ক্ৰীষ্টিন লাগাৰ্ড
Christine Lagarde | |
|---|---|
অফিচিয়েল প’ৰ্ট্ৰেইট, ২০১৯ | |
| ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভাপতি | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১ নৱেম্বৰ ২০১৯ | |
| উপ ৰাষ্ট্ৰপতি | লুইছ ডি গুইণ্ডোছ |
| পূৰ্বসূৰী | মাৰিঅ' ড্ৰাঘী |
| আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক | |
| কাৰ্যকাল ৫ জুলাই ২০১১ – ১২ ছেপ্টেম্বৰ ২০১৯ | |
| সহকাৰী |
|
| পূৰ্বসূৰী | ডমিনিক ষ্ট্ৰাউছ-কান |
| উত্তৰসূৰী | ক্ৰীষ্টালিনা জৰ্জিভা |
| অৰ্থনীতি, বিত্ত আৰু উদ্যোগ মন্ত্ৰী | |
| কাৰ্যকাল ১৯ জুন ২০০৭ – ২৯ জুন ২০১১ | |
| প্ৰধানমন্ত্ৰী | ফ্ৰান্সোৱা ফিলন |
| পূৰ্বসূৰী | জিন-লুই বৰলু |
| উত্তৰসূৰী | ফ্ৰান্সোৱা বেৰ’ইন |
| কৃষি আৰু মীন মন্ত্ৰী | |
| কাৰ্যকাল ১৮ মে’ ২০০৭ – ১৮ জুন ২০০৭ | |
| প্ৰধানমন্ত্ৰী | ফ্ৰান্সোৱা ফিলন |
| পূৰ্বসূৰী | ডমিনিক বুচেৰ’ |
| উত্তৰসূৰী | মিচেল বাৰ্নিয়েৰ |
| বৈদেশিক বাণিজ্য মন্ত্ৰী | |
| কাৰ্যকাল ২ জুন ২০০৫ – ১৫ মে’ ২০০৭ | |
| প্ৰধানমন্ত্ৰী | ডমিনিক ডি ভিলেপিন |
| পূৰ্বসূৰী | ফ্ৰান্সোৱা লুছ |
| উত্তৰসূৰী | হাৰ্ভে নোভেলি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ক্ৰীষ্টিন মেডেলিন অডেট লেল’ৱেট ১ জানুৱাৰী, ১৯৫৬ (৭০ বছৰ) পেৰিছ, ফ্ৰান্স |
| ৰাজনৈতিক দল | পাৰ্টি ইউনিয়ন ফৰ এ পপুলাৰ মুভমেণ্ট (২০০৭–২০১১) |
| আন ৰাজনৈতিক সম্পৰ্ক |
ইউৰোপীয় পিপলছ পাৰ্টি |
| দাম্পত্যসঙ্গী | উইলফ্ৰেড লাগাৰ্ড (বি. ১৯৮২; বিবি. ১৯৯২) |
| সন্তান | ২ |
| শিক্ষা | পেৰিছ নান্টেৰে বিশ্ববিদ্যালয় Sciences Po Aix |
| স্বাক্ষৰ | |
ক্ৰীষ্টিন মেডেলিন অডেট লাগাৰ্ড (ইংৰাজী: Christine Madeleine Odette Lagarde; জন্ম ১ জানুৱাৰী ১৯৫৬) এগৰাকী ফৰাচী ৰাজনীতিবিদ আৰু অধিবক্তা যিয়ে ২০১৯ চনৰ পৰা ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ২০১১ চনৰ পৰা ২০১৯ চনলৈকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আই এম এফ) ১১ সংখ্যক পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাগাৰ্ডে ২০০৭ চনৰ পৰা ২০১১ চনলৈকে ফ্ৰান্স চৰকাৰতো কাৰ্যনিৰ্বাহ কৰিছিল, য’ত আটাইতকৈ বিশিষ্টভাৱে অৰ্থনীতি, বিত্ত আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই প্ৰতিটো পদতে তেওঁ প্ৰথম মহিলা।[1]
২০১৯, ২০২০, ২০২২, ২০২৩, ২০২৪, আৰু ২০২৫ চনত ফৰ্বছে তেওঁক বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত দ্বিতীয় স্থানত স্থান দিছিল।[2][3][4][5]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ক্ৰীষ্টিন লাগাৰ্ড ফ্ৰান্সৰ পেৰিছত[6] শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰবাৰ্ট লেল'ৱেট (ফৰাচী পিতৃ আৰু মাতৃ ইহুদী)[7] এজন ইংৰাজী শিক্ষক আছিল; তেওঁৰ মাতৃ নিকোল (কেৰে)[8] এগৰাকী লেটিন, গ্ৰীক আৰু ফৰাচী সাহিত্যৰ শিক্ষয়িত্ৰী আছিল। লাগাৰ্ড আৰু তেওঁৰ তিনিজন সৰু ভাতৃয়ে শৈশৱ লে হাভ্ৰেত কটায়। তাত তেওঁলোকে লাইচি ফ্ৰান্সোৱা ১এৰ (য'ত তেওঁৰ পিতৃয়ে অধ্যাপনা কৰিছিল) আৰু লাইচি ক্ল'ড মনেটত অধ্যয়ন কৰে।[9][10][11]
পেছাদাৰী কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৮১ চনত লাগাৰ্ডে চিকাগোৰ এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় আইন সংস্থা বেকাৰ এণ্ড মেকেঞ্জীত যোগদান কৰে। তেখেতে টেক্স হেবনত থকা ফাৰ্মখনৰ দুটা সহযোগী কোম্পানীত পৰিচালিকা আছিল।[12] তেখেতে ডাঙৰ ডাঙৰ এণ্টিট্ৰাষ্ট আৰু শ্ৰম গোচৰ চম্ভালিছিল, ছয় বছৰৰ পিছত অংশীদাৰ কৰা হৈছিল আৰু পশ্চিম ইউৰোপৰ প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৯৫ চনত তেওঁ কাৰ্যবাহী সমিতিত যোগদান কৰে আৰু ১৯৯৯ চনৰ অক্টোবৰ মাহত কোম্পানীটোৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ নিৰ্বাচিত হয়।[13][14] [15][16] তিনি বছৰৰ পাছত তেওঁ পুনৰ নিৰ্বাচিত হয়। বেকাৰ এণ্ড মেকেঞ্জীত লাগাৰ্ডে "ক্লায়েণ্ট-ফাৰ্ষ্ট" পদ্ধতি ৰূপায়ণ কৰিছিল, যাৰ অধীনত উকীলসকলে জৰুৰীকালীন অৱস্থাত কেৱল প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ক্লায়েণ্টৰ প্ৰয়োজনীয়তাসমূহ আগতীয়াকৈ অনুমান কৰে।[17]
২০০৪ চনত লাগাৰ্ডে গ্ল'বেল ষ্ট্ৰেটেজিক কমিটিৰ সভাপতি হয়।[18]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]লাগাৰ্ডৰ প্ৰথমজন স্বামী হৈছে ফৰাচী বিত্তীয় বিশ্লেষক উইলফ্ৰাইড লাগাৰ্ড, যাৰ সৈতে তেওঁৰ দুজন পুত্ৰ আছে, পিয়েৰ-হেনৰী লাগাৰ্ড (জন্ম ১৯৮৬) আৰু থমাছ লাগাৰ্ড (জন্ম ১৯৮৮); ১৯৮২ চনত তেওঁলোকৰ বিবাহ হয় আৰু ১৯৯২ চনত বিবাহ বিচ্ছেদ হয়।[19][20] দ্বিতীয়জন হৈছে ব্ৰিটিছ ব্যৱসায়ী আচেৰন গিলম’ৰ; তেওঁ কেতিয়াবা বিবাহিত হৈছিল নে নাই সেই সম্পৰ্কে সূত্ৰসমূহৰ মাজত পাৰ্থক্য আছে।[21] ২০০৬ চনৰ পৰা তেওঁৰ অংশীদাৰ হৈছে মাৰ্চেইলৰ উদ্যোগী জেভিয়াৰ জিঅ'কান্টি,[22] পেৰিছ এক্স বিশ্ববিদ্যালয়ৰ সহপাঠী।[23][24] কিছুমান সূত্ৰই কয় যে তেওঁলোকে বিয়া হৈছিল, কিন্তু কেতিয়া বিয়া হৈছিল সেইটো নিৰ্দিষ্ট কৰা হোৱা নাই।[25][26]
তেওঁ এগৰাকী স্বাস্থ্য সচেতন নিৰামিষভোজী,[27][26] আৰু তেওঁৰ চখসমূহৰ ভিতৰত নিয়মীয়াকৈ জিমলৈ যোৱা, চাইকেল চলোৱা আৰু সাঁতোৰ আদি অন্তৰ্ভুক্ত।[11]
তেওঁ ফৰাচী, ইংৰাজী আৰু স্পেনিছ ভাষা ক'বলৈ জানে।[20] ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ জাৰ্মান ভাষা শিকিবলৈ মনস্থ কৰা বুলি খবৰ ওলাইছিল।[28]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hope, Katie (12 July 2019). "Christine Lagarde: The 'rock star' of finance" (en-US ভাষাত). BBC. https://www.bbc.com/news/business-48847473। আহৰণ কৰা হৈছে: 17 July 2019.
- ↑ "The World's Most Powerful Women 2019" (en ভাষাত). Forbes. https://www.forbes.com/power-women/। আহৰণ কৰা হৈছে: 19 February 2020.
- ↑ "The World's 100 Most Powerful Women 2020" (en ভাষাত). Forbes. https://www.forbes.com/power-women/। আহৰণ কৰা হৈছে: 9 December 2020.
- ↑ BURHO", "MOIRA FORBES AND MAGGIE MCGRATH WITH NICOLETTE JONES AND ERIKA. "The World's Most Powerful Women 2023" (en ভাষাত). Forbes. https://www.forbes.com/lists/power-women/.
- ↑ Roberta Maddalena (12 December 2024). "Giorgia Meloni è la terza donna più potente del mondo. Prima Ursula von der Leyen" (IT ভাষাত). https://forbes.it/2024/12/12/100-donne-potenti-mondo-meloni-podio/.
- ↑ "Le Nouvel Economiste". Nouveleconomiste.fr. Archived from the original on 28 August 2011. https://web.archive.org/web/20110828092934/http://www.nouveleconomiste.fr/Portraits/1230-Lagarde.html। আহৰণ কৰা হৈছে: 21 February 2014.
- ↑ Lagarde, Christine. "Promoting Peace, Tolerance, and Respect". Imf.org. https://www.imf.org/en/News/Articles/2018/09/30/sp092618-promoting-peace-tolerance-and-respect। আহৰণ কৰা হৈছে: 4 June 2022.
- ↑ Média, Prisma (15 June 2022). "Christine Lagarde - La biographie de Christine Lagarde avec Gala.fr". http://www.gala.fr/stars_et_gotha/christine_lagarde.
- ↑ "Les Anciens Archived 3 July 2019 at the Wayback Machine" at Lycée François 1er
- ↑ Barca, Antonio Jiménez (24 July 2011). "La mujer que oculta acero tras la sonrisa" (es ভাষাত). El País. http://www.elpais.com/articulo/reportajes/mujer/oculta/acero/sonrisa/elpepusocdmg/20110724elpdmgrep_6/Tes.
- 1 2 Guinness, Molly (17 July 2011). "Is this the world's sexiest woman (and the most powerful)?". The Guardian (London). https://www.theguardian.com/world/2011/jul/17/christine-lagarde-worlds-sexiest-woman.
- ↑ José María Irujo, Joaquín Gil (22 November 2019). "Lagarde was a director of two Baker & McKenzie affiliates in tax havens". El País (English edition). https://english.elpais.com/elpais/2019/11/19/inenglish/1574170217_429622.html.
- ↑ "Firm Facts | Firm History | Baker & McKenzie". Bakermckenzie.com. Archived from the original on 15 June 2014. https://web.archive.org/web/20140615184259/http://www.bakermckenzie.com/firmfacts/firmhistory/। আহৰণ কৰা হৈছে: 21 February 2014.
- ↑ "Christine Lagarde, the eleventh European to head the IMF". Thomaswhite.com. 31 July 2012. http://www.thomaswhite.com/explore-the-world/global-players/christine-lagarde.aspx। আহৰণ কৰা হৈছে: 21 February 2014.
- ↑ "Christine Lagarde: Executive Profile & Biography". S&P Global Market Intelligence. https://www.bloomberg.com/research/stocks/private/person.asp?personId=160171&privcapId=4203914। আহৰণ কৰা হৈছে: 11 May 2019.
- ↑ Petersen, Melody (9 October 1999). "Her Partners Can Call Her Ms. Chairman; Baker & McKenzie Takes Small Step for a Law Firm, Giant Leap for Womankind". The New York Times: পৃষ্ঠা C1. https://www.nytimes.com/1999/10/09/business/her-partners-can-call-her-ms-chairman-baker-mckenzie-takes-small-step-for-law.html.
- ↑ "Christine Lagarde | Biography, IMF, ECB, & Facts | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/biography/Christine-Lagarde। আহৰণ কৰা হৈছে: 2023-04-25.
- ↑ "Christine Lagarde biography". Ministry of the Economy (France). http://www.exporter.gouv.fr/exporter/Pages.aspx?iddoc=37&pex=1-2-38-37। আহৰণ কৰা হৈছে: 2 March 2009.
- ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche"
- 1 2 "Christine Lagarde Fast Facts". CNN. 2 January 2013. https://www.cnn.com/2013/01/02/world/christine-lagarde---fast-facts/index.html। আহৰণ কৰা হৈছে: 10 August 2023.
- ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche". Several sources describe them as married ("The disarming charm of Christine Lagarde". Daily Telegraph. 27 May 2012. https://www.telegraph.co.uk/finance/financialcrisis/9291965/The-disarming-charm-of-Christine-Lagarde.html। আহৰণ কৰা হৈছে: 12 February 2019.) and divorced ("Christine Lagarde: fast facts" at CNN)
- ↑ Gillian Tett (12 September 2014), Lunch with the FT: Christine Lagarde Financial Times.
- ↑ Jean-Louis Beaucarnot, Le Tout politique (L'Archipel, 2022) at "Christine Lagarde: Famille proche"
- ↑ Cyril Morin, "OM: cinq choses à savoir sur Xavier Giocanti" in Eurosport (19 April 2016)
- ↑ "Qui est Xavier Giocanti, le mari de Christine Lagarde ?" in Blog—Introduction
- 1 2 "Xavier Giocanti, le mari de... Christine Lagarde" (fr ভাষাত). Paris Match. http://www.parismatch.com/People-Match/Politique/Actu/Xavier-Giocanti-le-mari-de-Christine-Lagarde-202274/। আহৰণ কৰা হৈছে: 21 February 2014.
- ↑ "Christine Lagarde – La biographie de Christine Lagarde avec" (fr ভাষাত). Gala.fr. http://www.gala.fr/les_stars/bios_de_stars/christine_lagarde। আহৰণ কৰা হৈছে: 21 February 2014.
- ↑ "Christine Lagarde apprend l'allemand" (fr ভাষাত). Le Soir. 2019-12-30. https://www.lesoir.be/269894/article/2019-12-30/christine-lagarde-apprend-lallemand। আহৰণ কৰা হৈছে: 2023-08-06.