সমললৈ যাওক

খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান
মানচিত্ৰত খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
বাংলাদেশত স্থান
অৱস্থান চিলেট জিলা, চিলেট বিভাগ, বাংলাদেশ
নিকটতম চহৰ চিলেট
মাটিকালি ৬৭৮.৮০ হেক্টৰ
প্ৰতিস্থা এপ্ৰিল ১৩, ২০০৬ (2006-04-13)

খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দেশৰ উত্তৰ-পূব অঞ্চলৰ চিলেট জিলাৰ চিলেট সদৰ উপজিলাত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কলাগুল, ভূৰজান আৰু গুলনী চাহবাগিছা আছে। খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় ৬৭৯ হেক্টৰ (৬.৭৯ কিলোমিটাৰ বৰ্গফুট) চিৰসেউজ অৰণ্য সামৰি লৈছে। ইংৰাজ ঔপনিৱেশিক কালত জনসাধাৰণে বিস্তৃত অঞ্চল চাহ বাগানৰ বাবে মুকলি কৰিছিল। ১৯৫০ চনৰ পাছত বন বিভাগৰদ্বাৰা গৰ্জন, বাঁহ, চম্পা, আগৰ, আকাশমনি, ইউকেলিপ্টাছ আৰু একেচিয়া মেংগিয়ামৰ গছপুলি ৰোপণ কৰা হয়। ১৯৪৭ চনৰ বাংলাদেশ বন্যপ্ৰাণী (সংৰক্ষণ) সংশোধনী আইন অনুসৰি ২০০৬ চনৰ ১৩ এপ্ৰিলত বাংলাদেশ চৰকাৰে এই বনাঞ্চলখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। বৰ্তমান বনাঞ্চলখন ৬টা বন কৰ্ম চক্ৰত বিভক্ত। বনাঞ্চলত ৩৮০ হেক্টৰ এল আৰ বাগিছা, এছ আৰ বাগিছা ১০ হেক্টৰ, বাঁহনি ১৫০ হেক্টৰ, বেতৰ বনাঞ্চল ২৫৮হেক্টৰ আৰু আগৰৰ বাগিছা ৪০হেক্টৰ আছে।

অৱস্থান

[সম্পাদনা কৰক]

ই চিলেট চহৰৰপৰা ১৩ কিলোমিটাৰ পূবে অৱস্থিত। অঞ্চলটো বহুতো জুৰি‍, নৈ আৰু পাহাৰেৰে‍ বিভাজিত। বনাঞ্চলৰ সামগ্ৰিক ৰূপটো হৈছে বিভিন্ন বয়সত সৃষ্ট কৃত্ৰিম বাগিছাৰ সমষ্টি। উদ্যানখনৰ দৈৰ্ঘ্য ১০ কিলোমিটাৰ আৰু প্ৰস্থ ০.৫০ কিলোমিটাৰ।

জলবায়ু সাধাৰণতে আৰ্দ্ৰ আৰু উষ্ণ। উদ্যানখনত প্ৰতি বছৰে জুন মাহৰপৰা ছেপ্টেম্বৰ মাহলৈকে গ্ৰীষ্মমণ্ডলীয় বাৰিষা কাল থাকে।

জীৱ বৈচিত্ৰ্য

[সম্পাদনা কৰক]

খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ২১৭ প্ৰজাতিৰ গছ আৰু ৮৩ প্ৰজাতিৰ প্ৰাণী আছে।[1]

খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰচুৰ পৰিমাণে চেগুন গছ আছে। ইয়াৰ উপৰিও জামু, গৰ্জন, চম্পা ফুল, মেহগনি, শিমলু, চন্দন, এজাৰ, আম, আমলখি‍, শিলিখা, অৰ্জুন ইত্যাদি পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়৷[1][2]

এই উদ্যানত ২০বিধ প্ৰজাতিৰ সৰীসৃপ প্ৰজাতি, ২৫বিধ প্ৰজাতিৰ চৰাই আৰু ২৬বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী আছে।[3] এই উদ্যানত পোৱা চৰাইবোৰৰ ভিতৰত দহিকতৰা, মইনা, শ্যামা, কাউৰী, কুলি‍, ভাটৌ, মাছৰোকা, কপৌ, বগলী, টুকুৰা চৰাই, চৰাই, বুলবুলি, বন কুকুৰা, শালিকা আদি উল্লেখযোগ্য। স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত বান্দৰ, শিয়াল, হেপা, নেউল, কাছ, শহাপহু, মেচেকা আদি উল্লেখযোগ্য। উদ্যানখনত বিভিন্ন প্ৰকাৰৰ সাপ পোৱা যায়৷[1]

শগুণৰ নিৰাপদ অঞ্চল

[সম্পাদনা কৰক]

শগুণ নিৰাপদ এলেকা-১ঃ সূচী অনুসৰি খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান শগুণৰ বাবে নিৰাপদ বুলি ঘোষণা কৰা হৈছে।[4]

চিত্ৰশালা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 প্ৰতিনিধি (বাংলা ভাষাত). প্ৰকাশক ঢাকা.
  2. Uddin, M. (1 June 2015). "Plant diversity assessment in Khadimnagar National Park, Sylhet". https://www.researchgate.net/publication/319077385 আহৰণ কৰা হৈছে: 22 November 2019.
  3. Shamim, Montasir. "Field Trip Report on Khadimnagar National Park, Sylhet, Bangladesh". https://www.academia.edu/38354856 আহৰণ কৰা হৈছে: 22 November 2019.
  4. "শকুনেৰ নিৰাপদ এলাকা" (বাংলা ভাষাত). ৰক্ষিত এলাকা. 2019-06-28. Archived from the original on 2019-06-15. https://web.archive.org/web/20190615192229/http://www.bforest.gov.bd/site/page/6e896fbc-0250-45ee-9fe5-772648326eb2/- আহৰণ কৰা হৈছে: 2026-01-09.