খাৰু


খাৰু পৰম্পৰাগতভাৱে হাতত পিন্ধা কঠিন ঘূৰণীয়া অলংকাৰ যিবোৰ সাধাৰণতে বিভিন্ন ধাতু, কাঠ, কাঁচ বা প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। এই অলংকাৰবোৰ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া, আৰব উপদ্বীপ, আফ্ৰিকা আদি অঞ্চলৰ মহিলাসকলে বেছিকৈ পিন্ধে। ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকাআদি এছিয়াৰ অন্যান্য দেশত বিয়াত কাঁচৰ খাৰু পিন্ধা কইনা দেখিবলৈ পোৱাটো সাধাৰণ কথা। খাৰু সৰু ছোৱালীয়েও পিন্ধিব পাৰে, আৰু সোণ বা ৰূপৰ খাৰু শিশুৰ বাবেও লোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]। কিছুমান পুৰুষ-মহিলাই বাহুত বা হাতৰ সৰুগাঁঠিত কদা বা কাৰা নামৰ একক খাৰু পিন্ধে। অসমত প্ৰাচীন কালৰে পৰা পুৰুষ আৰু নাৰী উভয়ে খাৰু পিন্ধিছিল। তিৰোতাসকলে হাতত মুঠিখাৰু পিন্ধিছিল।[1]
চূড়া খাৰু হৈছে এক প্ৰকাৰৰ খাৰু যিটো হিন্দু/শিখ পাঞ্জাবী মহিলাসকলে বিয়াৰ দিনা পিন্ধে। ই শিলৰ কামৰ সৈতে বগা আৰু ৰঙা খাৰুৰ এটা গোট।[উদ্ধৃতিৰ প্ৰয়োজন] পৰম্পৰা অনুসৰি এগৰাকী মহিলাই নিজৰ খাৰু নিজে কিনি পিন্ধিব নাপায়।[উদ্ধৃতিৰ প্ৰয়োজন]
ভাৰতৰ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ ভাৰতৰ সৰ্বাধিক বেংগল উৎপাদনকাৰী দেশ।[উদ্ধৃতিৰ প্ৰয়োজন]
ইতিহাস
[সম্পাদনা কৰক]
সমগ্ৰ ভাৰতীয় উপমহাদেশৰ একাধিক প্ৰত্নতাত্ত্বিক স্থানৰ পৰা সাগৰীয় খোলা, তাম, ব্ৰঞ্জ, সোণ, এগেট, চলচিডনি আদিৰ পৰা তৈয়াৰী খাৰু খনন কৰি পোৱা হৈছে।[2] বৰ্তমানৰ পাকিস্তানৰ মহেঞ্জো-দাৰো প্ৰত্নতাত্ত্বিক স্থান (খ্ৰীষ্টপূৰ্ব ২৬০০)ৰ পৰা বাওঁহাতত খাৰু পিন্ধা এগৰাকী নৃত্যশিল্পী ছোৱালীৰ মূৰ্তি খনন কৰা হৈছে।[3] প্ৰাচীন ভাৰতত খাৰুৰ আন প্ৰাৰম্ভিক উদাহৰণসমূহ হ'ল মাহুৰঝাৰীৰ খননৰ পৰা তামৰ নমুনা, তাৰ পিছত মৌৰ্য সাম্ৰাজ্যৰ (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫) সজ্জিত খাৰু আৰু ঐতিহাসিক স্থান তক্ষশীলাত (খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা) পোৱা সোণৰ খাৰুৰ নমুনা।[2] একাধিক মৌৰ্য স্থানৰ পৰাও আলংকাৰিক খোলাৰ খাৰু খনন কৰা হৈছে।[2] আন কিছুমান বৈশিষ্ট্যৰ ভিতৰত তামৰ জোৰা দিয়া খাৰু আৰু কিছুমান ক্ষেত্ৰত সোণপাত মেৰিওৱা খাৰু।[2]
খাৰুৰ আকৃতি বৃত্তাকাৰ আৰু ব্ৰেচলেটৰ দৰে ই নমনীয় নহয়। এই শব্দটো হিন্দী বুংৰি (কাঁচ)ৰ পৰা উদ্ভৱ হৈছে।[4] সোণ, ৰূপ, প্লেটিনাম, কাঁচ, কাঠ, লৌহ ধাতু, প্লাষ্টিক আদি অসংখ্য মূল্যৱান ধাতুৰ লগতে অমূল্য সামগ্ৰীৰে তৈয়াৰ কৰা হয়। সাগৰীয় শামূকৰ খোলাৰ পৰা তৈয়াৰী খাৰু, যিবোৰ বগা ৰঙৰ, বিবাহিত বঙালী আৰু উড়িয়া হিন্দু মহিলাসকলে পিন্ধে। বিশেষকৈ অসম আৰু বংগৰ মহিলা আৰু ছোৱালীয়ে এটা বিশেষ ধৰণৰ খাৰু পিন্ধে, যিটো ব্যয়বহুল সোণৰ খাৰুৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়, আৰু ইয়াক ব্ৰঞ্জৰ খাৰুত এটা পাতল সোণৰ পাত (১–৩ গ্ৰামৰ ভিতৰত ওজন) তাপ-যান্ত্ৰিকভাৱে মিহলাই প্ৰস্তুত কৰা হয়।
সাধাৰণতে বিশ্বৰ মানুহে পিন্ধা খাৰু কেৱল হাতৰ সৰুগাঁঠিত পিন্ধা অনমনীয় গহনা। কিন্তু বহু সংস্কৃতিত, বিশেষকৈ ভাৰতীয় সংস্কৃতি আৰু বহল ভাৰতীয় উপমহাদেশৰ পৰা অহা সংস্কৃতিত খাৰু বিভিন্ন প্ৰকাৰলৈ বিকশিত হৈছে য'ত বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ৰাজকুমাৰ, সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ৫৮৯. ISBN 81-7339-308-7.
- ↑ 2.0 2.1 2.2 2.3 Ghosh, page 224
- ↑ Ghosh, page 83
- ↑ "Etymology of Selected Words of Indian Language Origin". Wmich.edu. Archived from the original on 2014-02-20. https://web.archive.org/web/20140220033539/http://www.wmich.edu/dialogues/themes/indianwords.htm। আহৰণ কৰা হৈছে: 2013-01-31.
- ↑ "Bangles". Tamilnadu.com. 4 March 2013. Archived from the original on 18 October 2013. https://web.archive.org/web/20131018071805/http://tamilnadu.com/fashion/bangles.html। আহৰণ কৰা হৈছে: 14 March 2013.