খুছবু গ্ৰেৱাল
খুছবু গ্ৰেৱাল এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ খুছবু কোছাৰ নামেৰেও পৰিচিত। B4Uত ভিজে হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত অভিনেত্ৰী হিচাপে পাঞ্জাবী আৰু হিন্দী ছবিত জড়িত হয়। ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজৰ দৰে হিন্দী ছবি আৰু কেৰী অন জাটা আদি পাঞ্জাবী ছবিত অভিনয় কৰিছে। তেওঁ বেছিভাগেই নেপথ্য কণ্ঠশিল্পী হিচাপে পৰিচিত। তেওঁ বলীউডৰ ছবি হেট ষ্ট'ৰী ২ত মিট ব্ৰাদাৰ্ছৰ ৰচনা "পিংক লিপছ"ৰ বাবে স্বীকৃতি লাভ কৰে।[1] তেওঁ মিট ব্ৰাদাৰ্ছ বেণ্ডৰ এগৰাকী মুখ্য কণ্ঠশিল্পীও।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]গ্ৰেৱালে মনোৰঞ্জন উদ্যোগত ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল[5] আৰু তাৰ পিছত পাঞ্জাবী আৰু হিন্দী ছবিলৈ আগবাঢ়িছিল। ভিজে হিচাপে তেওঁ বলীউডৰ সুপৰিচিত চেলিব্ৰিটিসকলৰ সাক্ষাৎকাৰ লৈছিল।[3] গ্ৰেৱালে মুণ্ডে ইউ কে দে, কেৰী অন জাটা আৰু ভাজী ইন প্ৰব্লেম আদি পাঞ্জাবী ছবিত অভিনয়ো কৰিছে। টিভি ধাৰাবাহিক যেনে দিল দোস্তী ডান্স, ৰং বদলতী ওঢ়নী, ছজ্জে-ছজ্জে কা প্যাৰ আদিতো অভিনয় কৰিছে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Khushboo Grewal sings 'Pink Lips' for Hate Story 2". Archived from the original on 8 August 2014. https://web.archive.org/web/20140808142037/http://punjabimania.com/khushboo-grewal-sings-pink-lips-for-hate-story-2/2/। আহৰণ কৰা হৈছে: 6 August 2014.
- ↑ "Meet Bros & Khushboo Grewal rock it in GIT College, Gandhinagar!". http://www.getmovieinfo.com/meet-bros-khushboo-grewal-rock-it-in-ahmedabad/p। আহৰণ কৰা হৈছে: 7 March 2016.
- ↑ "Khushboo Grewal B4U Interview". YouTube. https://www.youtube.com/watch?v=aRyeAfmEmX0। আহৰণ কৰা হৈছে: 21 December 2012.
- ↑ "Khushboo Grewal Biography". 13 August 2014. http://youthdevelopers.com/actress-khushboo-grewal-biography-movies-marriage/। আহৰণ কৰা হৈছে: 13 August 2014.