সমললৈ যাওক

খাজুৰাহো স্মাৰকসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
খাজুৰাহো স্মাৰকসমূহ
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
স্থান খাজুৰাহো, ছাটাৰপুৰ জিলা, মধ্যপ্ৰদেশ, ভাৰত
মাপকাঠি Cultural: i, iii
উদ্ধৃতি 240
অভিলিখনৰ ইতিহাস
অভিলিখন 1986 (অজ্ঞাত অধিবেশন)

খাজুৰাহো স্মাৰকসমূহ (ইংৰাজী: Khajuraho Group of Monuments) ভাৰতমধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ হিন্দু আৰু দিগম্বৰা জৈন মন্দিৰৰ এটা দল। জিলা সদৰ ছটাৰপুৰ চহৰৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৮.৬ মাইল), গোৱালিয়াৰৰ পৰা ২৮৩ কিলোমিটাৰ (১৭৭ মাইল), ঝান্সীৰ পৰা ১৭৫ কিলোমিটাৰ (১০৯ মাইল) দক্ষিণ-পূবে, খাজৱাৰ পৰা ১০ কিলোমিটাৰ (৬.২ মাইল) আৰু ৰাজনগৰৰ পৰা ৯ কিলোমিটাৰ (৫.৬ মাইল) দূৰত্বত অৱস্থিত। নগাৰা শৈলীৰ স্থাপত্যৰ প্ৰতীক আৰু কিছুমান কামোদ্দীপক ভাস্কৰ্য্যৰ বাবে এই মন্দিৰসমূহ বিখ্যাত।[1]

খাজুৰাহোৰ বেছিভাগ মন্দিৰেই ৮৮৫ খ্ৰীষ্টাব্দৰ পৰা ১০০০ খ্ৰীষ্টাব্দৰ ভিতৰত চাণ্ডেলা বংশই নিৰ্মাণ কৰিছিল।[2][3] ঐতিহাসিক তথ্য অনুসৰি খাজুৰাহো মন্দিৰ স্থানত দ্বাদশ শতিকালৈকে ৮৫টা মন্দিৰ আছিল, যিবোৰ ২০ বৰ্গ কিলোমিটাৰ (৭.৭ বৰ্গমাইল)ত বিস্তৃত আছিল। ইয়াৰে মাত্ৰ প্ৰায় ২৫টা মন্দিৰহে আছে, যিবোৰ ছয় বৰ্গ কিলোমিটাৰ (২.৩ বৰ্গমাইল)ত বিস্তৃত।[3] এতিয়া থকা মন্দিৰসমূহৰ ভিতৰত কন্দৰিয়া মহাদেৱ মন্দিৰটো প্ৰাচীন ভাৰতীয় শিল্পৰ জটিল বিৱৰণ, প্ৰতীক আৰু প্ৰকাশভংগীৰ সৈতে প্ৰচুৰ ভাস্কৰ্য্যৰে সজাই তোলা হৈছে।[4] ১৮৩৮ চনলৈকে এই মন্দিৰ কমপ্লেক্সটো পাহৰি যোৱা আৰু জংঘলেৰে ভৰি আছিল, তেতিয়া কেপ্তেইন টি. বাৰ্ট নামৰ এজন ব্ৰিটিছ অভিযন্তাই এই কমপ্লেক্সটো পৰিদৰ্শন কৰি তেওঁৰ তথ্য জাৰ্নেল অৱ দ্য এছিয়াটিক ছ'চাইটি অৱ বেংগলত প্ৰকাশ কৰে।[5]

এই কীৰ্তিচিহ্নসমূহ নিৰ্মাণ কৰাৰ সময়ত অঞ্চলটোৰ ল'ৰাবোৰে প্ৰাপ্তবয়স্ক হোৱালৈকে ব্ৰহ্মচাৰী (স্নাতক) হিচাপে আশ্ৰমত বাস কৰিছিল আৰু এই ভাস্কৰ্য্যসমূহে তেওঁলোকক 'গৃহস্থ'ৰ সাংসাৰিক ভূমিকা সম্পৰ্কে জানিবলৈ সহায় কৰিছিল।[6] খাজুৰাহো মন্দিৰ গোটটো একেলগে নিৰ্মাণ কৰা হৈছিল যদিও সেইবোৰ হিন্দু আৰু জৈন ধৰ্ম দুটা ধৰ্মৰ প্ৰতি উৎসৰ্গিত আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই অঞ্চলত হিন্দু আৰু জৈনসকলৰ মাজত বিভিন্ন ধৰ্মীয় মতামতক স্বীকাৰ আৰু সন্মান জনোৱাৰ পৰম্পৰা আছিল।[7] ইয়াৰ অসাধাৰণ স্থাপত্য, মন্দিৰৰ ৰূপৰ বৈচিত্ৰ্য আৰু চাণ্ডেলা সভ্যতাৰ সাক্ষ্যৰ বাবে খাজুৰাহোৰ কীৰ্তিচিহ্নসমূহ ১৯৮৬ চনত ইউনেস্কোবিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সন্নিবিষ্ট কৰা হয়।[8][3]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

খজুৰাহো বা খাৰ্জুৰাবাহক নামটো প্ৰাচীন সংস্কৃতৰ পৰা উদ্ভৱ হৈছে (খজুৰা, খজুৰ অৰ্থাৎ খেজুৰ,[9] আৰু ৱাহক, বাহক অৰ্থাৎ "যিজনে কঢ়িয়াই লৈ ফুৰে" বা বাহক[10])। স্থানীয় কিংবদন্তি অনুসৰি মন্দিৰবোৰৰ দুৱাৰমুখ হিচাপে দুটা সোণৰ খেজুৰ আছিল (পুনৰ আৱিষ্কাৰ হোৱাৰ সময়ত সেইবোৰ নোহোৱা হৈছিল)। দেশাইয়ে কৈছে যে খাৰ্জুৰাবাহকৰ অৰ্থ বিচ্ছুধাৰীও, যিটো ভগৱান শিৱৰ আন এটা প্ৰতীকী নাম (যি তেওঁৰ উগ্ৰ ৰূপত সাপ আৰু বিচ্ছুৰ মালা পিন্ধে)।[11]

অৱস্থান

[সম্পাদনা কৰক]
খাজুৰাহো চহৰৰ মানচিত্ৰ

নতুন দিল্লীৰ পৰা প্ৰায় ৬২০ কিলোমিটাৰ (৩৮৫ মাইল) দক্ষিণ-পূবে চটাৰপুৰ জিলাৰ ভাৰতমধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত খাজুৰাহো কীৰ্তিচিহ্নসমূহ। এই মন্দিৰসমূহ খাজুৰাহো নামেৰেও জনাজাত এখন সৰু চহৰৰ ওচৰত অৱস্থিত,[12] ইয়াৰ জনসংখ্যা প্ৰায় ২৪,৪৮১ জন (২০১১ চনৰ লোকপিয়ল)।

খাজুৰাহোত অসামৰিক বিমানবন্দৰ খাজুৰাহো (আই এ টি এ ক'ড: এইচ জে আৰ)য়ে সেৱা আগবঢ়ায়, ইয়াৰ সেৱা দিল্লী, আগ্ৰা, বাৰাণসী আৰু মুম্বাইলৈ যায়।[13] এই স্থান ভাৰতীয় ৰেল সেৱাৰ দ্বাৰাও সংযুক্ত, ৰেলৱে ষ্টেচনটো কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত অৱস্থিত।

এই কীৰ্তিচিহ্নসমূহ পূব-পশ্চিম ৰাষ্ট্ৰীয় ঘাইপথ ৭৫ৰ পৰা প্ৰায় দহ কিলোমিটাৰ আৰু ছটাৰপুৰ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত; ছাটাৰপুৰ চহৰখন ৰাজ্যৰ ৰাজধানী ভোপালৰ সৈতে দক্ষিণ-পশ্চিম-উত্তৰ-পূব ৰাষ্ট্ৰীয় ঘাইপথ ৮৬ৰ দ্বাৰা সংযুক্ত।

ৰাজস্থানৰ দশম শতিকাৰ ভাণ্ড দেৱ মন্দিৰটো খাজুৰাহো কীৰ্তিচিহ্নৰ শৈলীত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক প্ৰায়ে "লিটিল খাজুৰাহো" বুলি কোৱা হয়।

খাজুৰাহো গোটৰ কীৰ্তিচিহ্ন চণ্ডেলা বংশৰ শাসন কালত নিৰ্মাণ কৰা হৈছিল। তেওঁলোকৰ ক্ষমতা উত্থানৰ প্ৰায় লগে লগে নিৰ্মাণ কাৰ্য্যকলাপ আৰম্ভ হয়, তেওঁলোকৰ সমগ্ৰ ৰাজ্যখনতে পিছলৈ বুণ্ডেলখণ্ড নামেৰে জনাজাত।[14] প্ৰায়বোৰ মন্দিৰ হিন্দু ৰজা যশোৱৰ্মন আৰু ধনগাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। যশোৱৰ্মনৰ উত্তৰাধিকাৰ লক্ষ্মণ মন্দিৰে সৰ্বোত্তমভাৱে প্ৰদৰ্শন কৰিছে। বিশ্বনাথ মন্দিৰে ৰজা ধনাৰ ৰাজত্বকালক সৰ্বোত্তমভাৱে প্ৰতিফলিত কৰি তুলিছে।[15]:22 বৰ্তমান থকা আটাইতকৈ ডাঙৰ আৰু বিখ্যাত মন্দিৰটো হৈছে বিদ্যাধৰা ৰজাৰ ৰাজত্বকালত নিৰ্মিত কন্দৰিয়া মহাদেৱ।[16] মন্দিৰৰ শিলালিপিসমূহে ইংগিত দিয়ে যে বৰ্তমানৰ বহুতো মন্দিৰ ৯৭০ আৰু ১০৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্পূৰ্ণ হৈছিল আৰু তাৰ পিছৰ দশকবোৰত আৰু অধিক সংযোজন কৰা হৈছিল।[7]

মধ্যযুগীয় মহোবা[17]ৰ চহৰৰ পৰা প্ৰায় ৩৫ মাইল দূৰত কালিঞ্জাৰ অঞ্চলত খাজুৰাহোৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল।মহোবা আছিল চাণ্ডেলা বংশৰ ৰাজধানী। প্ৰাচীন আৰু মধ্যযুগীয় সাহিত্যত তেওঁলোকৰ ৰাজ্যক 'জিঝোটি', 'জেজাহোতি', 'চিহ-চি-টো' আৰু 'জেজাকভূক্তি' বুলি কোৱা হয়।[18]

খাজুৰাহোৰ প্ৰথম লিখিত উল্লেখ ৬৪১ খ্ৰীষ্টাব্দত চীনা তীৰ্থযাত্ৰী জুয়ানজাঙে কৰিছিল আৰু তেওঁ কেইবা ডজন নিষ্ক্ৰিয় বৌদ্ধ মঠ আৰু এক ডজন হিন্দু মন্দিৰ দেখাৰ বৰ্ণনা কৰিছিল, য'ত হাজাৰ হাজাৰ ব্ৰাহ্মণে পূজা কৰিছিল। [19] ১০২২ খ্ৰীষ্টাব্দত কালিঞ্জাৰ আক্ৰমণৰ সময়ত গাজনীৰ মাহমুদৰ লগত সংগ দিয়া পাৰ্চী ইতিহাসবিদ আবু ৰিহান আল-বিৰুনিয়ে খাজুৰাহোৰ কথা উল্লেখ কৰিছিল। তেওঁ খাজুৰাহোক ‘জাজাহুতি’ৰ ৰাজধানী বুলি অভিহিত কৰে। [20] এই আক্ৰমণ সফল নহ'ল আৰু শেষত দুয়োপক্ষৰ মাজত শান্তি চুক্তি কৰা হয়; এই চুক্তিৰ অধীনত হিন্দু ৰজাই গাজনীৰ মাহমুদক মুক্তিপণ দি আক্ৰমণৰ অন্ত পেলাবলৈ আৰু তেওঁক ঘূৰাই পঠিয়াবলৈ সন্মত হয়।[18]

দ্বাদশ শতিকালৈকে খাজুৰাহো হিন্দু ৰজাৰ অধীনত আছিল আৰু ইয়াত ৮৫টা মন্দিৰ আছিল। মধ্য ভাৰতক ত্ৰয়োদশ শতিকাত দিল্লী চুলতানাই দখল কৰিছিল। মুছলমান শাসনত বহু মন্দিৰ ধ্বংস হৈছিল আৰু বাকীবোৰ অৱহেলিত হৈ গুচি গৈছিল। কিছুমান পুৰণি মন্দিৰৰ ধ্বংসাৱশেষ (ওপৰত ঘণ্টাই মন্দিৰ) এতিয়াও দেখা যায়।

দ্বাদশ শতিকাৰ শেষলৈকে খজুৰাহো মন্দিৰসমূহ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা হৈছিল। ত্ৰয়োদশ শতিকাত মুছলমান চুলতান কুতুব-উদ্দিন আইবাকৰ নেতৃত্বত দিল্লী চুলতানৰ সৈন্যই চাণ্ডেলা ৰাজ্য আক্ৰমণ কৰি জয় কৰে। প্ৰায় এশ বছৰৰ পিছত মৰক্কোৰ ভ্ৰমণকাৰী ইবন বাট্টুতাই ১৩৩৫ চনৰ পৰা ১৩৪২ চনলৈকে ভাৰতত থকাৰ স্মৃতিগ্ৰন্থত খাজুৰাহো মন্দিৰ ভ্ৰমণৰ কথা উল্লেখ কৰি "কাজাৰা" [21][22] এইদৰে কয়:

...খজুৰাহোৰ মন্দিৰৰ ওচৰত, যিবোৰৰ মূৰ্তিবোৰ মুছলমানে বিকৃত কৰি পেলাইছে, য'ত কেইবাজনো যোগী বাস কৰে, যাৰ চুলি শৰীৰৰ সমান দীঘল হৈ গৈছে। আৰু তীব্ৰ তপস্যাৰ ফলত তেওঁলোকৰ ৰং সকলো হালধীয়া হৈ পৰিছে। বহু মুছলমানে তেওঁলোকৰ পৰা শিকিবলৈ তেওঁলোকৰ ওচৰলৈ আহে।

 ইবন বাট্টুতা, , প্ৰায় ১৩৩৫ খ্ৰীষ্টাব্দ, ৰিহলাত ইবনে বাটুটাহ, অনুবাদ আৰ্থাৰ কটেৰেলে [23]

মধ্য ভাৰতৰ যি অঞ্চলত খাজুৰাহো মন্দিৰসমূহ অৱস্থিত সেই অঞ্চলটো ত্ৰয়োদশ শতিকাৰ পৰা ১৮ শতিকালৈকে বিভিন্ন মুছলমান বংশৰ নিয়ন্ত্ৰণত আছিল। এই সময়ছোৱাত কিছুমান মন্দিৰ অপবিত্ৰ কৰা হৈছিল, তাৰ পিছত দীৰ্ঘদিন ধৰি অৱহেলা কৰা হৈছিল।[7][14] উদাহৰণস্বৰূপে, ১৪৯৫ খ্ৰীষ্টাব্দত খাজুৰাহোক চিকন্দৰ লোডীৰ মন্দিৰ ধ্বংস অভিযানত অন্তৰ্ভুক্ত কৰা হয়।[24] খাজুৰাহোৰ দুৰ্গম আৰু বিচ্ছিন্ন অৱস্থানে তাত থকা হিন্দু আৰু জৈন মন্দিৰসমূহক মুছলমানসকলে সঘনাই ধ্বংস কৰাৰ পৰা ৰক্ষা কৰিছিল।[25][26] যুগ যুগ ধৰি গছ-গছনি আৰু অৰণ্যই এই মন্দিৰবোৰক আগুৰি ধৰিছিল।

১৮৩০ চনত স্থানীয় হিন্দুসকলৰ নেতৃত্বত এজন ব্ৰিটিছ জৰীপকাৰী টি. বাৰ্ট, এই মন্দিৰসমূহলৈ, আৰু এইদৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ইয়াক পুনৰ আৱিষ্কাৰ কৰে।[27] পিছলৈ পুনৰ আৱিষ্কাৰ হোৱাৰ কেইবছৰমানৰ পাছত আলেকজেণ্ডাৰ কানিংহামে এই মন্দিৰসমূহ যোগীসকলে গোপনে ব্যৱহাৰ কৰা বুলি ৰিপ’ৰ্ট কৰিছিল, আৰু প্ৰতি বছৰে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত (চন্দ্ৰ পঞ্জিকা অনুসৰি) পালন কৰা শিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ হিন্দু লোকে তীৰ্থযাত্ৰাত দৰ্শন কৰিছিল। ১৮৫২ চনত এফ.চি. মেচিয়ে খাজুৰাহো মন্দিৰৰ আদিম অংকন কৰিছিল।[28]

খাজুৰাহো মন্দিৰৰ অংশ আৰু বিন্যাস।

এই মন্দিৰৰ স্থান মধ্য ভাৰতৰ বিন্ধ্যা পৰ্বতমালাৰ ভিতৰত অৱস্থিত। স্থানীয় এটা প্ৰাচীন কিংবদন্তি অনুসৰি হিন্দু দেৱতা শিৱ আৰু অন্যান্য দেৱতাসকলে কালিঞ্জাৰ অঞ্চলৰ এই মনোমোহা পাহাৰীয়া গঠনসমূহ চাবলৈ ভাল পাইছিল।[29] এই অঞ্চলৰ কেন্দ্ৰস্থল খাজুৰাহো, স্থানীয় পাহাৰ আৰু নদীৰ মাজত অৱস্থিত। এই মন্দিৰ কমপ্লেক্সে প্ৰাচীন হিন্দু পৰম্পৰাক প্ৰতিফলিত কৰে য'ত দেৱ-দেৱীয়ে নিজেই প্ৰাৰ্থনা কৰিবলৈ ভাল পোৱা ঠাইত মন্দিৰ নিৰ্মাণ কৰে।[29][30]

এই মন্দিৰসমূহ পানীৰ উৎসৰ ওচৰত নিৰ্মাণ কৰা হৈছে, যিটো হিন্দু মন্দিৰৰ আন এক স্বকীয় বৈশিষ্ট্য। পানীৰ উৎসসমূহৰ ভিতৰত ছিবসাগৰ, খাজুৰ সাগৰ (নিনোৰা তাল বুলিও জনা যায়), আৰু খুদৰ নদী আদি অন্তৰ্ভুক্ত।[31] স্থানীয় কিংবদন্তি অনুসৰি এই মন্দিৰ কমপ্লেক্সত ৬৪টা পানীৰ উৎস অৰ্থাৎ জলভাগ আছিল, ইয়াৰে ৫৬টা পুৰাতত্ত্ববিদসকলে চিনাক্ত কৰিছে।[29][32]

নাগাৰা মন্দিৰৰ স্থাপত্যৰ বিভিন্ন অংশ বিতংভাৱে

এটা মন্দিৰ (চতুৰ্ভুজ)ৰ বাহিৰে[29] বাকী সকলো মন্দিৰ সূৰ্য্য উদয়ৰ ফালে নিৰ্মাণ কৰা হৈছে – আন এটা প্ৰতীকী বৈশিষ্ট্য যিটো হিন্দু মন্দিৰত প্ৰধান। মন্দিৰসমূহৰ আপেক্ষিক বিন্যাসে পুৰুষ আৰু মহিলা দেৱতাক একত্ৰিত কৰে আৰু ইয়াৰ প্ৰতীকসমূহে ইহঁতৰ আন্তঃনিৰ্ভৰশীলতাক উজ্জ্বল কৰি তোলে।[33] এই শিল্পকৰ্মসমূহে হিন্দু ধৰ্মত অপৰিহাৰ্য আৰু উপযুক্ত বুলি বিবেচিত জীৱনৰ চাৰিটা লক্ষ্য – ধৰ্ম, কাম, অৰ্থ, আৰু মোক্ষক প্ৰতীকীভাৱে চিত্ৰিত কৰিছে।

বৰ্তমান থকা মন্দিৰসমূহৰ ভিতৰত ছটা মন্দিৰ শিৱ, আঠটা বিষ্ণু আৰু তেওঁৰ অৱতাৰ, এটা গণেশ, এটা সূৰ্য্য দেৱতাক আৰু তিনিটা জৈন তীৰ্থংকৰৰ বাবে উৎসৰ্গিত।[29] কিছুমান ধ্বংসাৱশেষৰ বাবে মন্দিৰটোক কোনো নিৰ্দিষ্ট দেৱতাৰ সৈতে নিশ্চিতভাৱে জড়িত কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ পোৱা নাযায়।

এই স্থানৰ সম্পূৰ্ণ পৰীক্ষা কৰিলে দেখা যায় যে প্ৰতিটো মন্দিৰৰ পৰিকল্পনা আৰু ডিজাইনত হিন্দু প্ৰতীকী মণ্ডলৰ ডিজাইনৰ বৰ্গ আৰু বৃত্তৰ নীতি প্ৰতিফলিত হয়।[34] তদুপৰি সেই অঞ্চলটো তিনিটা ত্ৰিভুজত ভাগ কৰা হৈছে যিবোৰে একেলগে এটা পঞ্চভুজ গঠন কৰে। পণ্ডিতসকলৰ মতে ই ত্ৰিজগত বা 'ত্ৰিলোকানাথ' আৰু পঞ্চ মহাজাগতিক উপাদান বা 'পঞ্চভূত'ৰ হিন্দু প্ৰতীকবাদক প্ৰতিনিধিত্ব কৰে।[29] এই মন্দিৰ স্থান শিৱৰ বাবে উৎসৰ্গিত, যিজনে জীৱন ধ্বংস আৰু পুনৰ সৃষ্টি কৰে, যাৰ ফলত সময়, বিৱৰ্তন আৰু ধ্বংসৰ মহাজাগতিক নৃত্য নিয়ন্ত্ৰণ কৰে।[33]

নিৰ্মাণ

[সম্পাদনা কৰক]

এই মন্দিৰসমূহ পশ্চিম, পূব আৰু দক্ষিণ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে।

খাজুৰাহোৰ মন্দিৰসমূহ বেলেগ বেলেগ শিলৰ দ্বাৰা নিৰ্মিত, গ্ৰেনাইটৰ ভেটি প্ৰায় অদৃশ্য।[35] নিৰ্মাতাসকলে মৰ্টন ব্যৱহাৰ কৰা নাছিল, শিলবোৰক মৰ্টাইজ আৰু টেনন জইণ্টেৰে সংযুক্ত কৰা হৈছিল আৰু মাধ্যাকৰ্ষণৰ দ্বাৰা ঠাইত ধৰি ৰখা হৈছিল। এই শৈলীৰ নিৰ্মাণৰ বাবে অতি নিখুঁত সংযোগৰ প্ৰয়োজন হয়। খুঁটা আৰু আৰ্কিট্ৰেভবোৰ ২০ টন পৰ্যন্ত ওজনৰ বিশাল শিলৰ দ্বাৰা নিৰ্মিত আছিল।[36] ১৯ শতিকাত ইটা আৰু মৰ্টন ব্যৱহাৰ কৰি কিছুমান মেৰামতি কৰা হৈছিল; কিন্তু এইবোৰ মূল সামগ্ৰীতকৈ অধিক দ্ৰুতগতিত বয়সীয়াল হৈছে আৰু সময়ৰ লগে লগে আন্ধাৰ হৈ পৰিছে, যাৰ ফলত এইবোৰ ঠাইৰ বাহিৰত দেখা গৈছে।

খাজুৰাহো আৰু কালিঞ্জাৰ অঞ্চলত উৎকৃষ্ট মানৰ বেলেগ শিল আছে, যিবোৰ অতি নিখুঁতভাৱে খোদিত কৰিব পাৰি। আনকি চুলি, মেনিকিউৰ কৰা নখ, জটিল গহনা আদি ক্ষুদ্ৰ ক্ষুদ্ৰ সবিশেষও বৰ্তমান থকা ভাস্কৰ্য্যবোৰত স্পষ্টকৈ দেখা যায়।

খাজুৰাহোত টেলিভিছন শ্ব' "লষ্ট ৱৰ্ল্ডছ" (হিষ্ট্ৰী চেনেল)ৰ চিত্ৰগ্ৰহণৰ সময়ত এলেক্স ইভান্সে চাৰি ফুটতকৈও কম ওখ শিলৰ মূৰ্তি পুনৰ নিৰ্মাণ কৰিছিল, যিটো খোদিত কৰিবলৈ তেওঁক প্ৰায় ৬০ দিন সময় লাগিছিল। তেওঁ এই ভাস্কৰ্য্যসমূহ সৃষ্টিৰ ক্ষেত্ৰত কিমান শ্ৰম লাগে সেইটো অনুমান কৰিব বিচাৰিছিল।[37] ৰজাৰ হপকিন্স আৰু মাৰ্ক লেহনাৰে চূণশিল খননৰ পৰীক্ষাও কৰিছিল। এই পৰীক্ষাসমূহৰ বাবে ২২ দিনত প্ৰায় ৪০০ টন শিল উলিয়াবলৈ ১২ জন শ্ৰমিকৰ প্ৰয়োজন হৈছিল।[38] এই পৰীক্ষাসমূহৰ ভিত্তিত তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে এই মন্দিৰসমূহ নিৰ্মাণৰ বাবে শ শ উচ্চ দক্ষতাসম্পন্ন ভাস্কৰ্য শিল্পীৰ প্ৰয়োজন হ’লহেঁতেন।

পৰ্যটন আৰু সাংস্কৃতিক কাৰ্যসূচী

[সম্পাদনা কৰক]
মন্দিৰৰ বিন্যাস মানচিত্ৰ – খজুৰাহো স্মৃতিসৌধৰ গোট।

খাজুৰাহোৰ মন্দিৰসমূহ বহলভাৱে তিনিটা ভাগত বিভক্ত: পূব গোট, দক্ষিণ গোট আৰু পশ্চিম গোট। ইয়াৰে কেৱল পশ্চিমীয়া গোটটোৱেই অডিঅ’-গাইডেড ভ্ৰমণৰ সুবিধা আছে, পৰ্যটকক সাত-আঠটা মন্দিৰ ভ্ৰমণলৈ লৈ যায়। ইয়াৰ উপৰিও ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI) দ্বাৰা বিকশিত কৰা এটা অডিঅ'-গাইডেড ভ্ৰমণো উপলব্ধ, য'ত মন্দিৰসমূহৰ ইতিহাস আৰু স্থাপত্যৰ সম্পৰ্কে বিশদ তথ্য (এজন কথকৰ দ্বাৰা) প্ৰদান কৰা হয়।[39]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Philip Wilkinson (2008), India: People, Place, Culture and History, আই.এচ.বি.এন. 978-1405329040, pp 352-353
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 179. https://archive.org/details/indiathroughages00mada.
  3. 1 2 3 "Khajuraho Group of Monuments". United Nations Educational Scientific and Cultural OrganizationUNESCO World Heritage Centre. https://whc.unesco.org/en/list/240 আহৰণ কৰা হৈছে: 25 June 2023.
  4. Devangana Desai (2005), Khajuraho, Oxford University Press, Sixth Print, আই.এচ.বি.এন. 978-0-19-565643-5
  5. Slaczka, Anna. “Temples, Inscriptions and Misconceptions: Charles-Louis Fábri and the Khajuraho ‘Apsaras.’” The Rijksmuseum Bulletin 60, no. 3 (2012): 212–33. See p. 217.
  6. Frontline, Volume 24, Issues 6-12. S. Rangarajan for Kasturi & Sons. 2007. পৃষ্ঠা. 93.
  7. 1 2 3 James Fergusson, Northern or Indo-Aryan Style - Khajuraho History of Indian and Eastern Architecture, Updated by James Burgess and R. Phene Spiers (1910), Volume II, John Murray, London
  8. "World Heritage Day: Five must-visit sites in India". 18 April 2015. Archived from the original on 14 August 2015. https://web.archive.org/web/20150814145305/http://www.hindustantimes.com/travel/world-heritage-day-five-must-visit-sites-in-india/article1-1338551.aspx আহৰণ কৰা হৈছে: 23 November 2025.
  9. kharjUra Sanskrit English Dictionary, Koeln University, Germany
  10. vAhaka Sanskrit English Dictionary, Koeln University, Germany
  11. Devangana Desai (1996), Chapter 7 - Puns and Enigmatic Language in Sculpture Archived 4 March 2016 at the Wayback Machine in The Religious Imagery of Khajuraho, Project for Indian Cultural Studies, Columbia University Archives
  12. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. http://www.censusindia.net/results/town.php?stad=A&state5=999 আহৰণ কৰা হৈছে: 2008-11-01.
  13. Khajuraho airport Archived 8 July 2015 at the Wayback Machine AAI, Govt of India
  14. 1 2 G.S. Ghurye, Rajput Architecture, আই.এচ.বি.এন. 978-8171544462, Reprint Year: 2005, pp 19-24
  15. Sen, Sailendra (2013). A Textbook of Medieval Indian History. Primus Books. ISBN 9789380607344.
  16. Devangana Desai 2005, পৃষ্ঠা. 10.
  17. also called Erakana
  18. 1 2 Mitra (1977), The early rulers of Khajuraho, আই.এচ.বি.এন. 978-8120819979
  19. Hioco, Christophe; Poggi, Luca (2017). Khajuraho: Indian Temples and Sensuous Sculptures. 5 Continents Editions. পৃষ্ঠা. 9. ISBN 978-88-7439-778-5.
  20. J. Banerjea (1960), Khajuraho, Journal of the Asiatic Society, Vol. 2-3, pp 43-47
  21. phonetically translated from Arabic sometimes as "Kajwara"
  22. Director General of Archaeology in India (1959), Archaeological Survey of India, Ancient India, Issues 15-19, pp 45-46 (Archived: University of Michigan)
  23. Arthur Cotterell (2011), Asia: A Concise History, Wiley, আই.এচ.বি.এন. 978-0470825044, pp 184-185
  24. Michael D. Willis, An Introduction to the Historical Geography of Gopakṣetra, Daśārṇa, and Jejākadeśa, Bulletin of the School of Oriental and African Studies, University of London, Vol. 51, No. 2 (1988), pp. 271–278; See also K.R. Qanungo (1965), Sher Shah and his times, Orient Longmans, সাঁচ:Oclc, pp 423-427
  25. Trudy King et al., Asia and Oceania: International Dictionary of Historic Places, আই.এচ.বি.এন. 978-1884964046, Routledge, pp 468-470
  26. Alain Daniélou (2011), A Brief History of India, আই.এচ.বি.এন. 978-1594770296, pp 221-227
  27. Louise Nicholson (2007), India, National Geographic Society, আই.এচ.বি.এন. 978-1426201448, see Chapter on Khajuraho
  28. Krishna Deva (1990), Temples of Khajuraho, 2 Volumes, Archaeological Survey of India, New Delhi
  29. 1 2 3 4 5 6 Rana Singh (2007), Landscape of sacred territory of Khajuraho, in City Society and Planning (Editors: Thakur, Pomeroy, et al), Volume 2, আই.এচ.বি.এন. 978-8180694585, Chapter 18
  30. Stella Kramrisch, The Hindu Temple, Vol 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-81-208-0222-3
  31. Ibn Battuta in his 1335 CE memoirs on Delhi Sultanate mentioned the temples to be near a mile-long lake, modern water bodies are much smaller and separate lagoons; Director General of Archaeology in India (1959), Archaeological Survey of India, Ancient India, Issues 15-19, pp 45-46 (Archived: University of Michigan)
  32. The number 64 is considered sacred in Hindu temple design and very common design basis; it is symbolic as it is both a square of 8 and a cube of 4.
  33. 1 2 Shobita Punja (1992), Divine Ecstasy - The Story of Khajuraho, Viking, New Delhi, আই.এচ.বি.এন. 978-0670840274
  34. D Desai (1996), The religious imagery of Khajuraho, Project for Indian Cultural Studies, আই.এচ.বি.এন. 978-8190018418
  35. V.A. Smith, "Observations on some Chandel Antiquities", Journal of the Asiatic Society of Bengal, Volume 48, pp 290-291
  36. "Lost Worlds of the Kama Sutra" History channel
  37. "Lost Worlds of the Kama Sutra," History Channel
  38. Lehner, Mark (1997) The Complete Pyramids, London: Thames and Hudson. আই.এচ.বি.এন. 0-500-05084-8. pp. 202–225
  39. Tourists to Khajuraho will now have an audio compass The Times of India (25 August 2011)