কৰিডিনহো
কৰিডিনহো (ইংৰাজী: Corridinho) হ’ল পৰ্তুগীজ লোক-নৃত্যৰ এটা ৰূপ, যাৰ প্ৰচলন বিশেষকৈ আলগাৰ্ভ অঞ্চলত দেখা যায়।[1][2] এই নৃত্যৰ উৎপত্তিৰ সঠিক সময় স্পষ্ট নহয় যদিও ই অতি প্ৰাচীন বুলি বিশ্বাস কৰা হয়। ১৮০০ চনৰ পৰা ই জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ নামটো correr শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল 'দৌৰা'।[3] এই শব্দটোৱে নৃত্যটোৰ চৰিত্ৰকো আংশিকভাৱে বৰ্ণনা কৰে।
এই নৃত্য মুকলি আকাশৰ তলত ঘূৰণীয়াকৈ (dança de roda) পৰিৱেশন কৰা হৈছিল। পুৰণি নথি-পত্ৰ অনুসৰি ইয়াত সৰু বাঁহী (pífaro[4]) আৰু হাৰমনিকা (harmónica[5]) ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত একৰ্ডিয়ানৰ প্ৰচলন আৰম্ভ হয় আৰু তেতিয়াৰে পৰা ইয়াৰ আধিপত্য চলি আহিছে।
কৰিডিনহোৱে এক ঐতিহাসিক উত্তৰাধিকাৰ এৰি থৈ গৈছে। ভাৰতৰ গোৱা,[6] দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, মাংগালোৰ আৰু শ্ৰীলংকাৰ কিছু অংশত ই আজিও জনপ্ৰিয়। শ্ৰীলংকাত ইয়াক বাইলা (Baila) বুলি কোৱা হয়।[7] চীনৰ মাকাওত ইয়াক পৰ্তুগীজ-মাকানিজ লোক-নৃত্য হিচাপে জনা যায়।[8] মালয়েছিয়াৰ খ্ৰীষ্টান লোকসকলৰ 'ব্ৰানিঅ নামৰ লোক-নৃত্যটো কৰিডিনহোৰ পৰাই উদ্ভৱ হৈছে, যিটো পিছলৈ জনপ্ৰিয় মালয় নৃত্য 'জোগেট'লৈ বিকশিত হয়।[9]
বৰ্তমান পৰ্তুগালৰ আলগাৰ্ভৰ ফাৰো অঞ্চলত এই নৃত্য মূলতঃ পোৱা যায়। পৰ্যটকক আকৰ্ষিত কৰিবলৈ স্থানীয় লোক-নৃত্যৰ দলসমূহে ইয়াক প্ৰায়ে পৰিৱেশন কৰে।[10]
কৰিডিনহো হ’ল আলগাৰ্ভিয়ান জীৱনশৈলীৰ এক ঐতিহাসিক প্ৰতিফলন। ইয়াত দম্পতীসকলে সদায় একেলগে লৰচৰ কৰি নৃত্য কৰে। তেওঁলোকে এটা বৃত্ত গঠন কৰে য’ত ছোৱালীবোৰ ভিতৰৰ ফালে আৰু ল’ৰাবোৰ বাহিৰৰ ফালে থাকে। বৃত্তটো ঘূৰাই যোৰাসকলে কাষে কাষে আগুৱাই যায়। কৰিডিনহো তিনিটা অংশৰে গঠিত: অ’ কৰিডো (দৌৰ), অ’ ৰোডাডো (ঘূৰ্ণন) আৰু এন এস্কোভিনহা (চুটি সংস্কৰণ)। "দৌৰ" অংশটো পুৰুষ-মহিলাৰ যোৰাসকলে গঠন কৰা এটা বৃত্তৰ পৰা আৰম্ভ হয়। সংগীত আৰম্ভ হোৱাৰ লগে লগে যোৰাসকলে ঘূৰিবলৈ আৰম্ভ কৰে। যেতিয়া সংগীতৰ তাল অধিক তীব্ৰ আৰু দ্ৰুত হয়, তেতিয়া "ঘূৰ্ণন" অংশটো আৰম্ভ হয় আৰু দম্পতীসকলে এক দ্ৰুতবেগী ৱাল্টজ নৃত্য আৰম্ভ কৰে। এই অংশ শেষ হ’লে নৰ্তকসকল নিজৰ আদি স্থানলৈ ঘূৰি আহে। "এন এস্কোভিনহা" হ’ল এটা সম্পূৰ্ণ চক্ৰৰ অন্তত পুনৰ কৰা নৃত্যটোৰ এক চুটি সংস্কৰণ।
যদিও এই নৃত্যৰ পোলকা আৰু মাজুৰ্কা নৃত্যৰ সৈতে কিছু মিল আছে,[11] তথাপিও কৰিডিনহো হ’ল এক সম্পূৰ্ণ পৰম্পৰাগত পৰ্তুগীজ নৃত্য য’ত মানুহে ইজনে সিজনক শাৰীৰিক সক্ষমতাৰ প্ৰত্যাহ্বান জনায় আৰু সামূহিক বিনোদন উপভোগ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Corridinho e Baile Mandado no Algarve". 11 September 2018. https://folclore.pt/corridinho-e-baile-mandado/.
- ↑ Sardo, Susana (January 2009). "(PDF) Música Popular e diferenças regionais | Susana Sardo - Academia.edu". Raízes e Estruturas. Coleção Portugal Intercultural. https://www.academia.edu/2540364.
- ↑ "Tradução de correr para inglês". https://dicionario.priberam.org/Traduzir/EN/correr.
- ↑ "Pífaro". https://dicionario.priberam.org/p%C3%ADfaro.
- ↑ "Harmónica". https://dicionario.priberam.org/harmónica.
- ↑ Pinto, Jerry (2006). Reflected in Water: Writings on Goa. প্ৰকাশক New Delhi: Penguin Books India. পৃষ্ঠা. 17. ISBN 9780143100812.
- ↑ "What the Portuguese Left Behind: The Cultural Influence of the First Colonials". Archived from the original on 2019-06-21. https://web.archive.org/web/20190621050017/http://www.serendib.btoptions.lk/article.php?issue=50&id=1288। আহৰণ কৰা হৈছে: 2020-04-17.
- ↑ Rosa, Fernando (14 October 2015). The Portuguese in the Creole Indian Ocean: Essays in Historical Cosmopolitanism. Springer. ISBN 9781137566263. https://books.google.com/books?id=O0HeCgAAQBAJ&q=what+do+you+call+folk+dance+of+macau&pg=PT113.
- ↑ Sarkissian, Margaret (15 December 2000). D'Albuquerque's Children: Performing Tradition in Malaysia's Portuguese Settlement. University of Chicago Press. ISBN 9780226734989. https://books.google.com/books?id=fRHYk6Izi0IC&q=joget+dance+portuguese&pg=PA101.
- ↑ Rice, Timothy; Porter, James; Goertzen, Chris (2017-09-25) (en ভাষাত). The Garland Encyclopedia of World Music: Europe. Routledge. ISBN 9781351544269. https://books.google.com/books?id=Gh03DwAAQBAJ&q=corridinho+dance&pg=PT986.
- ↑ "Corridinho". 16 December 2014. https://www.portugalnummapa.com/corridinho/.