কলাখাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খাৰৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
কল খাৰ প্ৰস্তুত কৰাৰ বাবে শুকুৱাই পুৰি লোৱা ভীমকলৰ বাকলি

কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ পানী৷ সাধাৰণতে ভীমকল গছৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়৷ কেতিয়াবা কলৰ গছ অংশও (পাত, পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও) ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়৷

খাৰ আৰু এচিডৰ বিক্ৰিয়া[সম্পাদনা কৰক]

কলাখাৰে হাইড্ৰক্ল’ৰিক এচিডৰ লগত ৰাসায়িনক বিক্ৰিয়া কৰি লৱণৰ (KCl) উৎপাদন কৰে, অৰ্থাৎ এচিডিটি নাইকিয়া কৰে৷ এই বিক্ৰিয়াত লৱণৰ লগতে কাৰ্বন ডাই অক্সাইড (CO2) আৰু পানী (H2O) উৎপন্ন হয়। ইয়াৰ সমীকৰণটো হৈছে: KHCO3 + HClKCl + CO2 + H2O[1]

খাদ্য হিচাপে[সম্পাদনা কৰক]

কলাখৰ এক ঔষধৰ দৰে খাদ্যত ব্যৱহাৰ কৰা হয়। অসমৰ লোকে ব্যৱহাৰ কৰা বিভিন্ন খাৰৰ ভিতৰত ভীমকলৰ বাকলি, পটুৱা বা আলু অংশ শুকুৱাই পুৰি উলিওৱা ছাঁইৰপৰা তৈয়াৰ কৰি উলিওৱা আৰু খাবৰ বানে ব্যৱহাৰ কৰা খাৰ বিধেই হ'ল কলাখাৰ। ছাঁইখিনি পানীত তিয়াই থোৱাৰ পাছত যিখিনি ৰঙচুৱা পানী ওলাই তাক খাৰণী (Alkali) বোলে। ধান খেৰৰ পৰা উলিওৱা খাৰণী সাধাৰণতে কাপোৰ, চুলি, বাচন আদি ধুবৰ বাবে ব্যৱহাৰ কৰা হয়। খাবৰ বাবে ভীমকলৰ বাকলি, মধুনাৰ পৰা তৈয়াৰ কৰা খাৰণী ব্যৱহাৰ কৰা হয়। খাৰণী দি ৰন্ধা খাদ্য অসমীয়া লোকৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম। কোনো কোনো অঞ্চলত মৃতকৰ সকামত দিয়া ভোজত খাৰ-মাছ ৰন্ধাটো মাংগলিক নিয়মৰ ভিতৰতে পৰে। আগৰ দিনত লোণ সততে পোৱা নগৈছিল বাবে লোণৰ মূল্য বহুত বেচি আছিল। তেতিয়া সাধাৰণ মানুহে লোণৰ সলনি খাৰণী ব্যৱহাৰ কৰিছিল। খাৰে অম্লক প্ৰসমিত কৰে বাবে অম্লশূল ৰোগত খাৰণী দি ৰন্ধা খাদ্য উপকাৰী। খাৰণী দি ৰন্ধা খাদ্যত হালধি দিলে ৰঙচুৱা বা মুগা বৰণৰ হয়। সেয়ে খাৰণী দি ৰন্ধা খাদ্যত হালধি সাধাৰণতে নিদিয়ে।

প্ৰবাদ[সম্পাদনা কৰক]

অসমীয়া সকলক খাৰখোৱা অসমীয়া বুলি কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দি খাইছিল, কেনেকৈয়ে অসমীয়া সমাজত খাৰ এক খাদ্যজাত সামগ্ৰী হিচাপে জনপ্ৰিয় হৈ উঠে আৰু এই অভ্যাসেই অসমীয়া সকলক “খাৰ খোৱা অসমীয়া”ত পৰিণত কৰে।[2]


উপকাৰ-অপকাৰ[সম্পাদনা কৰক]

কল পুৰি প্ৰস্তুত কৰা প্ৰতি ১০০ গ্ৰাম ছাইত থাকে – ফচফ’ৰাচ ৩৩ মিলিগ্ৰাম, প’টাছিয়াম ২৫৫ মিলিগ্ৰাম, মেগনেছিয়াম ২৭ মিলিগ্ৰাম, ছ’ডিয়াম ৫১ মিলিগ্ৰাম আৰু কেলছিয়াম ৬.৬ মিলিগ্ৰাম৷

  1. কলত থকা প’টাছিয়াম নামৰ উপাদান বিধ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব৷ আমাৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ আৱশ্যক হয়৷ কলাখাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ'ব পাৰে।
  2. প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে৷
  3. কিডনিৰ পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে৷
  4. কলৰ ছাইৰ পৰা উৎকৃষ্ট অ’ৰ্গেনিক বা জৈৱিক সাৰ উৎপাদন কৰা হয়৷
  5. কলৰ ছাইৰ পৰা চাবোন বা অন্য ডিটাৰজেণ্ট তৈয়াৰ কৰা হয়।
  6. চীন, জাপান, আমেৰিকাৰ দৰে উন্নত দেশত হোৱা গৱেষণা অনুসৰি মাতৃৰ গৰ্ভাৱস্থাত খাৰ বা খাৰুৱা পানীৰ প্ৰয়োজনীয়তা আছে।
  7. খাৰে গৰ্ভৱস্থাত দেখা দিয়া মৰ্ণিং চিকনেচ আঁতৰ কৰে৷
  8. খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়৷
  9. খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়৷
  10. নৱজাতকৰ জণ্ডিচৰ সম্ভাৱনা হ্ৰাস পায়৷
  11. খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷ অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷ অভোক আঁতৰায়৷ খাদ্য সহজে হজম কৰায়৷

বিভিন্ন উপকাৰীতা সমূহৰ ভিতৰত কলাখাৰৰ কিছুমান বিশেষ অপকাৰীত হ'ল:

  1. খাদ্যত অতিমাত্ৰা কলাখাৰ ব্যৱহাৰ কৰিলে ই খাদ্যৰ সোৱাদ নষ্ট কৰে।
  2. 'কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্য’ৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা প্ৰকাশ কৰিছে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]