সমললৈ যাওক

খনিৰাম মিলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খনিৰাম মিলি (ইংৰাজী: Khaniram Mili; ১৯২৭-২০২৬) অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী, লেখক আৰু কণ্ঠশিল্পী আছিল। ২০২৬ চনৰ ২১ জানুৱাৰী তাৰিখে তেওঁৰ ৯১ বছৰ বয়সত মৃত্যু হয়।

শিৱসাগৰ জিলাৰ দিচাংমুখৰ মাজৰবাৰী গাঁৱত ১৯২৭ চনত খনিৰাম মিলিৰ জন্ম হয়। তেওঁ আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী দূৰদৰ্শনৰ সংগীত শিল্পী আছিল। তেওঁ শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি আছিল। ৯৯ বছৰত মৃত্যু হোৱা মিলিয়ে মৃত্যুৰ সময়ত তেওঁ ৭জন পুত্ৰ আৰু ৬গৰাকী কন্যা এৰি থৈ যায়।[1][2]

মিলিয়ে মিচিংসকলৰ প্ৰাৰ্থনা গীতৰ পুথি “চেঃ দৃ মেঃ লম্( কুম্ নাম। নিঃতম)’’ আৰু “ধৰ্ম নীতি তত্ত্ব সাৰ’’ ৰচনা কৰে। প্ৰাৰ্থনা গীতৰ অডিঅ’ কেছেট এটাও তেওঁ প্ৰস্তুত কৰি গৈছে।[2][1]

বঁটা-সন্মান

[সম্পাদনা কৰক]

খনিৰাম মিলিক মুক্তিযুঁজাৰুৰ ৰাজ্যিক পেন্সন আৰু অসম চৰকাৰৰ শিল্পী পেন্সন দিয়া হয়।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "অনাতাঁৰ শিল্পী খনিৰাম মিলিৰ মৃত্যু". দৈনিক অসম: ২. ২২ জানুৱাৰী ২০২৬. 
  2. 2.0 2.1 2.2 "শিৱসাগৰৰ অনাতাঁৰ শিল্পী খনিৰাম মিলি". অসমীয়া খবৰ: ৭. ২২ জানুৱাৰী ২০২৬.