কৰণ জোহৰ
| কৰণ জোহৰ | |
|---|---|
২০২৫ চনৰ কাঁন চলচ্চিত্ৰ মহোৎসৱত জোহৰ | |
| জন্ম | ৰাহুল কুমাৰ জোহৰ[1] ২৫ মে', ১৯৭২ (৫৩ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| শিক্ষানুষ্ঠান | এইচ্ছ.আৰ. বাণিজ্য আৰু অৰ্থনীতি মহাবিদ্যালয় |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৮৯–বৰ্তমানলৈকে |
| সংস্থা | ধৰ্ম প্ৰডাকচন |
| সন্তান | ২ |
| স্বাক্ষৰ | |
কৰণ কুমাৰ জোহৰ[2]ক (জন্মতে : ৰাহুল কুমাৰ জোহৰ; ২৫ মে' ১৯৭২),[1] প্ৰায়ে অনানুষ্ঠানিকভাৱে কেজো (KJo) বুলি কোৱা হয়৷[3] ৷ তেওঁ এজন ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক-যিয়ে প্ৰায়ে হিন্দী ছবিজগতত কাম কৰে৷ তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকচনৰ অধীনত কেইবাজনো সফল অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ কেৰিয়াৰ আৰম্ভ কৰিছে। চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰা কৰণ জোহৰে ২০২০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰে।[4]
প্ৰযোজক যশ জোহৰৰ পুত্ৰ, কৰণ জোহৰে ৰোমাণ্টিক কমেডী-ড্ৰাম কুচ কুচ হোতা হেই (১৯৯৮)ৰ জৰিয়তে পৰিচালনাৰ ভূমিকাত আত্মপ্ৰকাশ কৰে, যাৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ জনপ্ৰিয় ছবি প্ৰদান কৰা স্বাস্থ্যকৰ মনোৰঞ্জনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পৰিচালক হিচাপে), শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁৰ পৰৱৰ্তী ছবি, পাৰিবাৰিক ড্ৰামা কভি খুছি কভি গম (২০০১) আৰু সংগীতৰ ৰোমাণ্টিক-ড্ৰামা কভি আলৱিদা না কেহনা (২০০৬) দুয়োখনেই ঘৰুৱা আৰু বহিঃৰাজ্য উভয় বজাৰতে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছিল। তেওঁৰ সামাজিক ড্ৰামা মাই নেম ইজ খান (২০১০)-য়ে তেওঁক শ্ৰেষ্ঠ পৰিচালকৰ দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা দিয়ে। জোহৰে চোৰাংচোৱা থ্ৰিলাৰ ৰাজী (২০১৮) আৰু বায়'পিক শ্বেৰশ্বাহ (২০২১) প্ৰযোজনা কৰে, যি দুখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে৷ পিছৰখন ছবিৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – প্ৰযোজক হিচাপে বিশেষ জুৰী উল্লেখো লাভ কৰে।.[5] পিছলৈ ব্ৰহ্মাস্ত্ৰ: প্ৰথম খণ্ড – শিৱ (২০২২) নামৰ ফেণ্টাচি ছবিৰ প্ৰযোজক হিচাপে তেওঁ এভিজিচিৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ উদ্বোধনী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[6] জোহৰে ৰোমাণ্টিক কমেডী-ড্ৰামা ৰকি আৰু ৰাণী কি প্ৰেম কাহানী (২০২৩)ৰ জৰিয়তে পৰিচালনাৰ কামলৈ ঘূৰি আহে, যাৰ ফলত তেওঁ স্বাস্থ্যকৰ মনোৰঞ্জনৰ আন এক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পায়।[7] ইয়াৰ পিছত তেওঁ ড্ৰামা হোমবাউণ্ড (২০২৫) নিৰ্মাণ কৰে, যিখনে ৯৮ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাৰ বাবে ভাৰতীয় প্ৰৱেশ হিচাপে নিৰ্বাচিত হয়।[8] এইবোৰে তেওঁৰ কোম্পানীৰ অধীনত পৰিচালনা বা প্ৰযোজনা কৰা আন আন ছবিৰ লগতে তেওঁক হিন্দী চিনেমাৰ অন্যতম আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰিছে।
মনোৰঞ্জন জগতৰ অন্যান্য পথতো জোহৰে প্ৰৱেশ কৰিছে। তেওঁ ২০০৪ চনৰ পৰা কফি উইথ কৰণ নামৰ এটা টেলিভিছন টক শ্ব'[9], ডেটিং শ্ব' ৱাট দ্য লাভ! আৰু এটা ৰেডিঅ' শ্ব' কলিং কৰণ, আৰু প্ৰতিযোগিতামূলক ৰিয়েলিটি শ্ব' ঝলক দিখলা জা আৰু ইণ্ডিয়াজ গট টেলেণ্টত বিচাৰক হিচাপে উপস্থিত থাকে।
গ্ৰন্থপুঞ্জী
[সম্পাদনা কৰক]- জোহৰ, কৰণ; ছাক্সেনা, পুণম (২০১৭). এন আনছুইটেবল বয়. পেংগুইন বুকছ ইণ্ডিয়া. ISBN 978-0-670-08753-2.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত কৰণ জোহৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কৰণ জোহৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত কৰণ জোহৰ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Basu, Nilanjana (16 December 2018). "Koffee With Karan 6:, Vicky Kaushal Discover Karan Johar Was Originally Named As...". NDTV (NDTV Convergence Limited). https://www.ndtv.com/entertainment/koffee-with-karan-6-ayushmann-khurrana-vicky-kaushal-discover-karan-johar-was-originally-named-as-1963483.
- ↑ "KARAN YASH JOHAR | DIN : 00013096" (en ভাষাত). IndiaFilings. https://www.indiafilings.com/search/karan-yash-johar-din-00013096। আহৰণ কৰা হৈছে: 2024-11-08.
- ↑ "KJo meets Kareena on sets of Heroine". Bollywood Hungama. http://www.bollywoodhungama.com/more/news/view/id/1449536। আহৰণ কৰা হৈছে: 8 June 2012.
- ↑ "Padma Shri for Ekta Kapoor, Karan Johar, Kangana Ranaut and Adnan Sami" (en ভাষাত). India Today. Ist. https://www.indiatoday.in/movies/bollywood/story/padma-shri-for-ekta-kapoor-karan-johar-kangana-ranaut-and-adnan-sami-1640169-2020-01-25.
- ↑ ""Very honoured, very humbled": Karan Johar as 'Shershaah' wins National Film Award". 17 October 2023. https://theprint.in/feature/very-honoured-very-humbled-karan-johar-as-shershaah-wins-national-film-award/1807687/.
- ↑ "Karan Johar Wins Third National Award With Ayan Mukerji-Directorial 'Brahmastra'". 9 October 2024. https://www.thequint.com/entertainment/celebrities/national-award-karan-johar-wins-ayan-mukerji-brahmastra-part-1-alia-bhatt-ranbir-kapoor.
- ↑ Bhattacharya, Tanisha (1 August 2025). "71st National Film Awards: Karan Johar's Rocky Aur Rani Led By Alia-Ranveer Scores Big". NDTV. https://www.ndtv.com/entertainment/71st-national-film-awards-karan-johars-rocky-aur-rani-led-by-alia-ranveer-scores-big-9001161। আহৰণ কৰা হৈছে: 1 August 2025.
- ↑ Bollywood Hungama News Network (19 September 2025). "Homebound is India’s official entry for Oscars 2026, Karan Johar and Neeraj Ghaywan express delight". Bollywood HungamaBollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/homebound-indias-official-entry-oscars-2026-karan-johar-neeraj-ghaywan-express-delight/। আহৰণ কৰা হৈছে: 25 September 2025.
- ↑ "Karan Johar on Koffee With Karan: Never thought I would get this far, hosting seven seasons" (en ভাষাত). Firstpost. 2022-08-09. https://www.firstpost.com/entertainment/karan-johar-on-koffee-with-karan-never-thought-i-would-get-this-far-hosting-seven-seasons-11031561.html। আহৰণ কৰা হৈছে: 2022-08-09.