সমললৈ যাওক

খনিকৰ পুথি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন-ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় আঢ়ৈশ বছৰ পুৰণি। লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে।[1]

খনিকৰ পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দ্বাৰা ৰচিত কীৰ্তন আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। খনিকৰ পুথিখন সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা। এইখন পুথি দুখন আৱিষ্কাৰ হো‌ৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা কাঠৰ বাকছৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে, মানৰ অসম আক্ৰমণৰ সময়তে (১৮১৯-১৮২১) খনিকৰ গাঁও নি‌বাসী নৰহৰি বৰুৱাৰ বংশৰ মণি বৰু‌ৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁ‌ৱৰ অধিকাংশ লোকেই হাবিয়ে-বননিয়ে পলাই ফুৰিছিল যদিও মণি বৰু‌ৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁ‌ৱৰ সকলোৰে ঘৰৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰু‌ৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰপিছত বৰু‌ৱাই টোপোলাটো খুলি তাত কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী নামেৰে চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰে দশমখন নিজৰ গাঁ‌ৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্না‌ৱলীখন কাষৰ হালো‌ৱা গাঁ‌ৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰো‌ৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথিদুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী লীলাৰাম বৰু‌ৱাই দুটি কাঠৰ বাকছ তৈয়াৰ কৰি দিয়ে। মণি বৰু‌ৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথিদুখনৰ সংৰক্ষণৰ দায়িত্ব লয়।[2]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

মানৰ আক্ৰমণৰ সময়ৰ পৰা বৰ্তমানলৈকে মণি বৰু‌ৱাৰ খনিকৰ গাঁ‌ৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথিদুখন খনিকৰ পুথি নামেৰেই জনাজাত হৈ পৰিল।

খনিকৰ পুথিৰ অন্তৰ্গত কীৰ্তন পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১০৫ খিলা। এই পুথিৰ সাঁচিপাতসমূহ দীঘে ৪৫ ছেণ্টিমিটাৰ আৰু বহলে ১৬ ছেণ্টিমিটাৰ। সেইদৰে নামঘোষাখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩ খিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ১০ ছেণ্টিমিটাৰ। এইখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাও আছে। দুয়োখন পুথিৰ লিখকৰ নাম উল্লেখ নাই।

খনিকৰ পুথি নামঘৰ

[সম্পাদনা কৰক]

প্ৰথমে খনিকৰ গাঁও গুৰুগৃহতে ভক্তসকলে খনিকৰ পুথিক পূজা অৰ্চনা কৰিছিল। কালক্ৰমত খনিকৰ পুথিৰ বিষয়ে ৰাইজ জনাজাত হোৱাত ৰাইজৰ দান বৰঙনিৰে পুথিখন থোৱা সাধাৰণ গুৰুগৃহটো ২০০০ চনত নামঘৰ হিচাবে প্ৰতিষ্ঠা হয়। নামঘৰটোৰ বাকী ৰোৱা মুল মণিকূটটো অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই ২০১৭ চনত উদ্বোধন কৰিছিল।[3]

লোকবিশ্বাস

[সম্পাদনা কৰক]

প্ৰথমে দুই-এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিছিল। আৰু এনেকৈ ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। বৰ্তমান খনিকৰ নামঘৰলৈ প্ৰতিদিনে একাধিক ভক্তৰ সমাগম হয়। বহুতে পুথিখন স্বগৃহলৈ নি নাম-প্ৰসংগৰ জৰিয়তে শ্ৰৱণ-কীৰ্তন কৰে। পুথিভাগক নিজগৃহলৈ নিব বিচৰা ভক্তই চুৰীয়া-চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহু‌ৱাই নিয়াৰ নিয়ম আছে।

প্ৰসংগ পুথি

[সম্পাদনা কৰক]
  • তীৰ্থ নাথ বৰুৱা, মিছামৰাৰ ঐতিহ্য : ঐতিহাসিক খনিকৰ পুথি, খনিকৰ গাঁও মিছামৰা, খনিকৰ পুথি নামঘৰ, ২৯ মাৰ্চ ২০১০, পৃষ্ঠা ০৭
  • নাৰায়ণ বৰুৱা, মহিমা মণ্ডিত খনিকৰ পুথি, খনিকৰ দত্ত অফছেট প্ৰিণ্টাৰছ ঢেকিয়াল গোলাঘাট, ৩০ মাৰ্চ ২০১০, পৃষ্ঠা ০২

তথ্য উৎস

[সম্পাদনা কৰক]