সমললৈ যাওক

খড়্গ প্ৰসাদ শৰ্মা ওলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খড়্গ প্ৰসাদ শৰ্মা ওলী
के.पी. शर्मा ओली

২০২৫ চনত ওলী
৩৮তম্ নেপালৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৫ জুলাই ২০২৪ – ৯ ছেপ্টেম্বৰ ২০২৫
ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌড়েল
সহকাৰী বিষ্ণু প্ৰসাদ পৌড়েল
প্ৰকাশ মান সিং
পূৰ্বসূৰী পুষ্প কমল দাহাল
কাৰ্যকাল
১৫ ফেব্ৰুৱাৰী,২০১৮ – ১৩ জুলাই,২০২১
ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী
পূৰ্বসূৰী শ্বেৰ বাহাদূৰ দেউবা
উত্তৰসূৰী শ্বেৰ বাহাদূৰ দেউবা
কাৰ্যকাল
১২ অক্টোবৰ, ২০১৫ – ২৪ আগষ্ট, ২০১৬
ৰাষ্ট্ৰপতি ৰাম বৰণ যাদৱ
বিদ্যা দেৱী ভাণ্ডাৰী
পূৰ্বসূৰী সুশীল কোইৰালা
উত্তৰসূৰী পুষ্প কমল দাহাল
বিৰোধী দলপতি (নেপাল)
কাৰ্যকাল
২৭ ফেব্ৰুৱাৰী, ২০২৩ – ৪ মাৰ্চ, ২০২৪
প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল
পূৰ্বসূৰী শ্বেৰ বাহাদূৰ দেউবা
উত্তৰসূৰী শ্বেৰ বাহাদূৰ দেউবা
কাৰ্যকাল
১৩ জুলাই, ২০২১ – ২৬ ডিচেম্বৰ, ২০২২
প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদূৰ দেউবা
পূৰ্বসূৰী শ্বেৰ বাহাদূৰ দেউবা
উত্তৰসূৰী শ্বেৰ বাহাদূৰ দেউবা
কাৰ্যকাল
৪ আগষ্ট,২০১৬ – ১৫ ফেব্ৰুৱাৰী, ২০১৮
প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল
শ্বেৰ বাহাদূৰ দেউবা
পূৰ্বসূৰী সুশীল কোইৰালা
উত্তৰসূৰী শ্বেৰ বাহাদূৰ দেউবা কোইৰালা
মন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ উপ-প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২০০৬ – ২০০৭
Serving with অমিক শ্বেৰচন
প্ৰধানমন্ত্ৰী গিৰিজা প্ৰসাদ কোইৰালা
পূৰ্বসূৰী ভাৰত মোহন অধিকাৰী
উত্তৰসূৰী বামদেৱ গৌতম
বিদেশ মন্ত্ৰী,নেপাল(বৈদেশিক পৰিক্ৰমা মন্ত্ৰী)
কাৰ্যকাল
২০০৬ – ২০০৭
প্ৰধানমন্ত্ৰী গিৰিজা প্ৰসাদ কোইৰালা
পূৰ্বসূৰী ৰমেশ নাথ পাণ্ডে
উত্তৰসূৰী সাহানা প্ৰধান
Minister of Home Affairs
কাৰ্যকাল
১৯৯৪ – ১৯৯৫
প্ৰধানমন্ত্ৰী মান মোহন অধিকাৰী
পূৰ্বসূৰী শ্বেৰ বাহাদূৰ দেউবা
উত্তৰসূৰী খুম বাহাদূৰ খড়কা
দলৰ জ্যেষ্ঠ পদ
অধ্যক্ষ CPN (UML)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৮ মাৰ্চ, ২০২১
পূৰ্বসূৰী Position established (Party revived as per a Supreme Court verdict)[1]
কাৰ্যকাল
২০১৪ – ২০১৮
পূৰ্বসূৰী ঝলনাথ খনাল
উত্তৰসূৰী Position abolished (himself as chairman of the Nepal Communist Party)[2]
অধ্যক্ষ নেপাল কমিউনিষ্ট পাৰ্টি
কাৰ্যকাল
১৭ মে, ২০১৮ – ৮ মাৰ্চ,২০২১
Serving with পুষ্প কমল দাহাল
পূৰ্বসূৰী পদ স্থাপন কৰা হৈছে (নতুন দল)[2]
উত্তৰসূৰী পদ বিলুপ্ত (Party dissolved as per a Supreme Court verdict)[1]
Parliamentary offices
Member of Parliament, Pratinidhi Sabha
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ মাৰ্চ, ২০১৮
পূৰ্বসূৰী কেশৱ কুমাৰ বুঢ়াথোকি
২য় নেপাল সংবিধান সভাৰ সদস্য হিচাপে
সমষ্টি ঝাপা ৫ সমষ্টি
কাৰ্যকাল
১৯৯১ – ২০০৮
পূৰ্বসূৰী চন্দ্ৰ প্ৰকাশ মাইনালি
উত্তৰসূৰী গৌৰী শংকৰ খড়কা
১ম নেপাল সংবিধান সভাৰ সদস্য হিচাপে
সমষ্টি ঝাপা ২ সমষ্টি
কাৰ্যকাল
১৯৯১ – ১৯৯৯
পূৰ্বসূৰী সমষ্টি সৃষ্টি
উত্তৰসূৰী গোপাল প্ৰসাদ কোইৰালা
সমষ্টি ঝাপা ৬
দ্বিতীয় নেপাল সংবিধানসভা(বিধানসভা সংসদ)
কাৰ্যকাল
২১ জানুৱাৰী, ২০১৪ – ১৪ অক্টোবৰ, ২০১৭
পূৰ্বসূৰী বিশ্বদীপ লিংডেন লিম্বু
উত্তৰসূৰী সমষ্টি বিলুপ্ত
সমষ্টি ঝাপা ৭
ব্যক্তিগত তথ্য
জন্ম
খড়্গ প্ৰসাদ শৰ্মা ওলী

২২ ফেব্ৰুৱাৰী, ১৯৫২ (৭৩ বছৰ)
ইৱা, নেপাল
ৰাজনৈতিক দল নেপাল কমিউনিষ্ট পাৰ্টি (ঐক্যবদ্ধ মাৰ্ক্সবাদী–লেনিনবাদী)CPN (UML) (১৯৯১–২০১৮; ২০২১–বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
  • নেপাল কমিউনিষ্ট পাৰ্টি (Marxist–Leninist) (1978)CPN (ML) (১৯৭৮-১৯৯১)
  • নেপাল কমিউনিষ্ট পাৰ্টি (ঐক্যবদ্ধ মাৰ্ক্সবাদী–লেনিনবাদী)(NCP) (২০১৮-২০২১)
দাম্পত্যসঙ্গী ৰাধিকা শাক্য (বি. ১৯৮৭)
পিতৃ-মাতৃ
  • মোহন প্ৰসাদ ওলী
  • মধুমায়া ওলী
স্বাক্ষৰ
ৱেবছাইট kpsharmaoli.com

খড়্গ প্ৰসাদ শৰ্মা ওলী (জন্ম ২২ ফেব্ৰুৱাৰী ১৯৫২, সাধাৰণতে কে পি শৰ্মা ওলী বা সৰলভাৱে কে পি ওলী বুলি জনা যায়) নেপালৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৫ চনৰপৰা ২০১৬ চনলৈ, ২০১৮ চনৰপৰা ২০২১ চনলৈ, আৰু ২০২৪ চনৰপৰা ২০২৫ চনলৈকে নেপালৰ ৩৮সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জলী ২০১৪ চনৰপৰা নেপালৰ কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী–লেনিনবাদী)ৰ সভাপতি হিচাপে কাৰ্যভাৰ লৈ আছে।[3][4]

তেওঁ পূৰ্বে দুবাৰ প্ৰধানমন্ত্ৰী আছিল, প্ৰথমবাৰ ২০১৫ চনৰ অক্টোবৰপৰা ২০১৬ চনৰ আগষ্টলৈকে,[5] আৰু দ্বিতীয়বাৰ ২০১৮ চনৰ ফেব্ৰুৱাৰী পৰা ২০২১ চনৰ জুলাইলৈকে।[6]

২০১৭ চনৰপৰা তেওঁ ফেডাৰেল সংসদত ঝাপা ৫ আসনৰ সাংসদ হৈ আছে। ইয়াৰ পূৰ্বে তেওঁ ঝাপা ৬, ঝাপা ২ আৰু ঝাপা ৭ আসনৰো সাংসদ আছিল।

ওলীয়ে ২০১৫ চনৰ মধেশীয়ে নেপাল অৱৰোধ কৰাৰ বিৰোধিতা কৰিছিল।[7] তেওঁ ভাৰতৰ সৈতে নেপালৰ পৰম্পৰাগত ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কৰ বিকল্প হিচাপে চীনৰ সৈতে সম্পৰ্ক দৃঢ় কৰিছিল।[8]

ওলীয়ে নিজৰ কাৰ্যকালত সঘনাই ব্যঙ্গাত্মক মন্তব্য, সংবাদমাধ্যম আৰু সমালোচকৰ প্ৰতি কটুকথা,[9] আৰু পৃষ্ঠপোষকতা তথা দুৰ্নীতিৰ অভিযোগৰ বাবে বিতৰ্কিত হৈ পৰিছে।[10]

২০২৫ চনৰ ৯ ছেপ্টেম্বৰত সংবাদ মাধ্যমে প্ৰকাশ কৰে যে তেওঁ দুৰ্নীতি-বিৰোধী আন্দোলনৰ সাংবিধানিক সমাধানৰ বাবে পদত্যাগ কৰিছে।[11]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫২ চনৰ ২২ ফেব্ৰুৱাৰীত তেহৰথুমৰ ইৱাত কে পি শৰ্মা ওলীৰ জন্ম হৈছিল।[12] তেওঁৰ পিতৃ মোহন প্ৰসাদ ওলী এজন ব্ৰাহ্মণ কৃষক আছিল আৰু শিক্ষা সীমিত আছিল। তেওঁৰ বয়স যেতিয়া চাৰি বছৰ আছিল তেতিয়া তেওঁৰ মাতৃ মধুমায়া ওলী ছমপক্স ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। দেউতাকৰ দ্বিতীয় বিবাহৰপৰা তেওঁৰ এজন সৰু ভাই আৰু তিনিগৰাকী সৰু ভনীয়েক আছিল। ওলীয়ে ওচৰৰ প্ৰণামী মধ্যবিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। ১৯৫৮ চনত তেওঁৰ পৰিয়াল ঝাপাৰ সুৰুংগালৈ গুচি যায় যদিও কংকাই নদীৰ বানপানীৰ পিছত তেওঁলোক ভূমিহীন হৈ পৰে আৰু ওলী ককা-আইতাকৰ লগত থাকিবলৈ লয়। তাৰ পিছত তেওঁৰ পৰিয়াল ১৯৬২ চনত ঝাপা গৰমণিলৈ প্ৰব্ৰজন কৰে। ১৯৭০ চনত আদৰ্শ মাধ্যমিক বিদ্যালয়ৰপৰা এছ এল চি পৰীক্ষা সম্পূৰ্ণ কৰে। ঝাপাত থকাৰ সময়ত ওলী পঞ্চায়ত আৰু নক্সালবাৰী বিৰোধী আন্দোলনৰদ্বাৰা প্ৰভাবিত হয়। তেওঁৰ কমিউনিষ্ট প্ৰৱণতাৰ বাবে তেওঁৰ দূৰৈৰ ককাক ৰামনাথ দাহালক কৃতিত্ব দিয়ে।[13][14][15]

কাৰ্যকাল (২০১৫–২০২৫)

[সম্পাদনা কৰক]

২০১৩ চনৰ সংবিধান বিধানসভা নিৰ্বাচনত ওলীয়ে ঝাপা ৭ৰ পৰা নিৰ্বাচিত হয়। প্ৰতিদ্বন্দ্বিতাত খনালক পৰাস্ত কৰি তেওঁ সংসদীয় দলৰ নেতাও হয়।[16] ২০১৫ চনৰ জুলাই মাহত নৱম সাধাৰণ অধিৱেশনত ওলীয়ে পুনৰ দলৰ নেতৃত্বৰ বাবে প্ৰত্যাহ্বান জনায়। তেওঁ প্ৰাক্তন সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক পৰাস্ত কৰি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[17][15][18]

নিৰ্বাচনী ইতিহাস

[সম্পাদনা কৰক]
নিৰ্বাচন সদন সমষ্টি দল ভোট ফলাফল
১৯৯১ প্ৰতিনিধি সদন ঝাপা ৬ চিপিএন (ইউএমএল) ২১,০৪৯ YesY নিৰ্বাচিত
১৯৯৪ প্ৰতিনিধি সদন ঝাপা ৬ চিপিএন (ইউএমএল) ১৮,৮৬১ YesY নিৰ্বাচিত
১৯৯৯ প্ৰতিনিধি সদন ঝাপা ২ চিপিএন (ইউএমএল) ১৮,৯০৯ YesY নিৰ্বাচিত
ঝাপা ৬ ২৩,৭৪৯ YesY আসন খালী
২০০৮ সংবিধান সভা ঝাপা ৭ চিপিএন (ইউএমএল) ১৪,৯৫৯ N পৰাজিত
২০১৩ সংবিধান সভা ঝাপা ৭ চিপিএন (ইউএমএল) ১৯,২৮৭ YesY নিৰ্বাচিত
২০১৭ প্ৰতিনিধি সদন ঝাপা ৫ চিপিএন (ইউএমএল) ৫৭,১৩৯ YesY নিৰ্বাচিত
২০২২ প্ৰতিনিধি সদন ঝাপা ৫ চিপিএন (ইউএমএল) ৫২,৩১৯ YesY নিৰ্বাচিত

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ওলীৰ বিবাহ হৈছে ৰাধিকা শাক্যৰ সৈতে। ১৯৮৭ চনত পুলচ'ক কেম্পাছত শেহতীয়াকৈ মুক্তি পোৱা ৰাজনৈতিক বন্দীসকলৰ বাবে চিপিএন (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত তেওঁ শাক্যক লগ পায়। সেই সময়ত শাক্য পাটন কেম্পাছত পঢ়ি থকাৰ লগতে নেপাল ৰাষ্ট্ৰ বেংকত অস্থায়ী কৰ্মী হিচাপে কাম কৰি আছিল। সেই বছৰৰ শেষৰফালে ২০ জন লোকে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত দুয়োৰে বিবাহ হয়।[19][20]

বৰ্তমান তেওঁ ভক্তপুৰৰ বালকোটত বাস কৰে যদিও ঝাপাৰ দমকতো বাসগৃহ আছে।[15]

স্বাস্থ্যজনিত সমস্যা

[সম্পাদনা কৰক]

কাৰাগাৰত থকাৰ সময়ত ওলী যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁ গেষ্ট্ৰিক আলচাৰতো আক্ৰান্ত হৈছিল। মুক্তিৰ সময়ত তেওঁক অত্যন্ত ক্ষীণ বুলি বৰ্ণনা কৰা হৈছিল। ১৯৯০ চনৰ বিপ্লৱৰ পিছত তেওঁৰ বৃক্কত সমস্যাৰ সৃষ্টি হয়।[15]

২০০৭ চনত নতুন দিল্লীৰ এপ'ল' হাস্পতালত বৃক্ক সংৰোপণ কৰা হয় আৰু ২০২০ চনত কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ শিক্ষকতা চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে বৃক্ক সংৰোপণ কৰা হয়।[21][22]

২০১৯ চনৰ নৱেম্বৰ মাহত কিডনীজনিত ৰোগৰ বাবে ওলী ইনটেনচিভ কেয়াৰত ভৰ্তি হৈছিল আৰু সেই সময়ত তেওঁ ডায়েলাইচিছ কৰাইছিল।[23][24]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • Selected speeches of K P Sharma Oli. প্ৰকাশক Kathmandu: Central Office, Communist Party of Nepal – UML. 2016. 

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Court verdict on Nepal Communist Party (NCP) and possible after-effects". The Kathmandu Post. https://kathmandupost.com/politics/2021/03/10/supreme-court-decision-on-nepal-communist-party-ncp-and-possible-aftereffects। আহৰণ কৰা হৈছে: 31 March 2021. 
  2. 2.0 2.1 "Nepal's Maoists, liberal communists unite as biggest left party". 17 May 2018. https://www.reuters.com/article/us-nepal-politics-idUSKCN1II2BW. 
  3. "KP Sharma Oli sworn in as prime minister" (English ভাষাত). Kathmandu Post. https://kathmandupost.com/national/2024/07/15/kp-sharma-oli-sworn-in-as-prime-minister। আহৰণ কৰা হৈছে: 15 July 2024. 
  4. "Nepal's New Prime Minister KP Sharma Oli Sworn In" (en ভাষাত). Barron's. 15 July 2024. https://www.barrons.com/news/nepal-s-new-prime-minister-kp-sharma-oli-sworn-in-3a6f9dcd। আহৰণ কৰা হৈছে: 17 July 2024. 
  5. "Oli elected 38th Prime Minister of Nepal (Update)". The Kathmandu Post. Archived from the original on 2015-11-17. https://web.archive.org/web/20151117025017/http://kathmandupost.ekantipur.com/news/2015-10-11/oli-elected-38th-pm-of-nepal.html। আহৰণ কৰা হৈছে: 11 October 2015. 
  6. "Oli sworn in as prime minister". The Himalayan Times. 15 May 2021. https://thehimalayantimes.com/nepal/oli-sworn-in-as-prime-minister। আহৰণ কৰা হৈছে: 19 July 2024. 
  7. "Nepali leader says India 'breaking international law'" (en ভাষাত). Bangkok Post. https://www.bangkokpost.com/world/713212/nepali-leader-says-india-breaking-international-law. 
  8. "Want to push for continued advancement of China-Nepal ties: Xi Jinping" (en ভাষাত). The Indian Express. 1 August 2020. https://indianexpress.com/article/world/want-to-push-for-continued-advancement-of-china-nepal-ties-xi-jinping-6534401/। আহৰণ কৰা হৈছে: 2 September 2020. 
  9. "ओली आफैले उखान टुक्काको रहस्य यसरी खोले". pahilopost.com. https://pahilopost.com/content/-8547.html। আহৰণ কৰা হৈছে: 7 May 2021. 
  10. "भ्रष्टाचार रोक्ने प्रधानमन्त्री ओलीको दृढता पुरा हुन 'गर्नै पर्ने चार मुख्य काम'" (ne ভাষাত). BBC News नेपाली. 9 December 2020. https://www.bbc.com/nepali/news-55244757। আহৰণ কৰা হৈছে: 7 May 2021. 
  11. "Nepal prime minister resigns as anti-corruption protests over 'nepo kids' escalate" (en-GB ভাষাত). BBC News. 9 September 2025. https://www.bbc.co.uk/news/live/c741n80ndlxt। আহৰণ কৰা হৈছে: 9 September 2025. 
  12. "PM Oli to celebrate birthday at birthplace in Tehrathum". English.khabarhub.com. https://english.khabarhub.com/2020/18/76368/। আহৰণ কৰা হৈছে: 2 May 2022. 
  13. "KP Oli's early life and influences" (English ভাষাত). Record Nepal. https://www.recordnepal.com/kp-olis-early-life-and-influences। আহৰণ কৰা হৈছে: 18 July 2024. 
  14. "Forged by hardship, communist rebellion" (English ভাষাত). Kathmandu Post. https://kathmandupost.com/national/2015/10/12/forged-by-hardship-communist-rebellion। আহৰণ কৰা হৈছে: 18 July 2024. 
  15. 15.0 15.1 15.2 15.3 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :4 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  16. "Oli elected as UML PP leader". eKantipur. 4 February 2014. http://www.ekantipur.com/2014/02/04/top-story/oli-elected-as-uml-pp-leader/384914.html. 
  17. "UML 9th GC: Oli wins leadership race against Nepal" (English ভাষাত). Kathmandu Post. https://kathmandupost.com/miscellaneous/2014/07/15/uml-9th-gc-oli-wins-leadership-race-against-nepal। আহৰণ কৰা হৈছে: 18 July 2024. 
  18. "Oli elected UML chairman mixed results in other posts". The Himalayan Times. 15 July 2014. Archived from the original on 17 July 2014. https://web.archive.org/web/20140717234905/http://www.thehimalayantimes.com/fullNews.php?headline=KP+Oli+elected+as+CPN-UML+chairman&NewsID=421225. 
  19. "Jeevan saathi with Mr & Mrs. K.P. Oli". 15 January 2012. https://www.youtube.com/watch?v=E3a0ZUquya4। আহৰণ কৰা হৈছে: 8 December 2017. 
  20. "Oli's Radhika" (Nepali ভাষাত). The Annapurna Express. https://annapurna-express.prixa.net/story/13919/। আহৰণ কৰা হৈছে: 19 July 2024. 
  21. "Nepal Prime Minister Oli in hospital for 2nd kidney transplant". The New Indian Express. 3 March 2020. https://www.newindianexpress.com/world/2020/mar/03/nepal-prime-minister-oli-in-hospital-for-2nd-kidney-transplant-2111604.html। আহৰণ কৰা হৈছে: 17 February 2021. 
  22. "After successful kidney transplant, Oli recovers at Teaching Hospital". Kathmandu Post. https://kathmandupost.com/national/2020/03/04/prime-minister-oli-s-kidney-transplant-surgery-completed। আহৰণ কৰা হৈছে: 17 February 2021. 
  23. "Nepal's KP Sharma Oli discharged from hospital after dialysis" (en ভাষাত). Al Jazeera. https://www.aljazeera.com/news/2019/11/1/nepals-kp-sharma-oli-discharged-from-hospital-after-dialysis। আহৰণ কৰা হৈছে: 19 July 2024. 
  24. "Hospital prepares to discharge PM Oli" (en-GB ভাষাত). OnlineKhabar. 4 December 2019. https://english.onlinekhabar.com/hospital-prepares-to-discharge-pm-oli.html। আহৰণ কৰা হৈছে: 19 July 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]