কৰণী মাতা
কৰণী মাতা | |
---|---|
শক্তি আৰু বিজয়ৰ দেৱী আৰু হিংলাজৰ অৱতাৰ | |
![]() | |
দেৱনাগৰী | करणी माता |
নিবাস | পশ্চিম ৰাজস্থান (মাৰৱাৰ) |
প্ৰতীক | ঈগল |
আসন/বাহন | সিংহ |
কৰণী মাতা (ইংৰাজী: Karni Mata ; হিন্দী: करणी माता; অথবা ভাগৱতী কৰণীজী মহাৰাজ) এগৰাকী হিন্দু শক্তি আৰু বিজয়ৰ দেৱী; যাক ভাগৱতী, মেহাই, জগদম্বা, আৰু কিনিয়ানী আদি বিভিন্ন নামেৰে জনা যায়। এগৰাকী যোদ্ধা ঋষি হিচাপে বৰ্ণনা কৰা দেৱীগৰাকী পশ্চিম ৰাজস্থানত ১৪ আৰু ১৬ শতিকাৰ ভিতৰত বাস কৰিছিল। কৰণী মাতা উত্তৰ-পশ্চিম ভাৰতৰ ৰাজপুত আৰু চৰণসকলৰ সংৰক্ষক দেৱী। সগতীৰ ৰূপত তেওঁক হিংলাজ বা দুৰ্গাৰ অৱতাৰ হিচাপেও পূজা কৰা হয়।[1] বিকানেৰ আৰু যোধপুৰ ৰাজপৰিয়ালৰ আধিকাৰিক দেৱী। অঞ্চলটোৰ ইতিহাস গঢ় দিয়াত কৰণীজীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অঞ্চলটোত ৰাজপুত আধিপত্য প্ৰতিষ্ঠাৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ আশীৰ্বাদত ৰাও জোধা আৰু ৰাও বিকাই যোধপুৰ আৰু বিকানেৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। বিকানেৰ আৰু যোধপুৰৰ মহাৰাজৰ অনুৰোধত তেওঁ এই অঞ্চলৰ দুটা গুৰুত্বপূৰ্ণ দুৰ্গ বিকানেৰ দুৰ্গ আৰু মেহৰনগড় দুৰ্গৰ ভেটি স্থাপন কৰে।[2] তেওঁ তপস্বী জীৱন কটাইছিল আৰু জীৱনকালত তেওঁক বহুলভাৱে শ্ৰদ্ধা কৰা হৈছিল।[3] মাৰৱাৰ অঞ্চলৰ ভাৰতীয় সৈন্যয়ো কৰণী মাতাক তেওঁলোকৰ সংৰক্ষক দেৱী হিচাপে গণ্য কৰে।[4]
কৰণী মাতা মন্দিৰৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে দেশনোকৰ কৰণী মাতা মন্দিৰ, য'ত মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা ওৰাণ ভূমি সকলো জীৱৰ বাবে পবিত্ৰ অভয়াৰণ্য আৰু কাৰো ক্ষতি হ'ব নালাগে।[5] ৰাজস্থানত ক’লা হৰিণাক পবিত্ৰ বুলি গণ্য কৰা হয়; কাৰণ কৰণী মাতাই তেওঁলোকক সুৰক্ষা দিয়ে।[6]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Amazing Shri Manshapurna Karni Mata Temple – HariBhakt | History, Facts, Awareness of Hindu Dharma" (en-US ভাষাত). HariBhakt | History, Facts, Awareness of Hindu Dharma -. 9 November 2015. Archived from the original on 2022-01-20. https://web.archive.org/web/20220120133647/https://haribhakt.com/amazing-shri-manshapurna-karni-mata-temple/। আহৰণ কৰা হৈছে: 2022-04-06. "Shri Karni Mata is the incarnation of Devi Hinglaj or Devi Durga(The Goddess of Power and Victory. Goddess Durga is synonymous with Shakti, the cosmic power that wages an eternal war against the evil and also the energy of life for everyone)."
- ↑ Matheson, Sylvia A. (1984) (en ভাষাত). Rajasthan, Land of Kings. Vendome Press. পৃষ্ঠা. 129, 131. ISBN 978-0-86565-046-6. https://books.google.com/books?id=dCVuAAAAMAAJ. "After performing miracles and foretelling the future early in her life, Karanji dedicated herself to the service of the poor. She is said to have laid the foundations of the fortress of Jodhpur in 1458, prophesying that the dynasty would rule until the 'twenty-eighth step', and when Prince Bika, son of the Jodhpur ruler, was on his way to found his own kingdom of Bikaner in 1465, he visited Karanji for her blessing. Today she is known as Karni Mata. On important occasions her image is dressed in clothes from the royal Bikaner house, whose rulers never engaged in battle without first seeking the saint's blessing."
- ↑ Schaflechner, Jürgen (2018) (en ভাষাত). Hinglaj Devi: Identity, Change, and Solidification at a Hindu Temple in Pakistan. Oxford University Press. পৃষ্ঠা. 65, 66. ISBN 978-0-19-085052-4. https://books.google.com/books?id=khBADwAAQBAJ.
- ↑ Kothiyal, Tanuja (2016-03-14) (en ভাষাত). Nomadic Narratives: A History of Mobility and Identity in the Great Indian Desert. Cambridge University Press. ISBN 978-1-107-08031-7. https://books.google.com/books?id=be-7CwAAQBAJ&dq=%22karni%22+%22rajputs%22&pg=PA224. "Several Charani goddesses like Avad, Karni, Nagnechi, Sangviyaan, Barbadi, among others are revered by Rajputs as patron deities."
- ↑ General, India Office of the Registrar (1966) (en ভাষাত). Census of India, 1961. Manager of Publications. https://books.google.com/books?id=aeoeAQAAMAAJ&q=%22karni%22+%22rajputs%22. "The principal followers of the deity are Charans , who are also the priests and belong to the community to which Karni Mata belonged , and Rajputs who worship her as their family deity."
- ↑ Geer, Alexandra van der (2008-10-16) (en ভাষাত). Animals in Stone: Indian Mammals Sculptured Through Time. Brill. ISBN 978-90-474-4356-8. https://brill.com/view/title/15305.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Karni Mata সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Read Details about Karni Mata Temple
- National Geographic News: Rats Rule at Indian Temple
- Deshnok Temple A three-minute video news report on Karni Mata, aka the "Bagwati Karniji" temple in Deshnoke, Rajasthan. Accessed 10 August 2007.