খালিদা জাহিৰ
খালিদা জাহিৰ (১৯২৭–২০১৫), যাৰ বানান খালদা জাহিৰ, চুডানৰ প্ৰথম মহিলা চিকিৎসক আৰু মহিলা অধিকাৰ কৰ্মীসকলৰ ভিতৰত অন্যতম।
শৈশৱ আৰু শিক্ষা
[সম্পাদনা কৰক]ওমদুৰমানৰ জাহিৰ আলছাদাতিৰ ঘৰত জন্মগ্ৰহণ কৰিছিল জাহিৰে। পৰিয়ালৰ তেওঁ ডাঙৰ ছোৱালী আছিল।[1] ১৯৫২ চনত জেড চেৰকিছিয়ানিৰ সৈতে তেওঁ কিচেনাৰ স্কুল অৱ মেডিচিনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, যিটো অনুষ্ঠান পিছলৈ খাৰ্টুম বিশ্ববিদ্যালয়লৈ পৰিণত হয়।[2]
চিকিৎসা কেৰিয়াৰ
[সম্পাদনা কৰক]খালিদা আৰু চেৰকিছিয়ানি দুয়ো আছিল চুডানৰ প্ৰথম মহিলা চিকিৎসক।[2]
খালিদাই নিজৰ ক্লিনিকত দুখীয়া লোকক বিনামূলীয়াকৈ চিকিৎসা কৰিছিল। চুডানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ শিশু চিকিৎসাৰ মুৰব্বী হৈছিল। ১৯৮৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[3]
ৰাজনৈতিক সক্ৰিয়তা
[সম্পাদনা কৰক]১৯৪৭ চনত ছাত্ৰ সংঘৰ প্ৰথমগৰাকী মহিলা সদস্য আছিল খালিদা আৰু সেই বছৰতে তেওঁ দক্ষিণ চুডানৰ সৈতে সম্পৰ্কিত শান্তি আলোচনাত যোগদান কৰে। ১৯৪০ চনত ৰাজনৈতিক দলত যোগদান কৰা কেইজনমান মহিলাৰ ভিতৰত খালিদা অন্যতম। ১৯৪৮ চনত ফাতিমা তালিবৰ সৈতে যুৱতী সাংস্কৃতিক সমাজ প্ৰতিষ্ঠা কৰে।[4] প্ৰথম চুডানৰ মহিলা সংগঠন, ই মহিলাসকলক স্বাস্থ্য, পঢ়া আৰু লিখাৰ ওপৰত শিক্ষা প্ৰদান কৰিছিল।[3] ১৯৫২ চনত তেওঁ চুডানী মহিলা সংঘ (SWU)ৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত আছিল, যিটো সংগঠনে ভোটাধিকাৰ আৰু শ্ৰমিকৰ অধিকাৰৰ বাবে প্ৰচাৰ চলাইছিল।[3] ১৯৫৮ চনত খালিদা SWU ৰ সভাপতি নিৰ্বাচিত হয়।[5]
মৃত্যু
[সম্পাদনা কৰক]খালিদাৰ মৃত্যু হয় ৯ জুন ২০১৫।[5]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Khalda Zahir – Kushsudan.org" (en-US ভাষাত). https://kushsudan.org/kushites/khalda-zahir/। আহৰণ কৰা হৈছে: 2024-12-06.
- ↑ 2.0 2.1 "Sudanese female doctors in paediatrics". Sudanese Journal of Paediatrics খণ্ড 12 (2): 36–43. 2012. PMID 27493343. PMC 4949896. http://www.sudanjp.org/uploads/9/2/7/0/9270568/sjp_v12_2_sudanese_female_doctors_in_paediatrics.pdf.
- ↑ 3.0 3.1 3.2 Mubarak, Khalid Al (2015-06-23). "Khalida Zahir obituary" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/politics/2015/jun/23/khalida-zahir-obituary.
- ↑ Turshen, Meredeth (2000-01-01) (en ভাষাত). African Women's Health. Africa World Press. পৃষ্ঠা. xi. ISBN 9780865438125. https://books.google.com/books?id=Sdx78njl-xYC&dq=Khalida+Zahir&pg=PR11.
- ↑ 5.0 5.1 "1st January Sudan National Day: Women Role In Independence Movement". Sudanow. 2018-12-23. Archived from the original on 2019-11-15. https://web.archive.org/web/20191115221648/https://sudanow-magazine.net/page.php?subId=26&Id=567.