খাৰখোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খাৰখোৱা এটা অসমীয়া শব্দ যাৰ দ্বাৰা এনে এজন লোকক বুজোৱা হয় যিজন আবশ্যকীয় ভাৱে অসমীয়া নৃগোষ্ঠীয় মূলৰ আৰু মধ্যযুগীয় অসম মূলূকৰ বাসিন্দাৰ বংশধৰ।

খাৰখোৱা শব্দটি অসমীয়া ব্যঙ্গাত্মক ,বিদ্ৰূপাত্মক আৰু কেতিয়াবা গহীন সাহিত্যত আৰু লগতে সাধাৰণ কথা-বতৰাত এজন খাটি অসমীয়া সাধাৰণ লোকক বুজাবলৈ সততে ব্যৱহাৰ কৰা হৈ আহিছে। শব্দটি কিছু পৰিমানে মৰ্য্যদা হানিকৰ অৰ্থত অসমীয়া সাধাৰণ লোকক বুজাবলৈ ব্যৱহাৰ হয় যদিও এই ব্যৱহাৰ অশালীন নহয় আৰু সেয়ে কোনো প্ৰকৃত অসমীয়াৰ গাত নালাগে। দৰাচলতে এজন খাটি অসমীয়া লোকে নিজকে খাৰখোৱা বুলি পৰিচয় দি প্ৰকৃত অসমীয়া নৃগোষ্ঠীয় মূলৰ , অসমীয়া ভাষী হোৱাৰ বিশেষাধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰে।

অৰ্থ[সম্পাদনা কৰক]

খাৰখোৱা শব্দটিয়ে আক্ষৰিক অৰ্থত সেইজনক বুজাইছে যি খাৰ খায়। নপকা অমিতা , ভীমকলৰ বাকলি ইত্যাদি খাৰৰ প্ৰাকৃতিক উৎসৰ পৰা খাৰ বা খাৰণী নামেৰে অসমীয়া ৰন্ধন প্ৰকৰণৰ এই সুপৰিচিত ব্যঞ্জনবিধ[1] অসমীয়াৰ ঘৰে ঘৰে তৈয়াৰ কৰা হয়। খাৰখোৱা শব্দটি বিশেষ্য আৰু বিশেষণ পদ হিচাপে ব্যৱহাৰ হয়। বিশেষণ হিচাপে ব্যৱহাৰ হলে অসমীয়া শব্দটো লগতে লগাই দি সম্বোধিত জনক অসমীয়ালোক বুলি নিদিষ্ট কৰি দিয়া দেখা যায়।

খাৰখোৱা শব্দটিৰ ঐতিহাসিক ভাৱাৰ্থ :অসমীয়াৰ জাতীয় চেতনা: নিমখৰ সলনি খাৰৰ ব্যৱহাৰ[সম্পাদনা কৰক]

অসমীয়া নৃগোষ্ঠীয় মূলৰ , অসমীয়া ভাষীক বুজাবলৈ ব্যৱহাৰ হোৱা খাৰখোৱা শব্দটিৰ উৎপত্তিৰ উৎস বিচাৰিলে দেখা যায় যে অতীজৰে পৰা এই লোকসকলৰ ৰন্ধন প্ৰকৰণত খাৰৰ ব্যাপক প্ৰয়োগ হৈছে আৰু এই খাৰ মধ্যযুগীয় অসম মূলূকত নিমখৰ পৰিবৰ্তে ব্যৱহৃত হৈছিল আৰু তাৰো কাৰণ হৈছে সেই সময়ত নিমখ এক মহা মূল্যবান সামগ্ৰী আছিল। নগা আৰু মিচিমি লোকসকলে পাহাৰৰ লৱনযুক্ত শিলাখণ্ডৰ পৰা নিমখ সংগ্ৰহ কৰি অসমলৈ লৈ আনিছিল। কিন্তু ৰজাঘৰীয়া সকলৰ তেওঁলোকৰ লগত সঘনাই যুদ্ধ বিগ্ৰহ চলি থকাৰ ফলত নিমখৰ আমদানি সততে বাধাপ্ৰাপ্ত হৈছিল আৰু যাৰ ফলত সাধাৰণ লোকসকলে লোণহীন ব্যঞ্জনকে অতি তৃপ্তিৰে খাব লগীয়া হৈছিল । ৰজাঘৰীয়া আৰু বৰমূৰীয়া সকলেহে খাদ্যত নিমখৰ জুঁতি লব পাৰিছিল।[2] খাৰখোৱা শব্দটিৰ মৰ্য্যদা হানিকৰ অৰ্থত ব্যৱহাৰৰ কাৰণ সেয়ে এয়ে বুলিব পাৰি যে শব্দটিয়ে সৰ্ব-সাধাৰণ ৰাইজক ৰজাঘৰীয়া বৰমূৰীয়া সকলৰ আগত নিঃকিন ৰূপত প্ৰকাশ কৰিছিল। লোনে..সোনে সমান , শাকত নাখায় লোণ, পিতিকাত যায় তিনিগুন ইত্যাদি ফকৰা-যোজনাৰ পৰাও অতীজতে নিমখৰ দুৰ্লভতাৰ অনুধাৱন কৰিব পাৰি।

কালক্ৰমত অসমত ৰাজ্য, ৰজাঘৰীয়া, বৰমূৰীয়া সকলো নোহোৱা হৈ একাকাৰ হ'ল , নিমখৰ আমদানিও বিভিন্ন ঠাইৰ পৰা হোৱাত নিমখ সৰ্ব-সাধাৰণৰ বাবে সহজ লভ্য আৰু সস্তা হৈ পৰিল । কিন্তু অসমীয়া ৰন্ধন প্ৰকৰণত খাৰৰ ব্যৱহাৰ স্থায়ী হৈ ৰ'ল আৰু খাৰখোৱা শব্দটিয়ে অসমীয়া লোকসকলৰ এই বিশেষ খাদ্যাভ্যাসক জাতীয় পৰিচয় হিচাপে দাঙি ধৰিলে।

খাৰখোৱা শব্দটিৰ ব্যৱহাৰ আৰু অসমীয়াৰ জাতীয় সহ-মৰ্মিতা[সম্পাদনা কৰক]

খাৰখোৱা বুলি পৰিচয় দিয়াৰ বিশেষাধিকাৰ আবশ্যকীয় ভাৱে অসমীয়া নৃগোষ্ঠীয় মূলৰ আৰু মধ্যযুগীয় অসম মূলূকৰ বাসিন্দাৰ বংশধৰ বুলি এতিয়াৰ সকলো অসমীয়া মাতৃভাষীয়ে পায় আৰু কাৰ পূৰ্ব-পুৰুষ ৰজাঘৰীয়া, বৰমূৰীয়া অথবা কাৰ সাধাৰণ জনতা আছিল সেই কথা এতিয়া বিচাৰ্য্য নহয়। ব্যঙ্গাত্মক ,বিদ্ৰূপাত্মক অৰ্থত খাৰখোৱা শব্দটি কোনো অসমীয়াই আন এজন অসমীয়া বা নিজৰ ওপৰত প্ৰয়োগ কৰি দৰাচলতে তলে তলে তেওঁৰ লগত সহ-মৰ্মিতা প্ৰকাশ কৰে অথবা খাটি অসমীয়া হোৱাৰ গৌৰৱ অনুভৱ কৰে। সঁচা অৰ্থত চাবলৈ গ'লে যিসকল শেহতীয়া ভাৱে ভাৰতৰ বা বাহিৰৰ অন্যান্য অংশৰ পৰা আহি অসমত স্থায়ী হৈছে আৰু অসমীয়া ভাষাও ক'বলৈ লৈছে কিন্তু যাৰ পূৰ্ব-পুৰুষ সকলে অসমত লোণৰ অভাৱত অতীজৰ খাৰখোৱা দিনবোৰ পাৰ কৰা নাই তেওঁলোক খাৰখোৱা হ'ব নোৱাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://sunitabhuyan.com/?p=2299
  2. http://assamforest.in/publication/wildEdible_plantsAssam.pdf