সমললৈ যাওক

ক’ল’ৰেক্টেল কেন্সাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দুটা উদাহৰণস্বৰূপ ক’ল’ৰেক্টেল টিউমাৰৰ অৱস্থান আৰু অৱয়ব
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা)
  • গেষ্ট্ৰ’এণ্টেৰ’লজী
  • অনক’লজী
  • সাধাৰণ অস্ত্ৰোপচাৰ
National Cancer Institute
Patient UK

ক’ল’ৰেক্টেল কেন্সাৰ (ইংৰাজী: Colorectal cancer), যাক বাৱেল কেন্সাৰ, ক’লন কেন্সাৰ, অন্ত্ৰৰ কেন্সাৰ, বা মলদ্বাৰৰ কেন্সাৰ বুলিও জনা যায়, হৈছে ক’লন বা ৰেক্টাম (বৃহদান্ত্ৰৰ অংশ)ৰপৰা সৃষ্টি হোৱা কৰ্কট ৰোগ। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে ক’লনৰ কোষবোৰৰ অনিয়ন্ত্ৰিত বৃদ্ধি, যিবোৰে শৰীৰৰ অন্যান্য অংশলৈ সংক্ৰমিত হ’ব পাৰে।[1] ইয়াৰ লক্ষণ আৰু উপৰ্গসমূহৰ ভিতৰত শৌচৰ সৈতে তেজ যোৱা, মলত্যাগৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন, ওজন হ্ৰাস পোৱা, পেটৰ বিষ আৰু ভাগৰুৱা অনুভৱ হোৱা আদি অন্তৰ্ভুক্ত হ’ব পাৰে।[2] বেছিভাগ ক’ল’ৰেক্টেল কেন্সাৰ জীৱন-শৈলীৰ কাৰক আৰু জিনীয় বিসংগতিৰ বাবে হয়।[3][4] ইয়াৰ বিপদাশংকা বৃদ্ধি কৰা কাৰকসমূহৰ ভিতৰত আহাৰ, মেদবহুলতা, ধূমপান আৰু শাৰীৰিক সক্ৰিয়তাৰ অভাৱ অন্যতম।[3] বিপদাশংকা বৃদ্ধি কৰা খাদ্যৰ কাৰকবোৰৰ ভিতৰত ৰঙা মঙহ, প্ৰক্ৰিয়াজাত মঙহ আৰু মদ্যপান অন্যতম।[3][5] আন এটা বিপদাশংকাৰ কাৰক হৈছে প্ৰদাহযুক্ত অন্ত্ৰৰ ৰোগ, যাৰ ভিতৰত ক্ৰনছ ডিজিজ (Crohn's disease) আৰু আলচাৰেটিভ ক’লাইটিছ অন্তৰ্ভুক্ত।[3] ক’ল’ৰেক্টেল কেন্সাৰ সৃষ্টি কৰিব পৰা কিছুমান বংশগত জিনীয় বিসংগতিৰ ভিতৰত ফেমিলিয়েল এডেন’মেটাছ পলীপ’ছিছ আৰু বংশগত নন-পলীপ’ছিছ ক’লন কেন্সাৰ অন্তৰ্ভুক্ত; অৱশ্যে, এইবোৰে মুঠ আক্ৰান্তৰ ৫% তকৈও কম প্ৰতিনিধিত্ব কৰে।[3][4] ই সাধাৰণতে এটা মৃদু বা ক্ষতিকাৰক নোহোৱা টিউমাৰ হিচাপে আৰম্ভ হয়, যিটো প্ৰায়ে পলীপৰ ৰূপত থাকে আৰু সময়ৰ লগে লগে কৰ্কট ৰোগলৈ পৰিৱৰ্তন হয়।[3]

চিগমইড’স্কপী বা ক’লন’স্কপীৰ সময়ত ক’লনৰ এটা নমুনা সংগ্ৰহ কৰি ক’ল’ৰেক্টেল কেন্সাৰ ধৰা পেলাব পাৰি।[6] ইয়াৰ পিছত কৰ্কট ৰোগ ক’লনৰ বাহিৰলৈ বিয়পি পৰিছে নে ই একে স্থানতে সীমাবদ্ধ (in situ) হৈ আছে, তাক নিৰ্ণয় কৰিবলৈ মেডিকেল ইমেজিং (চিকিৎসা প্ৰতিচ্ছবি) কৰা হয়।[1] ক’ল’ৰেক্টেল কেন্সাৰৰপৰা হোৱা মৃত্যু প্ৰতিৰোধ কৰা আৰু হ্ৰাস কৰাৰ ক্ষেত্ৰত পৰীক্ষণ ফলপ্ৰসূ প্ৰমাণিত হৈছে।[7] ৪৫-৭৫ বছৰ বয়সৰ স্বাভাৱিক বিপদাশংকা থকা প্ৰাপ্তবয়স্কসকলৰ বাবে ক’ল’ৰেক্টেল কেন্সাৰ স্ক্ৰীনিং কৰাৰ পৰামৰ্শ দিয়া হয়, কিয়নো স্ক্ৰীনিঙে ইয়াৰ সৈতে জড়িত মৃত্যুৰ হাৰ কাৰ্যকৰীভাৱে প্ৰতিৰোধ আৰু হ্ৰাস কৰে।[7] ক’লন’স্কপীৰ সময়ত, ক্ষুদ্ৰ পলীপ পোৱা গ’লে তাক আঁতৰাই পেলাব পাৰি।[3] যদি ডাঙৰ পলীপ বা টিউমাৰ পোৱা যায়, তেন্তে সেয়া কৰ্কট ৰোগ হয় নে নহয় পৰীক্ষা কৰিবলৈ বায়’প্সী কৰা হ’ব পাৰে।

ক’ল’ৰেক্টেল কেন্সাৰৰ বাবে ব্যৱহৃত চিকিৎসাসমূহৰ ভিতৰত অস্ত্ৰোপচাৰ, ৰেডিয়েচন থেৰাপী, কেম’থেৰাপী আৰু টাৰ্গেটেড থেৰাপীৰ কিছুমান সংমিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে।[1] ক’লনৰ বেৰৰ ভিতৰতে সীমাবদ্ধ থকা কৰ্কট ৰোগ অস্ত্ৰোপচাৰৰদ্বাৰা সম্পূৰ্ণ নিৰাময় কৰিব পৰা যাব পাৰে, আনহাতে ব্যাপকভাৱে বিয়পি পৰা কৰ্কট ৰোগ সাধাৰণতে নিৰাময় যোগ্য নহয়; তেনে ক্ষেত্ৰত চিকিৎসাৰ লক্ষ্য জীৱনৰ মানদণ্ড উন্নত কৰা আৰু লক্ষণসমূহ উপশম কৰাৰ দিশত পৰিচালিত হয়।[1] আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচবছৰীয়া জীয়াই থকাৰ হাৰ প্ৰায় ৬৫.৪% (২০১৬-২০২২ চনৰ তথ্যৰ ওপৰত আধাৰিত)।[8] জীয়াই থকাৰ সম্ভাৱনা কৰ্কট ৰোগটো কিমান উন্নত স্তৰত আছে, অস্ত্ৰোপচাৰৰদ্বাৰা সকলো কৰ্কট ৰোগ আঁতৰাব পৰা যাবনে নাই আৰু ব্যক্তিজনৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে।[6] বিশ্বব্যাপী, ক’ল’ৰেক্টেল কেন্সাৰ হৈছে তৃতীয় আটাইতকৈ সুলভপ্ৰকাৰৰ কৰ্কট ৰোগ, যি মুঠ আক্ৰান্তৰ প্ৰায় ১০% গঠন কৰে।[9] ২০২২ চনত এই ৰোগত ১.৯৩ নিযুত নতুন আক্ৰান্ত আৰু ৯০৩,৮৫৯ গৰাকী লোকৰ মৃত্যু হৈছিল।[10] উন্নত দেশসমূহত ই অধিক দেখা যায়, য’ত ৬৫% তকৈও অধিক আক্ৰান্তৰ ঘটনা পোৱা যায়।[3]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Colon Cancer Treatment (PDQ®)". NCI. 2014-05-12. http://www.cancer.gov/cancertopics/pdq/treatment/colon/Patient/page1/AllPages। আহৰণ কৰা হৈছে: 29 June 2014.
  2. ↑ "Colorectal Cancer Signs and Symptoms | Signs of Colorectal Cancer". American Cancer Society. https://www.cancer.org/cancer/types/colon-rectal-cancer/detection-diagnosis-staging/signs-and-symptoms.html.
  3. 1 2 3 4 5 6 7 8 "Chapter 5.5: Colorectal Cancer". World Cancer Report. the International Agency for Research on Cancer, World Health Organization. 2014. পৃষ্ঠা. 392–402. ISBN 978-92-832-0443-5. http://publications.iarc.fr/Non-Series-Publications/World-Cancer-Reports/World-Cancer-Report-2014.
  4. 1 2 "Colorectal Cancer Prevention (PDQ®)". National Cancer Institute. 2014-02-27. http://www.cancer.gov/cancertopics/pdq/prevention/colorectal/HealthProfessional/page1/AllPages। আহৰণ কৰা হৈছে: 29 June 2014.
  5. ↑ "Nature, Nurture, and Cancer Risks: Genetic and Nutritional Contributions to Cancer". Annual Review of Nutrition খণ্ড 37: 293–320. August 2017. doi:10.1146/annurev-nutr-071715-051004. PMID 28826375.
  6. 1 2 "General Information About Colon Cancer". NCI. 2014-05-12. http://www.cancer.gov/cancertopics/pdq/treatment/colon/Patient। আহৰণ কৰা হৈছে: 29 June 2014.
  7. 1 2 "Screening for Colorectal Cancer: US Preventive Services Task Force Recommendation Statement". JAMA খণ্ড 315 (23): 2564–2575. June 2016. doi:10.1001/jama.2016.5989. PMID 27304597. https://archive.org/details/sim_jama_2016-06-21_315_23/page/2564.
  8. ↑ "SEER Stat Fact Sheets: Colon and Rectum Cancer". NCI. http://seer.cancer.gov/statfacts/html/colorect.html। আহৰণ কৰা হৈছে: 18 June 2014.
  9. ↑ "Chapter 1.1: The global and regional burden of cancer". World Cancer Report. the International Agency for Research on Cancer, World Health Organization. 2014. পৃষ্ঠা. 16–53. ISBN 978-92-832-0443-5. http://publications.iarc.fr/Non-Series-Publications/World-Cancer-Reports/World-Cancer-Report-2014.
  10. ↑ Bray, Freddie; Laversanne, Mathieu; Sung, Hyuna; Ferlay, Jacques; Siegel, Rebecca L.; Soerjomataram, Isabelle; Jemal, Ahmedin (May 2024). "Global cancer statistics 2022: GLOBOCAN estimates of incidence and mortality worldwide for 36 cancers in 185 countries". CA: A Cancer Journal for Clinicians খণ্ড 74 (3): 229–263. doi:10.3322/caac.21834. PMID 38572751.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
বৰ্গীকৰণ
বাহ্যিক সমল

সাঁচ:Gastroenterology সাঁচ:Digestive system neoplasia