কৱিৰত্ন সৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

কৱিৰত্ন সৰস্বতী (আনু. ১৫ শতিকা) কোচ ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ 'ছোটশিলা' নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ কোচ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল। আৰু পুত্ৰ কৱিৰত্ন দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ সমসাময়িক আছিল। কৱিয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ 'জয়দ্ৰথ বধ' অনুপৰ্বৰ ভাঙনি কৰিছিল। মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ কৱিৰত্নৰ বংশধৰ।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭