সমললৈ যাওক

খাটু শ্যাম মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খাটু শ্যাম জী মন্দিৰ

মন্দিৰৰ গৰ্ভগৃহত শ্যাম বাবাৰ মূৰ্তি
স্থান
দেশ ভাৰত
ৰাজ্য ৰাজস্থান
জিলা সীকৰ
স্থান খাটু গাওঁ
স্থানাংক 27°21′53″N 75°24′12″E / 27.364639361600112°N 75.40331414812842°E / 27.364639361600112; 75.40331414812842স্থানাংক: 27°21′53″N 75°24′12″E / 27.364639361600112°N 75.40331414812842°E / 27.364639361600112; 75.40331414812842
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১০২৭ খ্ৰীষ্টাব্দ (আনুমানিক)
প্ৰতিস্থাপক ৰাজা ৰূপ সিং চৌহান (আনুমানিক)

খাটু শ্যাম জী মন্দিৰ (ইংৰাজী: Khatu Shyam Temple) ভাৰতৰ ৰাজস্থানৰ সীকৰ জিলাৰ অন্তৰ্গত খাটু গাঁৱত অৱস্থিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ বৰ্বৰিকক উৎসৰ্গিত কৰা হৈছে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ পৰা কলিযুগত শ্যাম নামেৰে পূজিত হোৱাৰ আশীৰ্বাদ লাভ কৰিছিল।[1][2][3]

চুলকানা ধাম, পানীপথ (এই ঠাইত বৰ্বৰিকে ভগৱান শ্ৰীকৃষ্ণক নিজৰ মূৰ দান কৰিছিল বুলি বিশ্বাস কৰা হয়)

স্থানীয় বিশ্বাস অনুসৰি বৰ্বৰিকে যুদ্ধত অংশ লোৱাৰ পূৰ্বে স্বেচ্ছাই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মূৰ অৰ্পণ কৰিছিল।[4][5] কোৱা হয় যে বৰ্তমানৰ ৰাজস্থানৰ খাটু গাঁৱত তেওঁৰ মূৰটো আবিৰ্ভাৱ হৈছিল, য’ত এজনী গাইগৰুৱে প্ৰতিদিনে এটি বিশেষ স্থানত গাখীৰ ঢালিছিল।[6][7] খননৰ সময়ত পোৱা এই মূৰটো এজন ব্ৰাহ্মণৰ হাতত গতাই দিয়া হৈছিল। পৰৱৰ্তী সময়ত খাটুৰ তদানীন্তন শাসকে সপোনত মন্দিৰ নিৰ্মাণ কৰি মূৰটো স্থাপনৰ নিৰ্দেশ পাইছিল বুলি বিশ্বাস কৰা হয়।[6]

মূল মন্দিৰটো ১০২৭ খ্ৰীষ্টাব্দত ৰাজা ৰূপ সিং চৌহান আৰু তেওঁৰ পত্নী নৰ্মদা কঁৱৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়।[8] ১৭২০ খ্ৰীষ্টাব্দত, ঠাকুৰৰ দীৱান অভয় সিংহই মন্দিৰটোৰ কিছু সংস্কাৰ সাধন কৰে।[8]

ধৰ্মীয় তাৎপৰ্য্য

[সম্পাদনা কৰক]

খাটু শ্যাম জীক হিন্দু ধৰ্মত বিশেষকৈ ৰাজস্থান আৰু হাৰিয়ানাত এক গুৰুত্বপূৰ্ণ দেৱতা হিচাপে পূজা কৰা হয়।[1] তেওঁক প্ৰায়ে "শ্যাম বাবা", "হাৰে কা চাহাৰা", "কলিযুগ কা অৱতাৰ" আদি নামেৰে সম্বোধন কৰা হয়।[9][2][10] তেওঁক পূজা কৰিবলৈ আৰু তেওঁৰ পৰা আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ প্ৰতিদিনে বহু ভক্তৰ আগমন ঘটে।

মেলা আৰু উৎসৱ

[সম্পাদনা কৰক]

প্ৰতি বছৰে ফাগুন মাহৰ একাদশী তিথিত খাটু শ্যামজী মন্দিৰত এখন বৃহৎ মেলাৰ আয়োজন কৰা হয়, য'ত দূৰ-দূৰণিৰ পৰা লাখ লাখ ভক্তৰ সমাগম হয়।[11][12] ইয়াৰ উপৰিও জন্মাষ্টমী, একাদশী তিথি, আৰু দীপাৱলীৰ দৰে গুৰুত্বপূৰ্ণ হিন্দু উৎসৱ এই মন্দিৰত পালন কৰা হয়।[11]

মন্দিৰটোত, খাটু শ্যাম বাবাৰ জন্ম বাৰ্ষিকীপালন কৰা হয়, যাক "দেৱউঠনী একাদশী" নামেৰে জনা যায়। এই দিৱসটোক ভক্তসকলে তেওঁৰ আবিৰ্ভাৱ দিৱস হিচাপে উদযাপন কৰে।[13]

সুৰজগড়ৰ শ্যাম ধ্বজ

[সম্পাদনা কৰক]

নিশান নামেৰেও পৰিচিত, খাটু শ্যাম মন্দিৰৰ ওপৰত উত্তোলন কৰা পতাকাৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। এই পতাকাখন প্ৰতি বছৰে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ সুৰজগড় চহৰৰ পৰা অনা হয়।[14][15] বগা কাপোৰত নীলা ঘোঁৰাৰ আকৃতিৰ এই পতাকাখন সুৰজগড়ৰ এটি প্ৰাচীন মন্দিৰত প্ৰস্তুত কৰি ফাগুন মাহত লক্ষ্মী মেলাৰ সময়ত খাটু ধামলৈ আনি মন্দিৰৰ ওপৰত স্থাপন কৰা হয়।[14][15]

প্ৰৱেশপথ

[সম্পাদনা কৰক]

খাটু শ্যামজী মন্দিৰ জয়পুৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত।[3] ইয়াৰ নিকটতম ৰেল ষ্টেচন হৈছে ৰীঙ্গস, যিটো খাটুৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰৈত অৱস্থিত।[3] ৰীঙ্গসৰ পৰা খাটুলৈ বাছ, টেক্সি আৰু অন্যান্য স্থানীয় পৰিবহণ পদ্ধতি সহজে উপলব্ধ।

শ্ৰী শ্যাম মন্দিৰ সমিতি (পঞ্জীয়নভুক্ত)

[সম্পাদনা কৰক]

শ্ৰী শ্যাম মন্দিৰ কমিটি (পঞ্জীয়নভুক্ত) খাটুশ্যামজী মন্দিৰ পৰিচালনা আৰু প্ৰশাসনৰ দায়িত্বত থকা এটি পঞ্জীয়নভুক্ত সংস্থা।[16] এই কমিটীয়ে মন্দিৰৰ দৈনন্দিন কাম-কাজ চোৱাচিতা কৰে, মেলা-উৎসৱৰ আয়োজন কৰে, ভক্তসকলৰ বাবে সা-সুবিধাসমূহ ৰক্ষণাবেক্ষণ কৰে।[16] সময়ে সময়ে কমিটীৰ নিৰ্বাচন অনুষ্ঠিত হয়, বৰ্তমান পৃথ্বী সিং চৌহান অধ্যক্ষ, মানবেন্দ্ৰ সিং চৌহান মন্ত্ৰী, আৰু কালু সিং চৌহান ডাঙৰীয়া কোষাধ্যক্ষ হিচাপে দায়িত্বত আছে।[16][17][18]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Khatu Shyam Ji Birthday: The legend of Khatu Shyam and why he is the most revered form of Krishna" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/life-style/soul-search/khatu-shyam-ji-birthday-the-legend-of-khatu-shyam-and-why-he-is-the-most-revered-form-of-krishna/articleshow/115201126.cms আহৰণ কৰা হৈছে: 2023-10-20.
  2. 1 2 "Know the mysterious story of Barbarik becoming Khatu Shyam" (hi ভাষাত). Patrika. https://www.patrika.com/dharma-karma/know-the-mysterious-story-of-barbarik-becoming-khatu-shyam-19143651 আহৰণ কৰা হৈছে: 2023-10-20.
  3. 1 2 3 "Khatu Shyam Temple: जानें इससे जुड़े रोचक तथ्य" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/travel/religious-trip/khatu-shyam-temple-know-the-interesting-facts-about-it/articleshow/110070430.cms আহৰণ কৰা হৈছে: 2023-10-20.
  4. "Khatu Wale Shyam: बर्बरीक ने क्यों दिया था अपना शीश दान, जानें महाभारत की ये कथा" (hi ভাষাত). Aaj Tak. https://www.aajtak.in/religion/festivals/story/khatu-wale-shyam-barbreek-sheesh-ka-daan-know-story-mahabharat-lord-krishna-history-ntcpvp-dskc-2177723-2025-02-28 আহৰণ কৰা হৈছে: 2025-04-29.
  5. "Khatu Shyam Ji: कैसे बर्बरीक बने खाटू श्याम, जानें कब मनाई जाती है 'हारे के सहारे' की जयंती" (hi ভাষাত). Jagran. https://www.jagran.com/spiritual/mukhye-dharmik-sthal-khatu-shyam-ji-how-did-barbarik-become-khatu-shyam-know-when-the-birth-anniversary-of-hare-ke-sahara-is-celebrated-23819339.html আহৰণ কৰা হৈছে: 2025-04-29.
  6. 1 2 "Khatu Shyam Baba Ke Chamatkar: खाटू श्याम बाबा को क्यों चढ़ाया जाता है कच्चा दूध, जानें इसके पीछे की कहानी" (hi ভাষাত). TV9 Hindi. https://www.tv9hindi.com/webstories/religion/khatu-shyam-baba-ke-chamatkar-why-is-raw-milk-offered-to-khatu-shyam-baba আহৰণ কৰা হৈছে: 2025-04-29.
  7. "Khatu Wale Shyam Baba: सीकर, राजस्थान में है खाटू श्याम बाबा का मंदिर, जानें इतिहास और कैसे बना बाबा का मंदिर" (hi ভাষাত). Aaj Tak. https://www.aajtak.in/religion/festivals/story/khatu-wale-shyam-baba-seekar-rajasthan-mandir-know-about-history-and-how-baba-mandie-was-build-ntcpvp-dskc-2181681-2025-03-05 আহৰণ কৰা হৈছে: 2025-04-29.
  8. 1 2 "Temple Profile: Mandir Shri Khatu Shyam Ji" (en ভাষাত). Devasthan Department, Government of Rajasthan. https://devasthan.rajasthan.gov.in/images/Sikar/khatushyamji.htm আহৰণ কৰা হৈছে: 2023-10-20.
  9. "Khatu Shyam Ji Birthday Date 2024: इस दिन है खाटू श्याम जी का जन्मदिन, जानें उनकी पूरी कहानी" (hi ভাষাত). Times Now Hindi. https://www.timesnowhindi.com/spirituality/khatu-shyam-ji-birthday-date-2024-khatu-shyam-ji-ka-birthday-kab-hai-khatu-shyam-ji-ke-kahani-in-hindi-article-115069892 আহৰণ কৰা হৈছে: 2025-04-29.
  10. "Khatu Shyam Mandir: राजस्थान के सीकर जिले में है खाटू श्याम मंदिर, जानें बाबा के नामों का अर्थ" (hi ভাষাত). Jagran. https://www.jagran.com/spiritual/mukhye-dharmik-sthal-khatu-shyam-ji-mandir-rajasthan-sikar-district-meaning-of-khatu-shyam-names-23592217.html আহৰণ কৰা হৈছে: 2025-04-29.
  11. 1 2 "Khatu Shyam Ji Birthday 2024: साल में दो बार क्यों मनाते हैं खाटू श्याम बाबा का जन्मदिन, जानें इसके पीछे की वजह" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/astro/religion-rituals/festivals-and-fasts/khatu-shyam-ji-birthday-2024-why-do-we-celebrate-khatu-shyam-baba-birthday-two-times-in-a-year/articleshow/115212612.cms আহৰণ কৰা হৈছে: 2025-04-29.
  12. "Khatu Shyam Birthday 2024: खाटू श्याम का जन्मदिन कब है? देवउठनी एकादशी पर लगता है लक्खी मेला" (hi ভাষাত). News18 Hindi. https://hindi.news18.com/photogallery/rajasthan/sikar-khatu-shyam-birthday-2024-devuthani-gyaras-ekadasi-khatu-shyam-ka-janmadin-lakshi-mela-kab-hai-sikar-temple-rajasthan-news-8025496.html আহৰণ কৰা হৈছে: 2025-04-29.[সংযোগবিহীন উৎস]
  13. "Hare Ka Sahara Khatu Shyam Baba Birthday: आज है 'हारे का सहारा' खाटू श्याम बाबा का जन्मदिन, देवउठनी एकादशी पर ऐसे करें पूजा" (hi ভাষাত). ABP Live. https://www.abplive.com/lifestyle/religion/hare-ka-sahara-khatu-shyam-baba-birthday-todya-on-dev-uthani-ekadashi-2821741 আহৰণ কৰা হৈছে: 2025-04-29.
  14. 1 2 "Khatu Shyam Lakhi Mela 2025: खाटू श्याम लक्खी मेले में सूरजगढ़ के ध्वज का इतिहास" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/state/rajasthan/sikar/khatu-shyam-lakhi-mela-2025-read-history-of-flag-nishan-of-temple/articleshow/118814316.cms আহৰণ কৰা হৈছে: 2025-04-29.
  15. 1 2 "Khatu Shyam Temple: खाटू श्याम मंदिर में चढ़ाया जाने वाला यह निशान पहले 12 महीने मंदिर के शिखर पर रहता है, जानें इतिहास और कारण" (hi ভাষাত). News18 Hindi. https://hindi.news18.com/photogallery/rajasthan/jhunjhunu-this-nishan-offered-in-khatu-shyam-temple-rajasthan-firstly-placed-at-top-of-mandir-for-12-month-know-history-and-reason-surajmal-king-mughal-rulers-8154779.html আহৰণ কৰা হৈছে: 2025-04-29.[সংযোগবিহীন উৎস]
  16. 1 2 3 "shrishyammandir – Khatu shyam" (hi ভাষাত). https://www.shrishyammandir.com/ আহৰণ কৰা হৈছে: 2025-04-29.
  17. "श्री श्याम मंदिर कमेटी के चुनाव सम्पन्न, प्रताप सिंह चौहान बने अध्यक्ष" (hi ভাষাত). NDTV Rajasthan. https://rajasthan.ndtv.in/rajasthan-news/elections-of-khatushyamjis-shri-shyam-mandir-committee-reg-completed-pratap-singh-chauhan-became-the-president-second-consecutive-time-6442759 আহৰণ কৰা হৈছে: 2025-04-29.[সংযোগবিহীন উৎস]
  18. "खाटू श्याम मंदिर के पुनर्विकास के लिए ₹87.87 करोड़ की योजना स्वीकृत" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/state/rajasthan/sikar/khatu-shyam-temple-to-get-a-grand-redevelopment-8787-crore-rupees-approved/articleshow/119856167.cms আহৰণ কৰা হৈছে: 2025-04-29.