কৰ্দম
| কৰ্দম | |
|---|---|
| সম্পৰ্ক | প্ৰজাপতি |
| সন্তান | কপিল ঋষি (পুত্ৰ) অনসূয়া, অৰুন্ধতি, গতি, হাবিৰ্ভূ, কলা, খ্যাতি, ক্ৰিয়া, শান্তি, শ্ৰদ্ধা,(কন্যা)[1] |
| হিন্দু পাঠ্য | পুৰাণ |
কৰ্দম প্ৰাচীন হিন্দু সাহিত্যত প্ৰচলিত এটা চৰিত্ৰ। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ কৰ্দমক সৃষ্টিৰ অন্যতম পূৰ্বপুৰুষ প্ৰজাপতি[2] বুলি বৰ্ণনা কৰা হৈছে। বিষ্ণুক প্ৰসন্ন কৰি উপযুক্ত পত্নীৰ বাবে তেওঁৰ পৰামৰ্শ বিচাৰি প্ৰথম পুৰুষ মনুৰ এগৰাকী কন্যা দেৱাহুতিক বিয়া কৰায়। তেওঁৰদ্বাৰা ন গৰাকী কন্যাৰ লগতে এজন পুত্ৰ কপিল ঋষিৰ জন্ম হয়।[3][4]
কিংবদন্তি
[সম্পাদনা কৰক]ভাগৱত পুৰাণৰ মতে ব্ৰহ্মাই পুত্ৰ কৰ্দমক সন্তান জন্ম দিবলৈ নিৰ্দেশ দিছিল বুলি কোৱা হয়। কৰ্দমে সৰস্বতী নদীৰ পাৰত অৱস্থিত বিন্দুসাৰ আশ্ৰমলৈ যায় আৰু তাৰ পিছত বিষ্ণুক সন্তুষ্ট কৰিবলৈ দহ হাজাৰ বছৰ ধৰি চলা তপস্যা আৰম্ভ কৰে। সন্তুষ্ট হৈ বিষ্ণুৱে কৰ্দমৰ আগত উপস্থিত হোৱাত ঈশ্বৰক অনুৰোধ কৰে যাতে তেওঁক সন্তান জন্ম দিব পৰাকৈ এগৰাকী পত্নী প্ৰদান কৰে। বিষ্ণুৱে তেওঁক বৰদান দিছিল যে, দুদিন পাছত স্বয়ম্ভু মনু আৰু তেওঁৰ পত্নী শতৰূপাই তেওঁৰ কন্যা দেৱাহুতিক তেওঁলৈ পত্নীৰূপে আগবঢ়াব। তেওঁ আৰু কয় যে, তেওঁৰ পত্নীয়ে তেওঁৰ ন গৰাকী কন্যা সন্তান জন্ম দিব, যিসকলৰ সকলোৱে ঋষিসকলক বিয়া কৰাব আৰু তেওঁৰ এটা অংশ তেওঁৰ পুত্ৰ হিচাপে জন্ম হ’ব। মনু আৰু শতৰূপাই যেতিয়া বিবাহৰ প্ৰস্তাৱ দিছিল, তেতিয়া কৰ্দমই এই চৰ্তত সন্মতি দিছিল যে, তেওঁলোকৰ সন্তান জন্ম হোৱাৰ পিছত তেওঁ সংসাৰ ত্যাগী হ’ব। তেওঁলোকৰ বিয়াৰ পাছত দেৱাহুতিয়ে স্বামীক ইমানেই ভক্তি আৰু অনাসক্তিৰে সেৱা কৰিছিল, যে ইয়াৰ ফলত তেওঁ ক্ষীণ হৈ পৰিছিল। যেতিয়া কৰ্দমই তেওঁৰ গুণৰাশি প্ৰশংসা কৰিছিল আৰু দেৱাহুতিয়ে তেওঁক তেওঁৰ সন্তান প্ৰদানৰ চুক্তিৰ কথা সোঁৱৰাই দি তেওঁক উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰিবলৈ কয়।[5]
তপস্যাৰ জৰিয়তে আহৰিত শক্তি ব্যৱহাৰ কৰি কৰ্দমই এখন বিমান সৃষ্টি কৰিলে, যি প্ৰকৃততে এটা উৰন্ত ৰাজপ্ৰাসাদ, যাৰ দ্বাৰা নিজৰ ইচ্ছামতে য’তেই মন যায় উৰা মাৰিব পাৰে। দেৱাহুতিৰ সৈতে তেওঁ পৃথিৱী ভ্ৰমণ কৰিছিল, তেওঁলোকৰ মনোৰঞ্জনৰ বাবে কেইবাখনো বাগিছা আৰু সৰগীয় স্থান ভ্ৰমণ কৰিছিল। তেওঁৰ আশ্ৰমলৈ উভতি অহাৰ পাছত এশ শৰৎকাললৈকে তেওঁলোকে সংগম কৰিছিল। কৰ্দমই নিজৰ বীজ জমা কৰাৰ লগে লগে নিজকে ৯ ভাগত বিভক্ত কৰা বুলি বৰ্ণনা কৰা হৈছে। ঠিক সেইদিনা দেৱাহুতিয়ে কলা, অনসুয়া, শ্ৰদ্ধা, হবীৰ্ভূ, গতি, ক্ৰিয়া, খ্যাতি, অৰুন্ধতী, শান্তি- এই নজনী কন্যা সন্তান জন্ম দিয়ে। কিন্ত, ইয়াৰ পিছতে স্বামীয়ে তেওঁক এৰি যোৱাৰ সম্ভাৱনা আৰু ছোৱালীকেইজনীয়ে নিজৰ বাবে যোগ্য স্বামী বিচাৰিব লাগিব বুলি তেওঁ চিন্তিত হৈ পৰিল। যেতিয়া তেওঁ কৰ্দমক তেওঁৰ ভয় আৰু সংসাৰৰপৰা মুক্তি দিবলৈ অনুৰোধ কৰিছিল, তেতিয়া তেওঁ দেৱাহুতিক জনাইছিল যে বিষ্ণু অতি সোনকালে তেওঁৰ পুত্ৰ হিচাপে জন্ম ল'ব আৰু এই ক্ষেত্ৰত দেৱতাই তেওঁক জ্ঞান প্ৰদান কৰিব।[6]
দম্পতীহালৰ সন্তানৰূপে বিষ্ণু কপিল ঋষি ৰূপে জন্মগ্ৰহণ কৰিছিল, যাৰ জন্মৰ লগে লগে শুভ লক্ষণ আৰু অলৌকিক ঘটনাও আছিল। নজন মহান ঋষি আৰু ব্ৰহ্মা নিজেই কপিলক পূজা কৰিবলৈ উপস্থিত হয়। এই নজন ঋষিয়ে ক্ৰমে- মৰিচি, অত্ৰি, অংগিৰস, পুলস্ত্য, পুলহা, ক্ৰতু, ভৃগু, বশিষ্ঠ। অথৰ্বন মুনিয়ে কৰ্দমক মাতি আনি নিজৰ কন্যা সন্তানক বিয়া দি দিলে। তেওঁ কপিলক দেৱাহুতিৰ তত্ত্বাৱধানত এৰি পৃথিৱী ত্যাগ কৰিছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Roshen Dalal (2002), Hinduism, page 646
- ↑ Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃষ্ঠা. 390. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&dq=Kardama+encyclopedia&pg=PA390.
- ↑ Dikshitar, V. R. Ramachandra (1995) (en ভাষাত). The Purāṇa index. 2. (From T to M). Motilal Banarsidass Publishers. পৃষ্ঠা. 327. ISBN 978-81-209-1274-8. https://books.google.com/books?id=rmqe3AGz5fUC&pg=PA327.
- ↑ Jones, Constance; Ryan, James D. (2006) (en ভাষাত). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 228. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA228.
- ↑ Hudson, D. Dennis (2008-09-25) (en ভাষাত). The Body of God: An Emperor's Palace for Krishna in Eighth-Century Kanchipuram. Oxford University Press, USA. পৃষ্ঠা. 388. ISBN 978-0-19-536922-9. https://books.google.com/books?id=0IE8DwAAQBAJ&dq=Kardama+Sarasvati&pg=PA388.
- ↑ (en ভাষাত) The Bhagavata Purana 1. Penguin Random House India Private Limited. 2019-01-05. পৃষ্ঠা. 220. ISBN 978-93-5305-378-9. https://books.google.com/books?id=sLh9DwAAQBAJ&dq=Devahuti+vimana&pg=PT220.
- ↑ Black, Brian; Patton, Laurie (2016-03-09) (en ভাষাত). Dialogue in Early South Asian Religions: Hindu, Buddhist, and Jain Traditions. Routledge. পৃষ্ঠা. 143. ISBN 978-1-317-15142-5. https://books.google.com/books?id=Z7a1CwAAQBAJ&dq=Devah%C5%ABti+daughters&pg=PA143.