canada/। আহৰণ কৰা হৈছে: ২০২৪-০৬-০১.