সমললৈ যাওক

কৰ্টনী কাৰ্ডাশিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্টনী কাৰ্ডাশিয়ান

২০১৮ চনত জিকিউ (GQ) ফটোশ্বুটৰ বাবে কাৰ্ডাশিয়ান
জন্ম কৰ্টনী মেৰী কাৰ্ডাশিয়ান
১৮ এপ্ৰিল, ১৯৭৯ (৪৬ বছৰ)
লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম গায়ানে, কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ
শিক্ষানুষ্ঠান এৰিজোনা বিশ্ববিদ্যালয় (বিএ)
পেচা সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী ট্ৰেভিছ বাৰ্কাৰ (বিবাহ ২০২২)
অংশীদাৰ স্কট ডিচিক (২০০৬–২০১৫)
সন্তান
আত্মীয়-স্বজন লেণ্ডন বাৰ্কাৰ (সতীয়া পুত্ৰ)


কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ (জন্ম: ১৮ এপ্ৰিল ১৯৭৯) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী।[1] ২০০৭ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ সফলতাৰ ফলত কৰ্টনী এণ্ড কিম টেক মায়ামি[2] আৰু কৰ্টনী এণ্ড কিম টেক নিউয়ৰ্ক আদিকে ধৰি কেইবাটাও স্পিন-অফ নিৰ্মাণ কৰা হৈছিল।[3] ২০২১ চনত ২০টা ছিজনৰ পিছত নিজৰ অনুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত, ২০২২ চনৰ পৰা তেওঁলোকে হুলুৰ দ্য কাৰ্ডাশিয়ানছ নামৰ এখন নতুন ৰিয়েলিটী টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিবলৈ আৰম্ভ কৰে।

ভনী কিম আৰু ক্লোয়ি কাৰ্ডাশিয়ানৰ সৈতে কৰ্টনী খুচুৰা আৰু ফেশ্বন উদ্যোগৰ সৈতে জড়িত। তেওঁলোকে কেইবাটাও কাপোৰৰ সংগ্ৰহ আৰু সুগন্ধি মুকলি কৰাৰ লগতে ২০১০ চনত কাৰ্ডাশিয়ান কনফিডেন্সিয়েল নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছে। কৰ্টনীয়ে ২০১৯ চনৰ আৰম্ভণিতে 'পুশ' নামৰ নিজাকৈ এটা ৱেবছাইট আৰু ২০২২ চনত 'লেমে' নামৰ এটা নতুন স্বাস্থ্য ব্ৰেণ্ড মুকলি কৰে।

কাৰ্ডাশিয়ান আৰু তেওঁৰ ভাই-ভগ্নীসকল ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়। তেওঁলোকে সৌন্দৰ্যবৰ্ধক সামগ্ৰী, কোকা-কোলা আৰু বিভিন্ন ঔষধৰ বিজ্ঞাপনৰ বাবে ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰত প্ৰতিটো প'ষ্টৰ বাবদ ৭৫,০০০ ডলাৰৰ পৰা ৩০০,০০০ ডলাৰ পৰ্যন্ত ধন লাভ কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কৰ্টনী মেৰী কাৰ্ডাশিয়ানৰ জন্ম ১৯৭৯ চনৰ ১৮ এপ্ৰিলত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত ৰবাৰ্ট কাৰ্ডাশিয়ান আৰু ক্ৰিচ জেনাৰৰ কোলাত হৈছিল।[5] তেওঁৰ কিম আৰু ক্লোয়ি নামৰ দুগৰাকী কনিষ্ঠ ভগ্নী আৰু ৰব নামৰ এজন কনিষ্ঠ ভাতৃ আছে।[6] ১৯৯১ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু সেই বছৰৰে শেষৰ ফালে তেওঁৰ মাতৃয়ে ১৯৭৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ডেক এথলেটিচিজম বিজয়ী কেইটলিন জেনাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[7] এই বিবাহৰ জৰিয়তে কাৰ্ডাশিয়ানে বাৰ্ট, ব্ৰেণ্ডন আৰু ব্ৰডী নামৰ তিনিজন সতীয়া ভাতৃ; কেচি নামৰ এগৰাকী সতীয়া ভগ্নী আৰু পৰৱৰ্তী সময়ত কেণ্ডেল তথা কাইলী নামৰ দুগৰাকী সতীয়া ভগ্নী লাভ কৰে।[8]

কাৰ্ডাশিয়ানে লছ এঞ্জেলছৰ ৰোমান কেথলিক কন্যা বিদ্যালয় মেৰীমাউণ্ট হাইস্কুলত পঢ়া-শুনা কৰিছিল। স্নাতক ডিগ্ৰী লাভৰ পিছত তেওঁ টেক্সাছৰ ডলাছলৈ গুচি যায় আৰু তাত চাউদাৰ্ণ মেথডিষ্ট ইউনিভাৰ্চিটিত দুবছৰ অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ এৰিজোনাৰ টুচনত থাকিবলৈ লয়। তেওঁ এৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা থিয়েটাৰ আৰ্টছত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে স্পেনিছ ভাষাক গৌণ বিষয় হিচাপে গ্ৰহণ কৰিছিল। নিকোল ৰিচি আৰু লুক ৱালটন তেওঁৰ সহপাঠী আছিল। ১৯৯৪ চনত তেওঁৰ পিতৃয়ে ফুটবল খেলুৱৈ অ’ জে চিম্পচনৰ হত্যাকাণ্ডৰ বিচাৰৰ সময়ত এগৰাকী প্ৰতিৰক্ষা অধিবক্তা হিচাপে ৰাজহুৱা মনোযোগ লাভ কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৫–২০১০: কৰ্মজীৱনৰ আৰম্ভণি আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

[সম্পাদনা কৰক]
২০০৯ চনত কাৰ্ডাশিয়ান

কাৰ্ডাশিয়ানে পোনপ্ৰথমে ২০০৫ চনৰ ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক ফিল্ডি ৰিচ: কেটল ড্ৰাইভৰ জৰিয়তে দৰ্শকৰ মাজত পৰিচিত হৈছিল, য’ত তেওঁ দাতব্য কাৰ্যৰ বাবে ধন উপাৰ্জন কৰিছিল। ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ ভগ্নী কিম আৰু পূৰ্বৰ প্ৰেমিক ৰে জে-ৰ দ্বাৰা ২০০৩ চনত নিৰ্মিত এটা যৌন ভিডিঅ’ (ছেক্স টেপ) কিম কাৰ্ডাশিয়ান, ছুপাৰষ্টাৰ ফাদিল হয়, যিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়।[9][10] সেই বছৰৰে শেষৰ ফালে কাৰ্ডাশিয়ানৰ মাতৃ ক্ৰিচ জেনাৰে ৰিয়ান চিক্ৰেষ্টক লগ কৰি তেওঁলোকৰ পৰিয়ালৰ ওপৰত ভিত্তি কৰি এখন ৰিয়েলিটী টেলিভিছন শ্ব’ৰ প্ৰস্তাৱ দিয়ে। চিক্ৰেষ্টে, যাৰ নিজাকৈ এটা প্ৰডাকচন হাউচ আছিল, তেওঁৰ মনত জনপ্ৰিয় পাৰিবাৰিক অনুষ্ঠান দ্য অচবোৰ্ণছৰ আৰ্হিটো মনত ৰাখি এই ধাৰণাটোক আগবঢ়াই নিবলৈ সিদ্ধান্ত লয়।[11] অনুষ্ঠানটো অৱশেষত ই! (E!) কেবল নেটৱৰ্কত সম্প্ৰচাৰৰ বাবে নিৰ্বাচিত হয় আৰু কাৰ্ডাশিয়ানৰ মাতৃয়ে ইয়াৰ কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰে। ধাৰাবাহিকখন ২০০৭ চনৰ ১৪ অক্টোবৰত আৰম্ভ হৈছিল আৰু ইয়াত কাৰ্ডাশিয়ানৰ লগতে তেওঁৰ পিতৃ-মাতৃ ক্ৰিচ আৰু কেইটলিন তথা ভাই-ভগ্নী কিম, ক্লোয়ি, কেণ্ডেল, কাইলী আৰু ৰবক দেখুওৱা হৈছিল।[12] এই ৰিয়েলিটী ধাৰাবাহিকখনৰ নাম আছিল কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছ, য’ত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ব্যক্তিগত আৰু পেচাদাৰী জীৱনৰ কাহিনী বৰ্ণনা কৰা হয়।[13] ধাৰাবাহিকখন ই! নেটৱৰ্কৰ বাবে সফল প্ৰমাণিত হয় আৰু ইয়াৰ কেইবাটাও স্পিন-অফ নিৰ্মাণ কৰা হয়।

২০০৯ চনৰ এপ্ৰিল মাহত কাৰ্ডাশিয়ান আৰু তেওঁৰ ভগ্নী ক্লোয়িয়ে ঘোষণা কৰে যে তেওঁলোকে ফ্লৰিডাৰ মায়ামিত এটা ড্যাশ (D-A-S-H) দোকান মুকলি কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি নিৰ্মিত স্পিন-অফ ধাৰাবাহিকখনত অভিনয় কৰিব। কৰ্টনী এণ্ড ক্লোয়ি টেক মায়ামি নামৰ এই ধাৰাবাহিকখন ২০০৯ চনৰ ১৬ আগষ্টত ই! নেটৱৰ্কত মুক্তি পায়।[14] কাৰ্ডাশিয়ান আৰু তেওঁৰ ভগ্নী কিম তথা ক্লোয়িয়ে ৯০২১০ ধাৰাবাহিকৰ তৃতীয় ছিজনৰ প্ৰথম খণ্ডত এটা চুটি চৰিত্ৰত অভিনয় কৰিছিল।

কাৰ্ডাশিয়ান আৰু তেওঁৰ মাতৃয়ে লছ এঞ্জেলছ আৰু নিউয়ৰ্ক চহৰত 'স্মুচ' নামৰ এটা শিশুৰ কাপোৰৰ বুটিক মুকলি কৰিছিল। তেওঁৰ ভগ্নী কিম আৰু ক্লোয়িৰ সৈতে তেওঁ ড্যাশ নামৰ কাপোৰৰ বুটিকটোৰ সহ-মালিক আছিল, যাৰ শাখা লছ এঞ্জেলছ, মায়ামি আৰু নিউয়ৰ্ক চহৰত আছিল। অৱশ্যে ২০১৮ চনৰ মে’ মাহত এই দোকানসমূহ বন্ধ কৰি দিয়া হয়।[15]

২০১০ চনত কাৰ্ডাশিয়ান

২০১০ চনৰ বসন্ত কালত কাৰ্ডাশিয়ান আৰু তেওঁৰ ভগ্নীসকলে 'বেবে ষ্ট’ৰছ'ৰ বাবে কাপোৰৰ এক বিশেষ সংগ্ৰহ মুকলি কৰে।[16]

২০১১–২০১৮: টেলিভিছন আৰু অন্যান্য উদ্যোগ

[সম্পাদনা কৰক]
২০১৩ চনত ভগ্নী ক্লোয়ি কাৰ্ডাশিয়ান আৰু কিম কাৰ্ডাশিয়ানৰ সৈতে কৰ্টনী

২০১১ চনৰ জানুৱাৰী মাহত কৰ্টনী আৰু তেওঁৰ কনিষ্ঠ ভগ্নী কিমে কৰ্টনী এণ্ড কিম টেক নিউয়ৰ্ক নামৰ অনুষ্ঠানটোৰ কেন্দ্ৰীয় চৰিত্ৰ হিচাপে ভূমুকি মাৰে। তেওঁলোকৰ সৈতে কৰ্টনীৰ সংগী স্কট ডিচিক আৰু কিমৰ সেই সময়ৰ স্বামী ক্ৰিচ হামফ্ৰিজো আছিল।[17] সেই বছৰৰে শেষৰ ফালে এই অনুষ্ঠানটো দ্বিতীয়টো ছিজনৰ বাবে নবীকৰণ কৰা হয়, যিটো ২০১১ চনৰ নৱেম্বৰ মাহত মুক্তি পায়।[18]

২০১১ চনৰ ২৮ মাৰ্চত কৰ্টনীয়ে এবিচি ছুপ অপাৰে ৱান লাইফ টু লিভত এগৰাকী অতিথি অভিনেত্ৰী হিচাপে অভিনয়ৰ পাতনি মেলে। ইয়াত তেওঁ অধিবক্তা কাছান্দ্ৰা কাভানাফৰ চৰিত্ৰত অভিনয় কৰিছিল।[19] ২০১১ চনৰ নৱেম্বৰ মাহত তেওঁ তেওঁৰ ভগ্নী কিম আৰু ক্লোয়িৰ সৈতে মিলি ডলহাউচ নামৰ এখন উপন্যাস প্ৰকাশ কৰে।[20]

কাৰ্ডাশিয়ান ভগ্নীসকলে কুইক ট্ৰিম নামৰ আহাৰ পৰিপূৰক সামগ্ৰীবিধৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল। ২০১২ চনৰ মাৰ্চ মাহত কুইক ট্ৰিমৰ বিৰুদ্ধে ৫ মিলিয়ন ডলাৰৰ এটা গোচৰত এই তিনিগৰাকী ভগ্নীৰ নাম সাঙোৰ খাই পৰে। নিউয়ৰ্কৰ জিলা আদালতত দাখিল কৰা এই গোচৰটোত কাৰ্ডাশিয়ানসকলৰ লগতে কুইক ট্ৰিমৰ নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে মিছা আৰু প্ৰতাৰণামূলক বিপণনৰ অভিযোগ উত্থাপন কৰা হৈছিল।[21]

ইয়াৰ উপৰিও কৰ্টনীয়ে তেওঁৰ ভগ্নীসকলৰ সৈতে মিলি 'পাৰফেক্টস্কিন' নামৰ ছালৰ যত্ন লোৱা সামগ্ৰীৰ প্ৰচাৰ কৰিছিল। ২০১০ চনৰ মাৰ্চ মাহত এই তিনিগৰাকী ভগ্নীয়ে 'ভাৰ্জিনছ, চেইণ্টছ, এণ্ড এঞ্জেলছ' কোম্পানীৰ বাবে ২০ বিধ অলংকাৰৰ এক বিশেষ সংগ্ৰহ মুকলি কৰে। এই অলংকাৰসমূহ তেওঁলোকৰ আৰ্মেনিয়ান পটভূমিৰ প্ৰতিচ্ছবি আছিল।[22]

২০১৪ চনৰ ২৬ মাৰ্চত ই! (E!) চেনেলটোৱে কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছৰ আন এক স্পিন-অফ ধাৰাবাহিক কৰ্টনী এণ্ড ক্লোয়ি টেক দ্য হেম্পটনছৰ কথা ঘোষণা কৰে।[23] এই ধাৰাবাহিকখনত কৰ্টনী, ক্লোয়ি আৰু স্কট ডিচিকে নিউয়ৰ্কৰ ড্যাশ দোকানৰ কাম চম্ভালিবলৈ হেম্পটনছলৈ স্থানান্তৰিত হোৱাৰ কাহিনী দেখুওৱা হৈছে।[24]

২০১৯–বৰ্তমান: ব্যৱসায় আৰু টেলিভিছনত ধাৰাবাহিক সফলতা

[সম্পাদনা কৰক]
২০১৮ চনত জিকিউ (GQ) ফটোশ্বুটৰ বাবে কাৰ্ডাশিয়ান

২০১৯ চনৰ ৫ মাৰ্চত কাৰ্ডাশিয়ানে 'পুশ' নামৰ তেওঁৰ লাইফষ্টাইল ৱেবছাইটটো মুকলি কৰে।[25] ২০১৯ চনৰ নৱেম্বৰ মাহত কাৰ্ডাশিয়ানে তেওঁৰ ভগ্নী কিম আৰু ক্লোয়িৰ সৈতে মিলি কিমৰ ব্ৰেণ্ড 'কেকেডব্লিউ ফ্ৰাগ্ৰেন্স'ৰ বাবে তিনিটা নতুন সুগন্ধি তৈয়াৰ কৰে। এই সংগ্ৰহটোত 'ইয়েলো ডায়মণ্ড' (কৰ্টনীৰ সুগন্ধি), 'পিংক ডায়মণ্ড' (ক্লোয়িৰ সুগন্ধি) আৰু 'পিয়ৰ ডায়মণ্ড' (কিমৰ সুগন্ধি) অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো সুগন্ধি তেওঁলোকৰ নিজা ব্যক্তিত্বৰ দ্বাৰা অনুপ্ৰাণিত।

২০২১ চনত কাৰ্ডাশিয়ান আৰু তেওঁৰ পৰিয়ালে ঘোষণা কৰে যে তেওঁলোকৰ ৰিয়েলিটী শ্ব’ 'কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছ' ২০টা ছিজন আৰু প্ৰায় ১৫ বছৰ ধৰি সম্প্ৰচাৰিত হোৱাৰ পিছত বন্ধ হ’ব।[26]

২০২১ চনতে কাৰ্ডাশিয়ানে কিশোৰ-কিশোৰীৰ ৰোমান্টিক কমেডী ছবি 'হি ইজ অল দ্যাট'-ত জেচিকা মাইলছ টৰেছ নামৰ এগৰাকী ছচিয়েল মিডিয়া স্পনছৰৰ চৰিত্ৰত এটা চুটি অভিনয় কৰিছিল।[27]

২০২২ চনৰ ১২ ছেপ্টেম্বৰত কাৰ্ডাশিয়ানে তেওঁৰ নতুন স্বাস্থ্য ব্ৰেণ্ড 'লেমে' মুকলি কৰাৰ কথা ঘোষণা কৰে। এই ব্ৰেণ্ডটোৱে মূলতঃ ভিটামিন আৰু গাম্মী চাপ্লিমেন্টৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিছে।[28]

২০২২ চনৰ এপ্ৰিল মাহত কাৰ্ডাশিয়ান আৰু তেওঁৰ পৰিয়ালে ই! (E!) নেটৱৰ্ক এৰি হুলুত যোগদান কৰাৰ পিছত 'দ্য কাৰ্ডাশিয়ানছ' নামৰ তেওঁলোকৰ একেবাৰে নতুন ৰিয়েলিটী টেলিভিছন শ্ব’টোৰ জৰিয়তে পুনৰ টেলিভিছনৰ পৰ্দালৈ ঘূৰি আহে।[29] এই অনুষ্ঠানটোত কাৰ্ডাশিয়ানৰ লগতে তেওঁৰ ভগ্নী কিম, ক্লোয়ি, কেণ্ডেল, কাইলী আৰু মাতৃ ক্ৰিচ জেনাৰক দেখুওৱা হৈছে। ইয়াৰ উপৰিও ইয়াত কৰ্টনীৰ প্ৰাক্তন সংগী স্কট ডিচিক আৰু স্বামী ট্ৰেভিছ বাৰ্কাৰকো দেখা যায়। ধাৰাবাহিকখনৰ প্ৰথম ছিজন ২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পাইছিল আৰু ইয়াৰ খণ্ডসমূহ ডিজনী প্লাছত ষ্ট্ৰীম কৰিব পৰা যায়। পৰৱৰ্তী সময়ত ২০২২ চনৰ ২২ ছেপ্টেম্বৰত ইয়াৰ দ্বিতীয়টো ছিজন মুক্তি পায়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৯ চনৰ অক্টোবৰ মাহত কাৰ্ডাশিয়ান আৰু তেওঁৰ সন্তানকেইটিক আৰ্মেনিয়াৰ ভাঘৰশাপাটৰ এচমিয়াডজিন কেথেড্ৰেলত আৰ্মেনিয়ান এপষ্টোলিক অনুষ্ঠানৰ জৰিয়তে বাপ্তিস্ম দিয়া হয়। এই অনুষ্ঠানৰ সময়ত তেওঁক আৰ্মেনিয়ান খ্ৰীষ্টান নাম গায়ানেৰে নামকৰণ কৰা হয়।[30]

২০২০ চনৰ অক্টোবৰ মাহত কাৰ্ডাশিয়ানে নাগৰ্নো-কাৰাবাখ যুদ্ধৰ সন্দৰ্ভত আৰ্মেনিয়া আৰু আৰ্টচাখ গণৰাজ্যৰ সমৰ্থনত বাৰ্তা আৰু ৰিটুইট পোষ্ট কৰিছিল।[31]

সম্পৰ্ক আৰু সন্তান

[সম্পাদনা কৰক]
২০১০ চনত সেই সময়ৰ প্ৰেমিক স্কট ডিচিকৰ সৈতে কাৰ্ডাশিয়ান

২০০৬ চনৰ পৰা ২০১৫ চনলৈ কাৰ্ডাশিয়ান স্কট ডিচিকৰ সৈতে এক অস্থিৰ সম্পৰ্কত আছিল।[32] ডিচিকৰ সৈতে কাৰ্ডাশিয়ানৰ তিনিটি সন্তান আছে: দুজন পুত্ৰ আৰু এজনী কন্যা।[33] কাৰ্ডাশিয়ান আৰু ডিচিকৰ সম্পৰ্কৰ কথা 'কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছ' আৰু ইয়াৰ বিভিন্ন স্পিন-অফ অনুষ্ঠানত প্ৰদৰ্শিত হৈছিল। কাৰ্ডাশিয়ানৰ গৰ্ভধাৰণ আৰু তেওঁৰ প্ৰথম তিনিটি সন্তানৰ জন্মৰ কাহিনীও এই অনুষ্ঠানসমূহত দেখুওৱা হৈছিল।[34]

২০১৬ চনৰ পৰা ২০২০ চনলৈ কাৰ্ডাশিয়ান মডেল ইউনেছ বেঞ্জিমাৰ সৈতে আন এক অস্থিৰ সম্পৰ্কত আছিল।[35]

২০২২ চনত নিজৰ বিবাহ অনুষ্ঠানত স্বামী ট্ৰেভিছ বাৰ্কাৰৰ সৈতে কাৰ্ডাশিয়ান

২০২১ চনৰ জানুৱাৰী মাহত নিশ্চিত কৰা হয় যে কাৰ্ডাশিয়ান সংগীতজ্ঞ ট্ৰেভিছ বাৰ্কাৰৰ সৈতে সম্পৰ্কত আছে।[36] ২০২১ চনৰ অক্টোবৰ মাহত কেলিফৰ্ণিয়াৰ মণ্টেচিটোৰ এখন হোটেলত বাৰ্কাৰে বিবাহৰ প্ৰস্তাৱ দিয়াৰ পিছত দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়।[37] ২০২২ চনৰ ৩ এপ্ৰিলত লাছ ভেগাছত তেওঁলোকে এক অনানুষ্ঠানিক বিবাহ সম্পন্ন কৰে। এই দম্পতীহালে ২০২২ চনৰ ১৫ মে’ত কেলিফৰ্ণিয়াৰ চাণ্টা বাৰ্বাৰাত আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হয়।[38] ২০২২ চনৰ ২২ মে’ত ইটালীৰ পৰ্ট’ফিন’ত তেওঁলোকৰ ধৰ্মীয় বিবাহ অনুষ্ঠান সম্পন্ন হয়।[39]

চলচিত্ৰপঞ্জী

[সম্পাদনা কৰক]

অভিনেত্ৰী হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ নাম চৰিত্ৰ টোকা
২০১১ ৱান লাইফ টু লিভ কাছান্দ্ৰা কাভানাফ খণ্ড: "২৮ মাৰ্চ, ২০১১"
২০২১ হি ইজ অল দ্যাট জেচিকা মাইলছ টৰেছ বোলছবি

স্বয়ং নিজৰ চৰিত্ৰত

[সম্পাদনা কৰক]
বৰ্ষ নাম টোকা
২০০৫ ফিল্ডি ৰিচ: কেটল ড্ৰাইভ অংশগ্ৰহণকাৰী
২০০৭–২০২১ কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছ মুখ্য চৰিত্ৰ
২০০৯–২০১০ কৰ্টনী এণ্ড ক্লোয়ি টেক মায়ামি মুখ্য চৰিত্ৰ
২০১১–২০১২ কৰ্টনী এণ্ড কিম টেক নিউয়ৰ্ক মুখ্য চৰিত্ৰ
২০১১–২০১২ ক্লোয়ি এণ্ড লামাৰ ৪টা খণ্ড
২০১৩ কৰ্টনী এণ্ড কিম টেক মায়ামি মুখ্য চৰিত্ৰ
২০১৪–২০১৫ কৰ্টনী এণ্ড ক্লোয়ি টেক দ্য হেম্পটনছ মুখ্য চৰিত্ৰ
২০১৫ আই এম কেইট ২টা খণ্ড
২০১৫ ড্যাশ ডলছ খণ্ড: "ভ্যালী অৱ দ্য ড্যাশ ডলছ"
২০২২–বৰ্তমান দ্য কাৰ্ডাশিয়ানছ মুখ্য চৰিত্ৰ

লিখিত কৰ্মসমূহ

[সম্পাদনা কৰক]
  • কাৰ্ডাশিয়ান, কিম; কাৰ্ডাশিয়ান, কৰ্টনী; কাৰ্ডাশিয়ান, ক্লোয়ি (২০১০)। কাৰ্ডাশিয়ান কনফিডেন্সিয়েল। চেইণ্ট মাৰ্টিনছ প্ৰেছ। ISBN 978-0-312-62807-9
  • কাৰ্ডাশিয়ান, কিম; কাৰ্ডাশিয়ান, কৰ্টনী; কাৰ্ডাশিয়ান, ক্লোয়ি (২০১১)। ডলহাউচ। উইলিয়াম ম’ৰ’ এণ্ড কোম্পানী। ISBN 9780062063847

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dailey, Hannah (June 30, 2023). "Kourtney Kardashian Officially Takes Travis Barker's Last Name: 'Say My Name'". Billboard. https://www.billboard.com/music/music-news/kourtney-kardashian-changes-last-name-travis-barker-1235364829/। আহৰণ কৰা হৈছে: July 1, 2023. 
  2. "Breaking News - E!'s "Kourtney & Kim Take Miami" Follows the Sisters to the Tropical Climate of Miami When the Series Premieres January 2013". The Futon Critic. http://www.thefutoncritic.com/news/2012/11/15/es-kourtney-and-kim-take-miami-follows-the-sisters-to-the-tropical-climate-of-miami-when-the-series-premieres-january-2013-147110/20121115e01/। আহৰণ কৰা হৈছে: June 7, 2018. 
  3. "Look Out, New York: Here Comes E!'s New Kardashian Show". E!. October 4, 2010. http://www.eonline.com/news/203757/look-out-new-york-here-comes-e-s-new-kardashian-show। আহৰণ কৰা হৈছে: June 7, 2018. 
  4. "How celebrities like Kim Kardashian are selling you ads and products". CBC News. November 11, 2016. http://www.cbc.ca/news/business/marketplace-celebrity-endorsements-1.3841922. 
  5. De Bruin, Bente (May 30, 2022). "De astrologie achter de relatie van Kourtney Kardashian en Travis Barker" (nl ভাষাত). Vogue. https://www.vogue.nl/cultuur/celebrity-cultuur/kourtney-kardashian-travis-barker-astrologie/। আহৰণ কৰা হৈছে: June 5, 2022. 
  6. Nick Sagimbeni (January 10, 2013). "Kourtney, Kim, Khloe, Robert, Kylie and Kendall Kardashian". Archived from the original on September 21, 2013. https://web.archive.org/web/20130921061139/http://www.latimes.com/entertainment/news/la-et-celebrity-siblings-kardashians,0,2440368.photo। আহৰণ কৰা হৈছে: August 17, 2013. 
  7. "Jenner-Kardashian". The Day (New London, Connecticut): পৃষ্ঠা A2. April 23, 1991. https://news.google.com/newspapers?id=iQQhAAAAIBAJ&pg=1187,4802006&dq=bruce+jenner&hl=en. 
  8. Jeff Mayish (May 1, 2013). "Ex-nanny to the Kardashians reveals Kris Jenner's temper and an O.J. Simpson trial kidnap scare". প্ৰকাশক New York. http://www.nydailynews.com/entertainment/gossip/ex-nanny-kardashians-tells-raising-kim-clan-article-1.1331682। আহৰণ কৰা হৈছে: August 17, 2013. 
  9. "Kim Kardashian on Sex Tape: 'A Tape Does Exist'". Extra (U.S. TV program). NBCUniversal. February 7, 2007. http://www.extratv.com/2007/02/07/kim-kardashian-on-sex-tape-a-tape-does-exist/। আহৰণ কৰা হৈছে: August 17, 2013. 
  10. "Ray J Sends 'Love & Congratulations' To Kim Kardashian & Kanye West". Access Hollywood. NBCUniversal. July 8, 2013. http://www.accesshollywood.com/ray-j-sends-love-and-congratulations-to-kim-kardashian-and-kanye-west_article_81611। আহৰণ কৰা হৈছে: August 17, 2013. 
  11. Brodesser-Akner, Taffy (May 8, 2015). "Where Would the Kardashians Be Without Kris Jenner?" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2015/05/10/magazine/where-would-the-kardashians-be-without-kris-jenner.html. 
  12. "Kardashians Ink $100 Million Mega-Deal with E!" (en ভাষাত). Time. February 27, 2015. Archived from the original on June 22, 2023. https://web.archive.org/web/20230622040510/https://time.com/3725707/kardashians-millions-deal/। আহৰণ কৰা হৈছে: June 22, 2023. 
  13. Kimberly Nordyke (November 13, 2007). "'Kardashians' earns its keep". The Hollywood Reporter. http://www.hollywoodreporter.com/news/kardashians-earns-keep-154906। আহৰণ কৰা হৈছে: August 17, 2013. 
  14. "Breaking News - Development Update: Tuesday, April 21 | TheFutonCritic.com". www.thefutoncritic.com. http://www.thefutoncritic.com/news.aspx?id=8053। আহৰণ কৰা হৈছে: June 22, 2023. 
  15. "Kourtney Kardashian Biography". Askmen.com. http://www.askmen.com/women/celeb_profiles_model_60/71_kourtney_kardashian.html#bio। আহৰণ কৰা হৈছে: May 1, 2008. 
  16. Quintanilla, Michael (May 13, 2010). "Kardashian Sisters Get Stylish and Sexy with Bebe". Houston Chronicle. http://www.chron.com/disp/story.mpl/life/style/7002405.html. 
  17. "Look Out, New York: Here Comes E!'s New Kardashian Show". E! News. October 4, 2010. https://www.eonline.com/news/203757/look-out-new-york-here-comes-e-s-new-kardashian-show। আহৰণ কৰা হৈছে: May 9, 2023. 
  18. "E!'s 'Kourtney & Kim Take New York' Draws 3.2 Million Viewers and is Show's Most-Watched Season Premiere Ever - Ratings". December 1, 2011. Archived from the original on December 1, 2011. https://web.archive.org/web/20111201150946/http://tvbythenumbers.zap2it.com/2011/11/28/es-kourtney-kim-take-new-york-draws-3-2-million-viewers-and-is-shows-most-watched-season-premiere-ever/111939/। আহৰণ কৰা হৈছে: June 22, 2023. 
  19. Marc Malkin (November 10, 2010). "Kourtney Kardashian's New Job: Drama Queen!". ca.eonline.com. http://ca.eonline.com/uberblog/marc_malkin/b208885_kourtney_kardashians_new_job_drama_queen.html। আহৰণ কৰা হৈছে: November 14, 2010. 
  20. Brissey, Breia (November 15, 2011). "Kardashian's publish new novel 'Dollhouse'". Entertainment Weekly. https://ew.com/article/2011/11/15/kardashian-novel-dollhouse/। আহৰণ কৰা হৈছে: May 23, 2020. 
  21. "Kardashian Sisters Sued over Endorsement of Weight-Loss Product – ABC News". ABC News. March 5, 2012. https://abcnews.go.com/blogs/entertainment/2012/03/kardashian-sisters-sued-over-endorsement-of-weight-loss-product/। আহৰণ কৰা হৈছে: June 21, 2013. 
  22. Moore, Booth (May 2, 2010). "Celebrities and Jewelry: Learning Their Lines". Los Angeles Times. https://www.latimes.com/archives/la-xpm-2010-may-02-la-ig-celebjewels-20100502-story.html. 
  23. Goldberg, Lesley (March 26, 2014). "E! Upfront Slate: More Kardashians, 'Rich Kids,' Lance Bass and 'Gucci' Miniseries" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/tv/tv-news/e-upfront-slate-more-kardashians-691219/। আহৰণ কৰা হৈছে: June 22, 2023. 
  24. "When Does 'Kourtney & Khloe Take the Hamptons' Premiere? We're Expecting A Lot from the Spinoff" (en ভাষাত). Bustle. August 24, 2014. https://www.bustle.com/articles/36268-when-does-kourtney-khloe-take-the-hamptons-premiere-were-expecting-a-lot-from-the-spinoff। আহৰণ কৰা হৈছে: June 22, 2023. 
  25. "Kourtney Kardashian Is Launching a Brand Called Poosh". March 4, 2019. https://wwd.com/fashion-news/fashion-scoops/kourtney-kardashian-new-brand-poosh-1203075611/। আহৰণ কৰা হৈছে: March 5, 2019. 
  26. "Keeping Up with the Kardashians Ending After 20 Seasons: 'This Show Made Us Who We Are'" (en ভাষাত). Peoplemag. https://people.com/tv/keeping-up-with-the-kardashians-ending-after-20-seasons/। আহৰণ কৰা হৈছে: June 22, 2023. 
  27. Shafer, Ellise (2020-12-09). "Kourtney Kardashian to Cameo in ‘She’s All That’ Remake Starring Addison Rae" (en-US ভাষাত). Variety. https://variety.com/2020/film/news/kourtney-kardashian-addison-rae-hes-all-that-1234849154/। আহৰণ কৰা হৈছে: 2025-10-31. 
  28. Ilchi, Layla (September 12, 2022). "Kourtney Kardashian Barker Debuts Vitamin Brand Lemme" (en-US ভাষাত). WWD. https://wwd.com/fashion-news/fashion-scoops/kourtney-kardashian-lemme-vitamin-brand-info-1235322451/। আহৰণ কৰা হৈছে: December 19, 2022. 
  29. Owoseje, Toyin (April 9, 2021). "Kim Kardashian reassures fans new show will launch when 'Keeping Up With The Kardashians' ends" (en ভাষাত). CNN. https://www.cnn.com/2021/04/09/entertainment/kim-kardashian-hulu-show-soon-intl-scli/index.html। আহৰণ কৰা হৈছে: June 22, 2023. 
  30. "National - 10 News First - Network Ten". 10play.com.au. https://10play.com.au/news/national। আহৰণ কৰা হৈছে: October 17, 2020. 
  31. Zornosa, Laura (October 8, 2020). "Why these Armenian American celebs are speaking out about a chronic conflict". Los Angeles Times. https://www.latimes.com/entertainment-arts/story/2020-10-08/kardashians-armenian-american-celebs-talk-armenia-azerbaijan-conflict-online। আহৰণ কৰা হৈছে: October 18, 2020. 
  32. Macatee, Rebecca (July 6, 2015). "Kourtney Kardashian Breaks Up With Scott Disick: She "Has to Do What's Best for the Kids"". E! Online. http://www.eonline.com/news/673240/kourtney-kardashian-breaks-up-with-scott-disick-she-has-to-do-what-s-best-for-the-kids. 
  33. Corriston, Michele; Garcia, Jennifer (December 21, 2014). "Kourtney Kardashian Names Son Reign Aston". People. 
  34. Hefa, Kiran (February 22, 2010). "Keeping Up with the Kardashians: Baby Mason Arrives!". People. http://www.people.com/people/article/0,,20421387,00.html। আহৰণ কৰা হৈছে: June 12, 2015. 
  35. Victoria Rodriguez (March 30, 2020). "A Complete Timeline of Kourtney Kardashian and Younes Bendjima's Relationship". Seventeen. https://www.seventeen.com/celebrity/celebrity-couples/a19718061/kourtney-kardashian-younes-bendjimas-relationship-timeline/। আহৰণ কৰা হৈছে: January 12, 2021. 
  36. Vanderveen, Lauren (May 16, 2021). "How Kourtney Kardashian's Family Allegedly Feels About Her Relationship With Travis Barker". Cinema Blend. https://www.cinemablend.com/television/2567477/how-kourtney-kardashians-family-allegedly-feels-about-her-relationship-with-travis-barker। আহৰণ কৰা হৈছে: May 17, 2021. 
  37. "Kourtney Kardashian and Travis Barker are engaged". CNN. October 18, 2021. https://edition.cnn.com/2021/10/18/entertainment/kourtney-kardashian-travis-barker-engaged-intl-scli/index.html। আহৰণ কৰা হৈছে: October 18, 2021. 
  38. Wynne, Kelly; Chiu, Melody; Patterson, Charmaine (May 15, 2022). "Kourtney Kardashian and Travis Barker Are Legally Married: Source" (en ভাষাত). People. https://people.com/tv/kourtney-kardashian-travis-barker-legally-married/। আহৰণ কৰা হৈছে: May 16, 2022. 
  39. Wright, Tracy (May 22, 2022). "Kourtney Kardashian and Travis Barker Italian wedding pictures: See inside their lavish nuptials". Fox News. https://www.foxnews.com/entertainment/kourtney-kardashian-travis-barker-italian-wedding-pictures-lavish-nuptials। আহৰণ কৰা হৈছে: May 23, 2022. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]