সমললৈ যাওক

কৰুমৰিয়াম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰুমৰিয়াম্মা
বৰআই, স্বাস্থ্য আৰু নিৰাময়ৰ দেৱী

কৰুমৰিয়াম্মাৰ চিত্ৰ
নিবাস তিৰুভেৰকাডু[1]
অস্ত্ৰ ত্ৰিশূল, খগ, কাপালা আৰু ডম্বৰু
বাৰ দেওবাৰ
সঙ্গী শিৱ
আসন/বাহন সিংহ
কানাড়া সমাৰ্থক মৰিকম্বে
উৎসৱ নৱৰাত্ৰি, তিৰুভিলা, পাংগুনি

কৰুমৰিয়াম্মা (তামিল: கருமாரியம்மன், ৰোমানীকৃত: Karumāriamman), কৰুমৰি নামেৰেও পৰিচিত, বৰআই, স্বাস্থ্য আৰু নিৰাময় সৈতে জড়িত হিন্দু দেৱী। তেওঁক হিন্দু দেৱী পাৰ্বতীৰ এটা অৱতাৰ আৰু মৰিআম্মা আৰু ৰেণুকা দেৱীৰ আন এটা অৱতাৰ বুলি গণ্য কৰা হয়। প্ৰধানকৈ তেওঁৰ বাসস্থান বুলি বিশ্বাস কৰা দক্ষিণ ভাৰতৰ গাঁও যেনে তিৰুভেৰকাডুত তেওঁক পূজা কৰা হয়।[2]

সাধাৰণতে দক্ষিণ ভাৰতৰ হিন্দু আৰু ছিংগাপুৰ, মালয়েছিয়া, শ্ৰীলংকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ হিন্দুসকলে কৰুমৰিয়াম্মা দেৱীক পূজা কৰে।

একাংশ হিন্দুৱে তেওঁৰ সন্মানত পাংগুনি, আদি তিৰুভিলা আৰু নৱৰাত্ৰি উৎসৱ পালন কৰে, আৰু বিশ্বাস কৰা হয় যে তেওঁৰ সন্মানত এই উৎসৱ পালন কৰিলে স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস পায় আৰু ৰোগৰ পৰা নিৰাময় পায় আৰু বৰআইৰ পৰা সকাহ পায়। আগম পূজাত কৰুমৰিয়াম্মাক পৰাশক্তি, আদিশক্তি, ইচ্ছাশক্তি, জ্ঞানশক্তি আৰু ক্ৰিয়াশক্তিৰ সংযুক্ত প্ৰকাশ হিচাপে পূজা কৰা হয়।

দক্ষিণ ভাৰতৰ থেভাৰ আৰু আগমুদায়াৰ জাতিৰ মাজত প্ৰধানকৈ কৰুমৰিয়াম্মা দেৱীৰ পূজা কৰা হয় যিসকলে তেওঁক নিজৰ পৰিয়াল আৰু প্ৰাথমিক দেৱতাৰ লগতে নিজৰ কুলদেৱী হিচাপে গণ্য কৰে।

কিংবদন্তি

[সম্পাদনা কৰক]

কিংবদন্তি অনুসৰি কৰুমৰিয়াম্মাই এবাৰ ভৱিষ্যদ্বাণীকাৰীৰ বেশ ধৰি সৌৰ দেৱতা সূৰ্য্য ওচৰলৈ গৈ তেওঁৰ ভৱিষ্যতৰ আগজাননী দিছিল। সূৰ্য্যই কৰুমৰিয়াম্মাক আওকাণ কৰিলে, তাইক দৰ্শন দিবলৈ অস্বীকাৰ কৰিলে। ক্ষুব্ধ হৈ দেৱী গুচি আহিল। কৰুমৰিয়াম্মাই তেওঁৰ বাসস্থান এৰি যোৱাৰ লগে লগে সূৰ্য্যই নিজৰ প্ৰভা হেৰুৱাবলৈ ধৰিলে। লাহে লাহে তেওঁ এচপৰা বিশাল কয়লালৈ ৰূপান্তৰ হ’ল, যাৰ ফলত পৃথিৱীখন আন্ধাৰত ডুব গ’ল আৰু বিশ্বব্ৰহ্মাণ্ডত বিশৃংখলতাই বিৰাজ কৰিলে। সূৰ্য্যই নিজৰ ভুল উপলব্ধি কৰি দেৱীৰ ওচৰত ক্ষমা বিচাৰিলে। কৰুমৰিয়াম্মাক শান্ত কৰিবলৈ সূৰ্য্যই বছৰত দুবাৰকৈ তাইৰ ভৰি চুব বুলি প্ৰতিশ্ৰুতি দিলে। কৰুমৰিয়াম্মাই সূৰ্য্যক আশীৰ্বাদ দিলে আৰু তেওঁ নিজৰ হেৰুৱা জিলিকনি ঘূৰাই পালে। আজিও কৰুমৰিয়াম্মাৰ বাসগৃহ তিৰুভেৰকাডুত সূৰ্যৰ ৰশ্মি পোনে পোনে তেওঁৰ ভৰিত পৰে। এই ঘটনা তামিল কেলেণ্ডাৰৰ পাংগুনি (মাৰ্চ – এপ্ৰিল) আৰু পুৰাতসী (ছেপ্টেম্বৰ – অক্টোবৰ) মাহত সংঘটিত হয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]