সমললৈ যাওক

খিচড়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওনাম উৎসৱৰ বাবে পৰিৱেশন কৰা এখন সদ্যা ভোজ: তলৰ বাঁওফালৰপৰা দ্বিতীয় হালধীয়া পদটোৱেই হৈছে খিচড়ী

খিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ।[1][2] এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জিৰাৰ পেষ্ট আৰু তিয়ঁহ বা কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।[3] ই উত্তৰ ভাৰতত পৰিৱেশন কৰা ৰাইতাৰ সৈতে কিছু পৰিমাণে একে, কিন্তু ইয়াৰ মূল পাৰ্থক্যটো হৈছে ইয়াত সৰিয়হ আৰু নৰসিংহ পাতৰ ফুট দিয়া হয়।[4]

খিচড়ী কেৰালাৰ পৰম্পৰাগত ভোজ 'সদ্যা'ৰ এক অন্যতম অংগ আৰু ই ওনাম তথা বিষু উৎসৱৰ সময়ত অতি জনপ্ৰিয় খাদ্য।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]