ক'ল'ছিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কলোছিয়াম (Collosseum) ৰোমান সভ্যতাত নিৰ্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষাগৃহ । ৬৯ খ্ৰীষ্টাব্দৰ ৰোম চহৰত এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল । সুদীৰ্ঘ ১৩ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলা কলোছিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৮২ খ্ৰীষ্টাব্দত । এনে ধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ফিথিয়েটাৰ (Amphitheatre) বোলে । আধুনিক কালৰ অলিম্পিক তথা ক্ৰিকেট ষ্টেডিয়ামৰ লগত ইয়াৰ আকাৰ আৰু ব্যৱহাৰৰ ভালেখিনি সাদৃশ্য আছে । কলোছিয়ামৰ আকৃতি অৰ্ধ বৃত্তাকাৰ, ওপৰত কোনো ছাদ নাই, মুকলি আকাশ । সোঁমাজত অৱস্থিত ৰংগমঞ্চৰ কেউকাষে আজিকালিৰ ষ্টেডিয়ামৰ দৰে ঢাপে ঢাপে শাৰী শাৰী দৰ্শকৰ আসন । শিল, কংক্ৰিট আদিৰে নিৰ্মিত কলোছিয়ামৰ দৈৰ্ঘ্য ১৯০ মিটাৰ (প্ৰায় ৬২৩ ফুট) আৰু প্ৰস্থ ১৫৫ মিটাৰ (প্ৰায় ৫০৯ ফুট) ।

কলোছিয়ামৰ কেন্দ্ৰস্থলত থকা ৰংগমঞ্চ বা ৰংগভূমিৰ নাম এৰিনা (Arena) । ই এটা লেটিন শব্দ । ইয়াৰ অৰ্থ বালি বা বালিময় ভূমি । ৰংগভূমি বালিময় হোৱাৰ কাৰণে ইয়াক এৰিনা বোলা হৈছিল । প্ৰেক্ষাগৃহৰ দৰে এৰিনাও উপ-বৃত্তাকাৰ । ইয়াৰ দীঘ প্ৰায় ৮৭ মিটাৰ (২৮৭ ফুট) আৰু বহল প্ৰায় ৬০ মিটাৰ (১৮০ ফুট) । এৰিনাৰ কাষৰ পৰা ক্ৰমে ওপৰলৈকে গেলেৰিৰ দৰে দৰ্শকৰ আসনসমূহ বিস্তৃত । কলোছিয়ামত একেলগে ৫০ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা আছিল । বাহিৰৰ পৰা দেখিলে চাৰিমহলীয়া যেন লাগে যদিও ভিতৰত ই তিনিমহলীয়া ।