ক্ৰিয়া পদ
ক্ৰিয়া পদ (ইংৰাজী: Verb) ধাতুৰ লগত বিভক্তি প্ৰত্যয় আদি যোগ হৈ বাক্যত ব্যৱহৃত হ’লে, সেই ধাতু ক্ৰিয়াপদলৈ সলনি হয়। অৰ্থাৎ ক্ৰিয়াৰ মূল ধাতু। ক্ৰিয়া পদৰ দ্বাৰা বাক্যত কোনো কাৰ্য কৰা বা হোৱা বুজায়। অসমীয়া ভাষাত বাক্যত ক্ৰিয়াপদৰ ব্যৱহাৰ অত্যৱশ্যকীয় নহয়। বহু বাক্য ক্ৰিয়াপদ অবিহনেই ব্যৱহাৰ হয়।[1]
সংজ্ঞা
[সম্পাদনা কৰক]যি পদে কোনো কাম কৰা বা হোৱা বা নোহোৱা বুজায় থাকে ক্ৰিয়া পদ বোলে[2][3] বা ধাতুৰ লগত বিভক্তি যোগ হৈ ধাতু বাক্যত ব্যৱহৃত হ’লে তাক ক্ৰিয়া পদ বোলে।[4]
ক্ৰিয়া পদৰ শ্ৰেণীবিভাগ
[সম্পাদনা কৰক]ক্ৰিয়া পদ ঘাইকৈ দুবিধ, সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া।[5][1]
১. সকৰ্মক ক্ৰিয়া
[সম্পাদনা কৰক]যি ক্ৰিয়াৰ কাৰ্য কোনো বস্তুৰ ওপৰত হয়, অৰ্থাৎ সেই ক্ৰিয়া সাধিত হ’বলৈ এটা কৰ্মৰ প্ৰয়োজন হয়, তাক সকৰ্মক ক্ৰিয়া বোলে।
২. অকৰ্মক ক্ৰিয়া
[সম্পাদনা কৰক]যি ক্ৰিয়াৰ কাৰ্য কেৱল কৰ্তাৰ ওপৰতহে নিৰ্ভৰশীল; কোনো বস্তুৰ ওপৰত নহয়, তাক অকৰ্মক ক্ৰিয়া বোলে।
৩. সমাপিকা ক্ৰিয়া
[সম্পাদনা কৰক]- ক্ৰিয়াৰ যি ৰূপৰদ্বাৰা কথাৰ ওৰপৰা বুজায় তাক সমাপিকা বা সাধ্যা ক্ৰিয়া বোলে। অৰ্থাৎ যি ক্ৰিয়াৰ দ্বাৰা বাক্য সম্পূৰ্ণ হোৱা বা অৰ্থ সম্পূৰ্ণ হোৱা বুজায়, তাকে সমাপিকা ক্ৰিয়া বোলে। যেনে: মই কিতাপখন পঢ়িলোঁ।
সমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ: সাধাৰণতে ধাতুত ক্ৰিয়া বিভক্তি যোগ নোহোৱাকৈ সমাপিকা ক্ৰিয়া নহয়। ধাতুৰ পিছত ক্ৰিয়া বিভক্তি যোগ হৈ ক্ৰিয়াৰ ৰূপ সাধিত হয় বাবে ইয়াক সাধ্যা ক্ৰিয়াও বোলে। পুৰুষ, কাল, বাচ্য অনুযায়ী সমাপিকা ক্ৰিয়াত বিভক্তি যোগ হয়।
৪. অসমাপিকা ক্ৰিয়া
[সম্পাদনা কৰক]- যি ক্ৰিয়াৰ ৰূপৰদ্বাৰা কৰ্ম বাকী থকা বুজায়, তাক অসমাপিকা বা সিদ্ধা ক্ৰিয়া। অসমাপিকা ক্ৰিয়া বুজাবলৈ ই প্ৰত্যয় যোগ কৰা হয়। যেনে: সি ভাত খাই স্কুললৈ গ’ল। ইয়াত খা+ই=খাই অসমাপিকা ক্ৰিয়া।
অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ:
- এটা সমাপিকা ক্ৰিয়াৰ লগত এটা বা একাধিক অসমাপিকা ক্ৰিয়া ব্যৱহাৰ হ’ব পাৰে।
- বাক্য চুটি আৰু শুৱলা কৰিবলৈ বেলেগ বেলেগ সমাপিকা ক্ৰিয়াক অসমাপিকা কৰি একোটা বাক্য গঠন কৰা হয়। যেনে:সি ভাত খাই, কাপোৰ পিন্ধি স্কুললৈ গ’ল।
- অসমাপিকা ক্ৰিয়া সকলো কালতে ব্যৱহাৰ হ’ব পাৰে, সেয়ে ই কাল নিৰপেক্ষ। যেনে: মই ভাত খাই স্কুললৈ গৈছিলোঁ।; ৰমলাই ঘৰলৈ গৈ ভাত খাই শুলে। ইয়াত গৈ আৰু খাই “যা’’ আৰু “খা’’ ধাতুৰ অসমাপিকা ৰূপ; কিন্তু শুলে “শো’’ ধাতুৰ সমাপিকা ৰূপ।[5]
- অসমাপিকা ক্ৰিয়া সকলো পুৰুষ, বচন, লিংগতে একে ৰূপৰ হয়।
- অসমাপিকা ক্ৰিয়া অকৰ্মক হ’লেও সকৰ্মক সমাপিকা ক্ৰিয়াৰ লগত সংগতি ৰাখি কৰ্তাত সদায় এ যোগ হয়। যেনে: ৰাম+এ=ৰামে শুই উঠি চাহ খালে।
৫.এককৰ্মক আৰু দ্বিকৰ্মক ক্ৰিয়া
[সম্পাদনা কৰক]কোনো কোনো সকৰ্মক ক্ৰিয়াৰ এটা আৰু কোনো কোনো ক্ৰিয়াৰ দুটা কৰ্ম থাকে। তেনেধৰণৰ ক্ৰিয়াক এককৰ্মক আৰু সি ভাত খালে, এককৰ্মক ক্ৰিয়া আৰু মৃদুলে তাইক কথাটো ক’লে দ্বিকৰ্মক ক্ৰিয়া। ইয়াত “ক’লে’’ ক্ৰিয়াৰ দুটা কৰ্ম, তাইক আৰু কথাটো। গতিকে “ক’লে’’ ক্ৰিয়াটো দ্বিকৰ্মক ক্ৰিয়া।[5][3]
৬. সদৰ্থক আৰু নঞৰ্থক ক্ৰিয়া
[সম্পাদনা কৰক]- যি ক্ৰিয়াই ধনাত্মক অৰ্থ প্ৰকাশ কৰে, তাক সদৰ্থক ক্ৰিয়া বোলে। এনে ধৰণৰ ক্ৰিয়াক যথাৰ্থবোধক[4] ক্ৰিয়াও বোলে। যেনে: হয়, কৰে আদি।
- যি ক্ৰিয়াই ঋণাত্মক অৰ্থ প্ৰকাশ কৰে, তাক নঞৰ্থক ক্ৰিয়া বোলে। এনে ক্ৰিয়াক অভাৱবোধক[4] ক্ৰিয়াও বোলে। যেনে: নহয়, নকৰে আদি।
উল্লেখযোগ্য যে, অসমীয়া ভাষাত নঞৰ্থক ৰূপ ন, নে, নো, না, নি, নু শব্দৰ আগত বহে আৰু মূল শব্দৰ আদ্যাক্ষৰত থকা স্বৰবৰ্ণমতে “ন’’ৰ সৈতে উপাকৃতি প্ৰয়োগ কৰা হয়। ই অসমীয়া ভাষাৰ এক বিশেষ বৈশিষ্ট্য।[6][4]
৭. পাঁচনী ক্ৰিয়া
[সম্পাদনা কৰক]লোকক পাঁচি কোনো কাম কৰোৱা অৰ্থত যি ক্ৰিয়া ব্যৱহাৰ কৰা হয়, তাকে পাঁচনী ক্ৰিয়া বোলে।[4][3]
মন কৰিবলগীয়া কথা যে, বিভক্তি বা প্ৰত্যয় অবিহনে ধাতুয়ে ক্ৰিয়াৰ ৰূপ ল’ব নোৱাৰে। আ, উৱা আৰু ওৱা- এই তিনিটা প্ৰত্যয় ধাতুৰ লগত যোগ হৈ পাঁচনী ক্ৰিয়া গঠিত হয়। যেনে, পঢ়+আ=পঢ়া, পঢ়+উৱা=পঢ়ুৱা। ঠিক তেনেদৰে, পঢ়+আ+ইছোঁ=পঢ়াইছোঁ; পঢ়+উৱা+ইছোঁ=পঢ়ুৱাইছোঁ।
পাঁচনী ক্ৰিয়ালৈ নিলে সকৰ্মক ধাতু দ্বিকৰ্মক আৰু অকৰ্মক ধাতু সকৰ্মক হয়।
৮. সহকাৰী আৰু অনিয়মিত ক্ৰিয়া
[সম্পাদনা কৰক]যি ক্ৰিয়াই কৰ্তাৰ কামটোৰ প্ৰবলতা বা জোৰ বুজায়, তাকে সহকাৰী ক্ৰিয়া বোলে। আনহাতে,যি ক্ৰিয়াৰ সকলো কাল আৰু পুৰুষত একে ৰূপ নহয়, তাক অনিয়মিত ক্ৰিয়া বোলে।[3]
ক্ৰিয়া পদৰ ৰূপভেদ
[সম্পাদনা কৰক]অসমীয়া ভাষাত ক্ৰিয়া পদৰ ৰূপভেদ প্ৰধানত কাল আৰু পুৰুষৰ ওপৰত নিৰ্ভৰশীল। কাল আৰু পুৰুষ অনুযায়ী ক্ৰিয়া বিভক্তিসমূহ হ’ল:
ক্ৰিয়া বিভক্তি
[সম্পাদনা কৰক]সাধাৰণতে ধাতুৰ লগত কাল আৰু পুৰুষ অনুযায়ী যোগ হোৱা বিভক্তিৰ চিনবোৰ হ’ল:[1]
| কাল | প্ৰথম পুৰুষ | দ্বিতীয় পুৰুষ (মান্য) | দ্বিতীয় পুৰুষ (তুচ্ছ) | তৃতীয় পুৰুষ |
|---|---|---|---|---|
| নিত্য বৰ্তমান | -ইছোঁ | -ইছা | -ইছ | -ইছে |
| অপূৰ্ণ ভূত | -ইছিলোঁ | -ইছিলা | -ইছিলি | -ইছিল |
| পূৰ্ণ ভূত | -ইলোঁ | -ইলা | -ইলি | -ইলে |
| ভৱিষ্যত | -ইম | -ইবা | -ইবি | -ইব |
ড° গোলোক চন্দ্ৰ গোস্বামীয়ে ক্ৰিয়া বিভক্তিৰ এখন কিছু সুকীয়া তালিকা দাঙি ধৰিছে:[1]
| প্ৰধান কাল | কাল আৰু দশাৰ ভাগ | কালবাচক প্ৰত্যয় |
পুৰুষবাচক বিভক্তি | |||
|---|---|---|---|---|---|---|
| উত্তম পুৰুষ |
মধ্যম পুৰুষ | নাম পুৰুষ | ||||
| মান্য | তুচ্চ | |||||
| বৰ্তমান | ১৷ অনুজ্ঞা (দশা) | — | — | আ | ০ | অক (ওক) |
| ২৷ নিত্য বৰ্তমান (কাল) | — | ওঁ | আ | এ | এ, য় | |
| ৩৷ স্বৰূপ বৰ্তমান (দশা) | ইছ্ | ওঁ | আ | অ | এ | |
| অতীত | ৪৷ স্বৰূপ ভূত (কাল) | ইল্ | ওঁ | আ | ||
| ৫৷ অপূৰ্ণ ভূত (দশা) | ইছ্-ইল্ | ওঁ | আ | ই | ০ | |
| ভৱিষ্যত | ৬৷ ভৱিষ্যত (কাল) | ইব | ম | আ | ই | ০ |
আৰু চাওক
[সম্পাদনা কৰক]উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 ডেকা, ড° খগেশ সেন (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃষ্ঠা. ২২৭.
- ↑ "ব্যাকৰণ পাঠ". https://w.wiki/CQNz। আহৰণ কৰা হৈছে: 28 October 2025.
- ↑ 3.0 3.1 3.2 3.3 ডেকা, ধৰ্ম সিংহ (২০১১). ৰচনা বিচিত্ৰা. অসম বুক ডিপো. পৃষ্ঠা. ৩৬.
- ↑ 4.0 4.1 4.2 4.3 4.4 বৰপুজাৰী, অৰুণ চন্দ্ৰ; হাজৰিকা, লক্ষী (সম্পাদনা) (২০১৩). অসমীয়া ভাষা-বোধ ব্যাকৰণ আৰু ৰচনা সাৰথি. অশোক বুক ষ্টল. পৃষ্ঠা. ১০৩.
- ↑ 5.0 5.1 5.2 "ক্ৰিয়া". https://as.wikisource.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A6%B2_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3/%E0%A6%A6%E0%A6%B6%E0%A6%AE_%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: 28 October 2025.
- ↑ ডেকা, ড° খগেশ সেন (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃষ্ঠা. ২৪৯.