খাগৰি
| Miscanthus fuscus | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Monocots |
| (অশ্ৰেণীকৃত): | Commelinids |
| বৰ্গ: | Poales |
| পৰিয়াল: | Poaceae |
| উপপৰিয়াল: | Panicoideae |
| গণ: | Miscanthus |
| প্ৰজাতি: | M. fuscus |
| বৈজ্ঞানিক নাম | |
| Miscanthus fuscus (Roxb.) Benth. | |
| সমাৰ্থক | |
|
Tricholaena fusca (Roxb.) Schult. | |
খাগৰি (বৈজ্ঞানিক নাম: Miscanthus fuscus) নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উদ্ভিদ। ইকৰা, নল আদিৰ দৰে এইবিধ ঘাঁহ জোপোহাকৈ উৎপত্তি হয় আৰু ভালেখিনি ঠাই আগুৰি থাকে।[1]
বিৱৰণ
[সম্পাদনা কৰক]খাগৰিৰ পাতবোৰ কুঁহিয়াৰৰ পাতৰ দৰে দীঘল দীঘল হয়। পাতৰ ঠাৰিৰ গুৰিত উৎপন্ন হোৱা বৌখাই গছজোপাক মেৰিয়াই ৰাখে। ইয়াৰ থোপাথোপে ফুল ফুলা দেখা যায়। [1]খাগৰিৰ ঠাৰি অস্থায়ী ঘৰৰ বেৰা আদি দিয়া কামত ব্যৱহাৰ কৰা হয়।[1]