সমললৈ যাওক

খং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাওঁফালৰ পৰা সোঁফাললৈ: ক্ৰোধ আৰু আক্ৰোশ, ক্ৰোধ আৰু ভয়, ক্ৰোধ আৰু হতাশা

খং বা ক্ৰোধ এক তীব্ৰ আৱেগিক অৱস্থা। ইয়াত মনত অনুভূত প্ৰৰোচনা, আঘাত বা ভাবুকিৰ প্ৰতি শক্তিশালী, অস্বস্তিকৰ আৰু অসহযোগী অথবা বিৰোধী প্ৰতিক্ৰিয়া প্ৰকাশ পায়।[1][2]

খং অনুভৱ কৰা ব্যক্তিয়ে প্ৰায়ে শাৰীৰিক প্ৰভাৱ অনুভৱ কৰে, যেনে হৃদস্পন্দন বৃদ্ধি হোৱা, ৰক্তচাপ বৃদ্ধি হোৱা আৰু মানসিক চাপৰ হৰম’ন এড্ৰিনেলিন আৰু ন’ৰাড্ৰিনেলিনৰ মাত্ৰা বৃদ্ধি হোৱা।[3] কিছুমানে খঙক এনে এক আৱেগ হিচাপে লয় যিয়ে যুঁজ বা পলায়ন কাৰ্যৰ এটা অংশ সূচনা কৰে।[3] খঙাল আচৰণ মন আৰু শৰীৰত প্ৰধান অনুভূতি হৈ পৰে যেতিয়া কোনো ব্যক্তিয়ে এটা বাহিৰৰ শক্তিৰ ভাবুকিপূৰ্ণ আচৰণ তৎক্ষণাত বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ সচেতন হ’বলৈ ঠিক কৰে।[4]

খঙৰ বহু শাৰীৰিক আৰু মানসিক পৰিণতি হ’ব পাৰে। খঙৰ বাহ্যিক প্ৰকাশ মুখৰ ভাব, শৰীৰৰ ভাষা, শাৰীৰিক সঁহাৰি আৰু কেতিয়াবা ৰাজহুৱা আক্ৰমণাত্মক কাৰ্য্যত পোৱা যায়। মুখৰ ভাব চেলাউৰি সামান্য বেঁকা হোৱাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ভ্ৰু কোঁচাই লোৱালৈকে হ'ব পাৰে।[5] খং অনুভৱ কৰা বেছিভাগেই ইয়াৰ উত্তেজনাৰ কাৰণ "তেওঁলোকৰ লগত কি হৈছে" বুলি ব্যাখ্যা কৰে যদিও মনোবিজ্ঞানীসকলে আঙুলিয়াই দিয়ে যে এজন খঙাল ব্যক্তিক অতি সহজে চিনি পোৱাত ভুল কৰিব পাৰি কাৰণ খঙে আত্ম-বিশ্লেষণ ক্ষমতা আৰু বস্তুনিষ্ঠ পৰ্যবেক্ষণ ক্ষমতা হেৰুৱাই পেলায়।[6]

আধুনিক মনোবিজ্ঞানীসকলে খঙক প্ৰায় সকলো মানুহৰেই কেতিয়াবা, আৰু ব্যক্তিগত অস্তিত্ব আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে কাৰ্য্যকৰী মূল্য থকা এক স্বাভাৱিক আৰু সাধাৰণ আৱেগ হিচাপে লয়। কিন্তু অনিয়ন্ত্ৰিত খঙে ব্যক্তিগত বা সামাজিক মংগলত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু ক্ষতিকাৰক স্বাস্থ্যজনিত প্ৰভাৱ[6][7] আৰু চৌপাশৰ লোকসকলৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বহু দাৰ্শনিক আৰু লেখকে স্বতঃস্ফূৰ্ত আৰু অনিয়ন্ত্ৰিত ক্ৰোধৰ আক্ৰমণৰ বিৰুদ্ধে সঁকিয়াই দিছে যদিও খঙৰ অভ্যন্তৰীণ মূল্যক লৈ মতানৈক্যৰ সৃষ্টি হৈছে।[8] খঙৰ সৈতে মোকাবিলা কৰাৰ বিষয়টো আদিম দাৰ্শনিকসকলৰ যুগৰপৰাই লিখা হৈছে যদিও আধুনিক মনোবিজ্ঞানীসকলে পূৰ্বৰ লেখকসকলৰ বিপৰীতে খং দমনৰ ফলত নিজৰ মংগল আৰু আন্তঃব্যক্তিগত সম্পৰ্কৰ ওপৰত সম্ভাৱ্য কু-প্ৰভাৱো আঙুলিয়াই দিছে।[8]

মনোবিজ্ঞান আৰু সমাজবিজ্ঞান

[সম্পাদনা কৰক]
জিওভানি বাটিষ্টা টিয়েপ’লোৰ দ্য এংগাৰ অৱ একিলিছত গ্ৰীক নায়কে আগামেমননক আক্ৰমণ কৰা চিত্ৰিত কৰা হৈছে।

মনোবিজ্ঞানীসকলে তিনি প্ৰকাৰৰ খঙৰ কথা উল্লেখ কৰে:[9]

  1. খৰখেদা আৰু হঠাতে উঠা খং আত্মৰক্ষাৰ অনুভূতিৰ সৈতে জড়িত। মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ মাজত ইয়াৰ ভাগ থাকে আৰু যেতিয়া জন্তুটোৱে যন্ত্ৰণা বা আৱদ্ধ অনুভৱ কৰে তেতিয়া ই হয়। এই খঙৰ ৰূপটো এপিচ’ডিক।
  2. স্থিৰ আৰু ইচ্ছাকৃত খং হৈছে আনৰ দ্বাৰা ইচ্ছাকৃতভাৱে হোৱা অনুভূত ক্ষতি বা অন্যায় ব্যৱহাৰৰ প্ৰতিক্ৰিয়া। এই খঙৰ ৰূপটো এপিচ’ডিক।
  3. স্বভাৱজাত খং প্ৰবৃত্তি বা জ্ঞানতকৈ চৰিত্ৰৰ বৈশিষ্ট্যৰ সৈতে বেছি জড়িত। খিংখিঙীয়া, উদাসীনতা আৰু গোঁৱাৰামি ক্ৰোধৰ শেষ ৰূপৰ উদাহৰণ।

খঙে সম্ভাৱনাময়ভাৱে মানসিক সম্পদ সংগঠিত কৰিব পাৰে আৰু ভুল আচৰণৰ সংশোধন, সামাজিক ন্যায়ৰ প্ৰসাৰ, নেতিবাচক আৱেগৰ যোগাযোগ আৰু অভিযোগৰ প্ৰতিকাৰৰ দিশত দৃঢ়তা বৃদ্ধি কৰিব পাৰে। ধৈৰ্য্যৰ সুবিধাও দিব পাৰে। ইয়াৰ বিপৰীতে খঙে যেতিয়া প্ৰকাশৰ ক্ষেত্ৰত নিজৰ উপযুক্ত নিৰ্গমন পথ বিচাৰি নাপায় তেতিয়া ই ধ্বংসাত্মক হ’ব পাৰে। খঙে নিজৰ শক্তিশালী ৰূপত তথ্য প্ৰক্ৰিয়াকৰণ কৰাৰ ক্ষমতা[উদ্ধৃতিৰ প্ৰয়োজন] আৰু আচৰণৰ ওপৰত জ্ঞানমূলক নিয়ন্ত্ৰণ প্ৰয়োগ কৰাৰ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰে। খঙাল ব্যক্তিয়ে নিজৰ বস্তুনিষ্ঠতা, সহানুভূতি, বিচক্ষণতা বা চিন্তাশীলতা হেৰুৱাব পাৰে আৰু নিজৰ বা আনৰ ক্ষতি কৰিব পাৰে।[6][10][11] ক্ৰোধ আৰু আক্ৰমণাত্মকতাই (মৌখিক বা শাৰীৰিক, প্ৰত্যক্ষ বা পৰোক্ষ) ইটোৱে সিটোক পাৰস্পৰিকভাৱে প্ৰভাৱিত কৰিলেও যথেষ্ট পাৰ্থক্য আছে। খঙে আক্ৰমণাত্মকতাক সক্ৰিয় কৰিব পাৰে বা ইয়াৰ সম্ভাৱনা বা তীব্ৰতা বৃদ্ধি কৰিব পাৰে যদিও আক্ৰমণাত্মকতাৰ বাবে ই প্ৰয়োজনীয় বা যথেষ্ট চৰ্ত নহয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Videbeck, Sheila L. (2006). Psychiatric Mental Health Nursing (3rd সম্পাদনা). Lippincott Williams & Wilkins. ISBN 978-0-7817-6033-1. https://archive.org/details/psychiatricmenta0000vide_m6b0.
  2. Alia-Klein, Nelly; Gan, Gabriela; Gilam, Gadi; Bezek, Jessica; Bruno, Antonio; Denson, Thomas F.; Hendler, Talma; Lowe, Leroy et al. (January 2020). "The feeling of anger: From brain networks to linguistic expressions". Neuroscience & Biobehavioral Reviews খণ্ড 108: 480–497. doi:10.1016/j.neubiorev.2019.12.002. PMID 31809773.
  3. "Anger definition". Medicine.net. Retrieved 2008-04-05.
  4. Raymond DiGiuseppe, Raymond Chip Tafrate, Understanding Anger Disorders, Oxford University Press, 2006, pp. 133–159.
  5. Michael Kent, "Anger", The Oxford Dictionary of Sports Science & Medicine, Oxford University Press, আই.এচ.বি.এন. 0-19-262845-3
  6. 1 2 3 4 Raymond W. Novaco, "Anger", Encyclopedia of Psychology, Oxford University Press, 2000
  7. John W. Fiero, "Anger", Ethics, Revised Edition, Vol 1
  8. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "AngerTheory" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Paul M. Hughes, "Anger", Encyclopedia of Ethics, Vol I, Second Edition, Rutledge Press
  10. P., Mohr; Howells, K.; Gerace, A.; Day, A.; Wharton, P. (2007). "The role of perspective taking in anger arousal". Personality and Individual Differences খণ্ড 43 (3): 507–517. doi:10.1016/j.paid.2006.12.019. https://unisa.alma.exlibrisgroup.com/view/delivery/61USOUTHAUS_INST/12143192300001831 আহৰণ কৰা হৈছে: 2022-05-17.
  11. Day, A.; Mohr, P.; Howells, K.; Gerace, A.; Lim, L. (2012). "The role of empathy in anger arousal in violent offenders and university students". International Journal of Offender Therapy and Comparative Criminology খণ্ড 56 (4): 599–613. doi:10.1177/0306624X11431061. PMID 22158909. Archived from the original on 2020-10-03. https://web.archive.org/web/20201003080916/https://ap01.alma.exlibrisgroup.com/view/delivery/61USOUTHAUS_INST/12143192240001831 আহৰণ কৰা হৈছে: 2020-08-27.