ক্ৰিষ্টিনা ৰিচি
| ক্ৰিষ্টিনা ৰিচি | |
|---|---|
২০২৪ চনত ৰিচি | |
| জন্ম | ১২ ফেব্ৰুৱাৰী, ১৯৮০ (৪৬ বছৰ)[1] ছাণ্টা মনিকা, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯০–বৰ্তমান |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ২ গৰাকী |
| স্বাক্ষৰ | |
ক্ৰিষ্টিনা ৰিচি (ইংৰাজী: Christina Ricci; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ডাৰ্ক এজ বা কিছু অস্বাভাৱিক চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত ৰিচিয়ে বেছিভাগেই স্বতন্ত্ৰ বা ইনডিপেণ্ডেণ্ট ছবিত কাম কৰে, যদিও তেওঁ অসংখ্য বক্স অফিচ হিট ছবিতো অভিনয় কৰিছে।[2] তেওঁ গোল্ডেন গ্ল’ব, স্ক্ৰীন এক্টৰ্ছ গিল্ড আৰু প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছে।
ৰিচিয়ে দহ বছৰ বয়সত মাৰ্মেইডছ (১৯৯০) ছবিৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছতে দ্য এডামছ ফেমিলি (১৯৯১) আৰু ইয়াৰ ১৯৯৩ চনৰ ছিকুৱেলত ৱেনচডে এডামছৰ চৰিত্ৰত অভিনয় কৰি তেওঁ চৰ্চালৈ আহে। পৰৱৰ্তী সময়ত কেস্পাৰ আৰু নাও এণ্ড দেন (দুয়োখন ১৯৯৫ চনৰ) ছবিত অভিনয় কৰি তেওঁ কিশোৰ-কিশোৰীসকলৰ মাজত জনপ্ৰিয় হৈ পৰে।[3] তেওঁৰ কৈশোৰৰ শেষৰফালে তেওঁ দ্য আইচ ষ্টৰ্ম (১৯৯৭), বাফেলো '৬৬, দ্য অপজিট অফ চেক্স, পেকাৰ (সকলোবোৰ ১৯৯৮ চনৰ), ২০০ ছিগাৰেটছ আৰু শ্লীপি হালো (দুয়োখন ১৯৯৯ চনৰ) দৰে প্ৰাপ্তবয়স্ক কেন্দ্ৰিক প্ৰকল্পলৈ গতি কৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে দ্য মেন হু ক্ৰাইড (২০০০), প্ৰ’জাক নেচন (২০০১), পাম্পকিন (২০০২), এনিথিং এলছ, মন্সটাৰ (দুয়োখন ২০০৩ চনৰ), কাৰ্ছড (২০০৫), পেনেলোপি, ব্লেক স্নেক মোন (দুয়োখন ২০০৬ চনৰ), স্পীড ৰেচাৰ (২০০৮), বেল আমি (২০১২) আৰু দ্য মেট্ৰিক্স ৰেচাৰেকচনছ (২০২১)।
টেলিভিছনৰ ক্ষেত্ৰত ৰিচিয়ে এলী মেকবীলৰ অন্তিম ছিজনত (২০০২) লাইজা বাম্পৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ২০০৬ চনত গ্ৰেজ এনাটমীত অতিথি চৰিত্ৰত অভিনয় কৰি এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ পেন এম (২০১১–২০১২) ধাৰাবাহিকত অভিনয় কৰাৰ লগতে দ্য লিজি বৰ্ডেন ক্ৰনিকলছ (২০১৫) আৰু জেড° দ্য বিগিনিং অফ এভৰিথিং (২০১৭) ধাৰাবাহিক দুখন প্ৰযোজনা কৰাৰ লগতে অভিনয়ো কৰিছিল। তেওঁ ধাৰাবাহিক ৱেনচডেৰ (২০২২–বৰ্তমান) প্ৰথম আৰু দ্বিতীয় ছিজনত মেৰিলিন থৰ্নহিল হিচাপে অভিনয় কৰিছে। ২০২১ চনৰপৰা ৰিচিয়ে য়েল’জেকেটছত মিষ্টি কুইগলীৰ চৰিত্ৰত অভিনয় কৰি আহিছে, যাৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ মনোনয়ন লাভ কৰিছে। তেওঁ এনিমেটেড ধাৰাবাহিক বেটমেন: কেপড ক্ৰুচেডাৰ (২০২৪)-ত কেটৱমেন / চেলিনা কাইলৰ চৰিত্ৰত কণ্ঠদান কৰিছে।
২০১০ চনত ৰিচিয়ে ডোনাল্ড মাৰ্গুলিছৰ নাটক টাইম ষ্টেণ্ডছ ষ্টিলৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰে। তেওঁ 'ৰেপ, এবিউজ এণ্ড ইনচেষ্ট নেচনেল নেটৱৰ্ক'ৰ (RAINN) এগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰ।[4]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰিচিৰ জন্ম হৈছিল ১৯৮০ চনৰ ১২ ফেব্ৰুৱাৰীত কেলিফৰ্ণিয়াৰ ছাণ্টা মনিকাত। তেওঁ ছাৰা (পূৰ্বৰ নাম মাৰ্ডক) আৰু ৰাল্ফ ৰিচিৰ চাৰিজন সন্তানৰ ভিতৰত আটাইতকৈ সৰু আছিল। তেওঁৰ পিতৃৰ কেৰিয়াৰ বিভিন্ন আছিল, যাৰ ভিতৰত জিম শিক্ষক, অধিবক্তা, ড্ৰাগ কাউন্সেলৰ আৰু প্ৰাইমেল স্ক্ৰীম থেৰাপিষ্ট হিচাপে কাম কৰাৰ কথা উল্লেখযোগ্য।[5] ৰিচিয়ে তেওঁৰ পিতৃক এজন "বিফল কাল্ট লিডাৰ" বুলি অভিহিত কৰিছে।[6] তেওঁৰ মাতৃয়ে ১৯৬০-ৰ দশকত ফৰ্ড এজেন্সিৰ মডেল হিচাপে কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰিয়েল এষ্টেট এজেণ্ট হৈছিল। ৰিচিৰ ইটালীয়ান, আইৰিছ আৰু স্কটিছ বংশোদ্ভূত পূৰ্বপুৰুষ আছিল।[7]
ৰিচিৰ পৰিয়ালটো নিউ জাৰ্ছীৰ মণ্টক্লেয়াৰলৈ স্থানান্তৰিত হৈছিল, য’ত তেওঁ এজমণ্ট প্ৰাথমিক বিদ্যালয়, গ্লেনফিল্ড মিডল স্কুল, মণ্টক্লেয়াৰ হাইস্কুল আৰু মৰিষ্টাউন–বিয়েৰ্ড স্কুলত অধ্যয়ন কৰিছিল।[8] পিছলৈ তেওঁ নিউয়ৰ্ক চহৰৰ প্ৰফেচনেল চিলড্ৰেনছ স্কুলত অধ্যয়ন কৰে।[9] ৰিচিৰ পিতৃ-মাতৃ তেওঁৰ কিশোৰ বয়সৰ আগতেই পৃথকে থাকিবলৈ লয়।[10] বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজৰ শৈশৱ, বিশেষকৈ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ আৰু পিতৃৰ সৈতে থকা তেওঁৰ অশান্ত সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছে।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Famous birthdays for Feb. 12: Christina Ricci, Bill Russell" (en ভাষাত). UPI. https://www.upi.com/Entertainment_News/2022/02/12/Famous-birthdays-for-Feb-12-Christina-Ricci-Bill-Russell/3961643991239/। আহৰণ কৰা হৈছে: June 25, 2023.
- ↑ "Christina Ricci". The Numbers. Archived from the original on June 25, 2023. https://web.archive.org/web/20230625234923/https://www.the-numbers.com/person/120820401-Christina-Ricci। আহৰণ কৰা হৈছে: June 25, 2023.
- ↑ "Christina Ricci: Beyond Wednesday". Dazed. September 22, 2015. http://www.dazeddigital.com/artsandculture/article/26596/1/christina-ricci-beyond-wednesday। আহৰণ কৰা হৈছে: September 19, 2018.
- ↑ "Christina Ricci Shines Light on Sexual Violence in Huffington Post" (en ভাষাত). CBS News. September 11, 2009. https://www.cbsnews.com/news/christina-ricci-shines-light-on-sexual-violence-in-huffington-post/। আহৰণ কৰা হৈছে: June 25, 2023.
- ↑ "The vamp is a lady". The Telegraph. April 28, 2007. https://www.telegraph.co.uk। আহৰণ কৰা হৈছে: May 7, 2018.
- ↑ "Inside Christina Ricci's 'Chaotic' Upbringing With Cult Leader Dad: 'There Was Never Any Peace'" (en-US ভাষাত). Yahoo Entertainment. 2024-10-03. https://www.yahoo.com। আহৰণ কৰা হৈছে: 2025-03-22.
- ↑ "The Minx Effect". http://www.christinaricci.info। আহৰণ কৰা হৈছে: November 22, 2007.
- ↑ About Christina Ricci "The family moved to Montclair, New Jersey, where she grew up attending Edgemont Elementary School, Glenfield Middle School, and Montclair High School as well as the Morristown-Beard School."
- ↑ Goldfarb, Bard (February 2004). "Christina Ricci: at age 8, she arrived to an audition with a black eye and freaked the casting director out. Fifteen years later, she's still keeping the surprises coming – Interview". Find Articles. http://www.findarticles.com.
- ↑ Chiu, Alexis (May 19, 2008). "Christina Ricci". People খণ্ড 69 (19). https://people.com। আহৰণ কৰা হৈছে: March 24, 2015.
- ↑ Brockes, Emma (November 11, 2021). "Christina Ricci: 'I don't think anything I said was really dark'". The Guardian. https://www.theguardian.com.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ক্ৰিষ্টিনা ৰিচি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ইনষ্টাগ্ৰামত ক্ৰিষ্টিনা ৰিচি
- ক্ৰিষ্টিনা ৰিচি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।