খঞ্জৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
খঞ্জৰী

খঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা হয়। খোলটো তিনি বা চাৰি ইঞ্চি ডাঠ কৰি ল’ব লাগে। এই খোলাটো কাঠৰ পাৰটোত বিন্ধা কৰি ধাতুৰ সৰু সৰু তাল তিনি বা চাৰিখনকৈ একেলগ কৰি তাঁৰৰ শলাৰে বান্ধি ৰখা হয়। এখন হাতেৰে পাৰটোত ধৰি আনখন হাতৰ আঙুলিৰে চামৰা অংশত চপৰিয়াই এই বাদ্যবিধ বজোৱা হয়। এইদৰে বজোৱাৰ লগে লগে বাদ্যবিধৰ তালবোৰো পৰস্পৰে ঘৰ্ষণ কৰাৰ ফলত সিবিলাকো বাজি উঠে। এই বাদ্যটিয়ে সংগীত জগতত খঞ্জৰী নামেৰে জনাজাত। সাধাৰণতে খঞ্জৰী লোকগীত, দিহানাম আদি পৰিৱেশনৰ সময়ত সংগত কৰা হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ধৰ্মেশ্বৰ বৰুৱা (২০০৫). [অসমৰ বাদ্যযন্ত্ৰ অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ]. বাণী মন্দিৰ. পৃষ্ঠা. ৫০. অসমৰ বাদ্যযন্ত্ৰ.