সমললৈ যাওক

খাপতাদ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খাপতাদ ৰাষ্ট্ৰীয় উদ্যান
Nepali: खप्तड राष्ट्रिय निकुञ्ज
অৱস্থান নেপাল
মাটিকালি ২২৫ বৰ্গ কি.মি. (22,50,00,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৮৪
কৰ্তৃপক্ষ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ

খাপতাদ ৰাষ্ট্ৰীয় উদ্যান নেপালৰ সুদূৰ পশ্চিম অঞ্চলত ১৯৮৪ চনত স্থাপিত এখন ৰাষ্ট্ৰীয় উদ্যান। বাঝাং, বাজুৰা, আছাম আৰু ডোটিৰ চাৰিখন জিলাত বিস্তৃত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন ২২৫ বৰ্গ কিলোমিটাৰ (৮৭ বৰ্গমাইল) আৰু ইয়াৰ উচ্চতা ১,৪০০ৰপৰা ৩,৩০০ মিটাৰ (৪,৬০০ৰপৰা ১০,৮০০ ফুট)।[1]

খাপতাদ বাবাৰ পৰামৰ্শ মতে ১৯৮৪ চনত খাপতাদ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হয়; ২০০৬ চনত ২১৬ বৰ্গ কিলোমিটাৰ বাফাৰ জ'ন ঘোষণা কৰা হয়।[1]

গছ-গছনি‍

[সম্পাদনা কৰক]

খাপতাদ ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত জলাহভূমি, ঠেক ঢাল আৰু নৈৰে গঠিত; ইয়াত ৫৬৭টা ফুলৰ প্ৰজাতি আছে। গছ-গছনিৰ ভিতৰত আছে চিৰ পাইন-ৰ'ড'ডেণ্ড্ৰন বনাঞ্চল, ওক গছৰ অৰণ্য আৰু নদীৰ পাৰৰ অঞ্চলত হিমালয়ৰ ফাৰ-হেমলক-অক বনাঞ্চল আৰু এলডাৰ অৰণ্য আদি।[1] ঔষধি উদ্ভিদৰ ২২৪বিধ প্ৰজাতি আছে‍।[2]

খাপতাদ ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় নাহৰফুটুকী, হিমালয়ৰ ক’লা ভালুক, ৰাং কুকুৰ আৰু আলপাইন কস্তুৰী হৰিণকে ধৰি ২৩বিধ স্তন্যপায়ী প্ৰাণী আছে; ২৮৭বিধ চৰাইৰ প্ৰজাতিৰ ভিতৰত ইম্পেয়ান ফেজেণ্ট, পেৰেগ্ৰিন ফেলকন আৰু পাতি শগুন অন্যতম; ২৩বিধ উভচৰ আৰু সৰীসৃপও নথিভুক্ত হৈ‍ছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. প্ৰকাশক Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. ISBN 978-92-9115-033-5. http://lib.icimod.org/record/7560/files/Nepal%20Biodiversity%20Resource%20Book.pdf আহৰণ কৰা হৈছে: 2018-12-14.
  2. Kunwar, R.; Duwadee, N. (2006). "Ethnobotanical notes on flora of Khaptad National Park (KNP), far-western Nepal". Himalayan Journal of Sciences খণ্ড 1 (1): 25–30. doi:10.3126/hjs.v1i1.182.