ক্ৰিছ জেনাৰ
| ক্ৰিছ জেনাৰ | |
|---|---|
২০২৫ চনত জেনাৰ | |
| জন্ম | ক্ৰিষ্টেন মেৰী হফটন ৫ নৱেম্বৰ, ১৯৫৫ (৭০ বছৰ) ছান ডিয়েগো, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| অন্য নাম | ক্ৰিছ হফটন ক্ৰিছ কাৰ্দাশিয়ান |
| শিক্ষা | ক্লেয়াৰমন্ট হাইস্কুল |
| পেচা | মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি, ব্যৱসায়ী মহিলা, প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
| দূৰদৰ্শন |
|
| দাম্পত্যসঙ্গী | ৰবাৰ্ট কাৰ্দাশিয়ান (বিবাহ ১৯৭৮; বিচ্ছেদ ১৯৯১), ব্ৰুচ জেনাৰ (বিবাহ ১৯৯১; বিচ্ছেদ ২০১৫) |
| অংশীদাৰ | ক’ৰী গেম্বেল (২০১৪–বৰ্তমান) |
| সন্তান | কোৰ্টনী কাৰ্দাশিয়ান, কিম কাৰ্দাশিয়ান, ক্লোয়ী কাৰ্দাশিয়ান, ৰব কাৰ্দাশিয়ান, কেন্ডেল জেনাৰ, কাইলী জেনাৰ |
ক্ৰিষ্টেন মেৰী জেনাৰ (ইংৰাজী: Kristen Mary Jenner; জন্ম ৫ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি আৰু ব্যৱসায়ী মহিলা। তেওঁ নিজৰ পৰিয়ালৰ সৈতে ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্দাশিয়ানছ (২০০৭–২০২১)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে। এই অনুষ্ঠানটোৰ সফলতাৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়ালে কেইবাটাও স্পিন-অফ ধাৰাবাহিকত অভিনয় কৰে, যাৰ ভিতৰত আছে কোৰ্টনী এণ্ড ক্লোয়ী টেক মায়ামী (২০০৯), কোৰ্টনী এণ্ড কিম টেক নিউয়ৰ্ক (২০১১), ক্লোয়ী এণ্ড লেমাৰ (২০১১), ৰব এণ্ড চায়না (২০১৬) আৰু লাইফ অৱ কাইলী (২০১৭)। তেওঁ তেওঁৰ পৰিয়ালৰ বেছিভাগ ৰিয়েলিটি প্ৰগ্ৰেমৰ কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছিল। ২০১৩ চনত তেওঁ ক্ৰিছ নামৰ ছসপ্তাহীয়া এটা টক শ্ব’ পৰিচালনা কৰিছিল। ২০২১ চনত তেওঁলোকৰ পৰিয়ালে ই! চেনেলৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত লয় আৰু ২০২২ চনৰ পৰা হুলুত (Hulu) সম্প্ৰচাৰিত দ্য কাৰ্দাশিয়ানছ-ত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
অধিবক্তা ৰবাৰ্ট কাৰ্দাশিয়ানৰ সৈতে হোৱা তেওঁৰ প্ৰথম বিবাহৰ পৰা চাৰিটা সন্তান আছে— কোৰ্টনী, কিম, ক্লোয়ী আৰু ৰবাৰ্ট; আৰু টেলিভিছন ব্যক্তিত্ব তথা অৱসৰপ্ৰাপ্ত অলিম্পিক পদক বিজয়ী ব্ৰুচ জেনাৰৰ (যিয়ে বৰ্তমান কেইটলিন হিচাপে পৰিচিত) সৈতে হোৱা দ্বিতীয় বিবাহৰ পৰা দুটা সন্তান আছে— কেন্ডেল আৰু কাইলী। সংগীতশিল্পী নৰ্থ ৱেষ্টকে ধৰি তেওঁৰ ১৩ জন নাতি-নাতিনী আছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ক্ৰিষ্টেন মেৰী হফটনৰ জন্ম ১৯৫৫ চনৰ ৫ নৱেম্বৰত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোত হৈছিল। তেওঁ মেৰী জো "এম. জে." শ্বেনন (জন্ম ১৯৩৪) আৰু এজন অভিযন্তা ৰবাৰ্ট ট্ৰু "বব" হফটনৰ (১৯৩১–১৯৭৫) দুই সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল।[1][2][3] যেতিয়া তেওঁৰ বয়স সাত বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁক তেওঁৰ সৰু ভনীয়েক কাৰেন কেচীয়ৰ (১৯৫৮–২০২৪) সৈতে মাতৃয়ে ডাঙৰ-দীঘল কৰে। পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে ব্যৱসায়ী হেৰী শ্বেননৰ (১৯২৬–২০০৩) সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয়, যিয়ে জেনাৰ আৰু তেওঁৰ ভনীয়েকক ডাঙৰ-দীঘল কৰাত সহায় কৰিছিল। হেৰীৰ সৈতে তেওঁৰ মাতৃৰ বিবাহৰ জৰিয়তে তেওঁ এজন সতীয়া ভাতৃ ষ্টিভেন "ষ্টিভ" শ্বেননক লাভ কৰে।[4]
কেলিফৰ্ণিয়াৰ অক্সনাৰ্ডলৈ যোৱাৰ তিনিমাহ পিছত তেওঁলোকৰ পৰিয়ালে পুনৰ ছান ডিয়েগোলৈ গুচি আহে।[5] ছান ডিয়েগোত জেনাৰে তেওঁৰ মাতৃৰ মালিকানাধীন শ্বেনন এণ্ড কোম্পানী নামৰ শিশুৰ কাপোৰৰ দোকানত কাম কৰিছিল।[6] জেনাৰে ক্লেয়াৰমন্ট হাইস্কুলত পঢ়িছিল আৰু ১৯৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[7][8] ১৯৭৫ চনত মেক্সিকোত এক গাড়ী দুৰ্ঘটনাত তেওঁৰ পিতৃৰ মৃত্যু হয়।[9] তেওঁ ১৯৭৬ চনত এবছৰৰ বাবে আমেৰিকান এয়াৰলাইনছত বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল।[10]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ক্ৰিছ জেনাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ক্ৰিছ জেনাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ↑ Stated in Kris Jenner... and All Things Kardashian, 2011
- ↑ "Kris Jenner Explains Why Khloé Kardashian Named Her Baby True" . Elle. April 16, 2018.
- ↑ "Khloe Kardashian's mom Kris Jenner reveals story behind baby name True" . Fox News. April 16, 2018.
- ↑ "Harry Shannon Obituary (2003) - San Diego, CA - San Diego Union-Tribune" (en ভাষাত). www.legacy.com. https://www.legacy.com/amp/obituaries/sandiegouniontribune/1246004। আহৰণ কৰা হৈছে: May 3, 2021.
- ↑ "Kris Jenner bio". wetpaint.com. http://www.wetpaint.com/kourtney-and-kim-take-new-york/cast/kris-jenner। আহৰণ কৰা হৈছে: July 23, 2011.
- ↑ Mimi Lombardo (August 13, 2015). "Kris Jenner: The Empress of Power". Haute Living. https://hauteliving.com/2015/08/kris-jenner-the-empress-of-power/582360/। আহৰণ কৰা হৈছে: September 24, 2020.
- ↑ "Famous Clairemont High School Alumni". January 6, 2015. http://www.biography.com/people/groups/famous-alumni-of-clairemont-high-school। আহৰণ কৰা হৈছে: February 16, 2016.
- ↑ "Kris Jenner". Biography.com. http://www.biography.com/people/kris-jenner-21187199। আহৰণ কৰা হৈছে: April 5, 2016.
- ↑ "Kris Jenner's Sister Reveals How Their Twisted Childhood Created a Crazed Workaholic". February 5, 2014. https://www.intouchweekly.com/posts/kris-jenner-s-sister-reveals-how-their-twisted-childhood-created-a-crazed-workaholic-27016/। আহৰণ কৰা হৈছে: September 11, 2022.
- ↑ "What Did Kris Jenner Do Before She Got Famous?". Wetpaint. February 20, 2012. http://www.wetpaint.com/what-did-kris-jenner-do-before-she-got-famous-757940/। আহৰণ কৰা হৈছে: February 16, 2016.