সমললৈ যাওক

খুন ভৰী মাংগ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খুন ভৰী মাংগ্

পোষ্টাৰ
পৰিচালক ৰাকেশ ৰোশন
প্ৰযোজক ৰাকেশ ৰোশন
অভিনয়ত
  • ৰেখা
  • কবিৰ বেদী
  • ছনু ৱালিয়া
  • শত্ৰুঘ্ন সিনহা
  • কাদেৰ খান
সংগীত পৰিচালক ৰাজেশ ৰোশন
মুক্তি
১২ আগষ্ট ১৯৮৮ (1988-08-12)
দৈৰ্ঘ্য
১৪৬ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় ₹6 crore[1]

খুন ভৰী মাংগ্ (ইংৰাজী: Khoon Bhari Maang ) ১৯৮৮ চনৰ ৰাকেশ ৰোশন পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। অষ্ট্ৰেলিয়াৰ মিনি-ছিৰিজ ৰিটাৰ্ণ টু ইডেনৰ (১৯৮৩) আধাৰত নিৰ্মিত[2] ছবিখনত ৰেখাই এগৰাকী ধনী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে, যাক দ্বিতীয় স্বামীয়ে প্ৰতিশোধ ল'বলৈ হত্যাৰ চেষ্টা চলায়। ৰেখাৰ বাবে ছবিখন পুনৰ উভতি অহাৰ এক প্ৰয়াস আছিল। সমালোচকৰ প্ৰশংসা পোৱাৰ উপৰিও ছবিখনে ব্যৱসায়িক সফলতাও লাভ কৰিছিল। ৩৪তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালককে (ৰোশন) ধৰি সাতটা মনোনয়ন পোৱাৰ লগতে ৰেখাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ১৯৮৮ চনৰ ১২ আগষ্টত খুন ভৰী মাংগ্ মুক্তি পায়।[3]

খুন ভৰী মাংগ্ৰ প্ৰতি সমালোচনা ইতিবাচক আছিল, সমালোচকৰ অধিকাংশ প্ৰশংসা ৰেখাৰ অভিনয়ৰ প্ৰতি আছিল। ২০০০ চনত দ্য হিন্দুৰ ভৱনা সোমায়াই হিন্দী চিনেমাৰ যোৱা দুটা দশকৰ পৰ্যালোচনা কৰি লিখা এটা প্ৰবন্ধ লিখিছিল: "ৰাকেশ ৰোশনে ৰেখাক খুন ভৰী মাংগত জীৱনজোৰা চৰিত্ৰ এটা আগবঢ়াইছে।"[4] দ্য ট্ৰিবিউনত এম এল ধৱনে ১৯৮৮ চনৰ বিখ্যাত হিন্দী ছবিসমূহ নথিভুক্ত কৰাৰ সময়ত যুক্তি দিছিল: "খুন ভৰী মাংগৰ সহায়ত ৰাকেশ ৰোশনে এই মিথটো ধ্বংস কৰি পেলালে যে নায়কক নায়ক জৰুৰী আৰু নায়িকাসকল কেৱল অন্তৰাল আৰু পুতলাস্বৰূপ হিচাপে কাম কৰিবলৈহে থাকে।"[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]