খুশী কবীৰ
খুশী কবীৰ (ইংৰাজী: Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]খুশী কবীৰে ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ পৰা সূক্ষ্ম কলা (চিত্ৰকলা আৰু অংকন) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭২ চনত বাংলাদেশ মুক্তি যুদ্ধৰ পিছত খুশী কবীয়ে বাংলাদেশৰ এটা বেচৰকাৰী সংস্থাত যোগদান কৰে। প্ৰান্তীয় সম্প্ৰদায়ৰ সৈতে বাংলাদেশৰ গ্ৰাম্য অঞ্চলত তেওঁ কাম কৰিছিল। বেচৰকাৰী অধিকাৰ সংস্থা নিজেৰা কোৰীত সমন্বয়ক হিচাপে তেওঁ যোগদান কৰে। বাংলাদেশৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা নিজেৰা কোৰী আৰু সংস্থাটোত ২,৩৭,৭৮৭ গৰাকী সদস্য আছে।[2] তেওঁ আন্তঃৰাষ্ট্ৰীয় চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্ট আয়োগৰ সদস্য।[4] তেওঁ চেণ্টাৰ ফৰ পলিচি ডাইলগৰ পৰিচালক।[5]২০১৩ চনত বাংলাদেশত ৱান বিলিয়ন ৰাইজিঙৰ সমন্বয় কৰিছিল।[2]
খুশী কবীৰে বাংলাদেশ সেনাৰ শিবিৰ আৰু স্থাপনৰ বাবে মাটি অধিগ্ৰহণৰ বিৰুদ্ধে মত দিছিল।[6] ২০১৫ চনত জোণ্টা জিলা-২৫ৰ ১৪ সংখ্যক দ্বিবাৰ্ষিক আঞ্চলিক সন্মিলনত তেওঁক জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰা হয়।[7] প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাবমূৰ্তিৰ ক্ষতি কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হয়৷ ২০১৬ চনৰ ৪ জুনত অভিযোগত নিৰ্দিষ্টতা নথকাৰ বাবে বাংলাদেশ উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে।[8] ২০১৭ চনৰ ২৭ নৱেম্বৰত তেওঁ বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে ধৰ্মভিত্তিক হিংসাৰ বিৰুদ্ধে কথা কয় আৰু সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ বাবে চৰকাৰক অধিক কাম কৰিবলৈ আহ্বান জনায়।[9]১৯৯৭ চনত স্বাক্ষৰিত চিট্টগং হিল ট্ৰেক্টছ শান্তি চুক্তি ৰূপায়ণৰ বাবে তেওঁ আহ্বান জনাইছে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Lee, Matilda. "Campaign Hero: Khushi Kabir, empowering Bangladesh's most vulnerable" (en ভাষাত). The Ecologist. https://theecologist.org/2011/sep/30/campaign-hero-khushi-kabir-empowering-bangladeshs-most-vulnerable। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ 2.0 2.1 2.2 "Khushi Kabir". One Billion Rising Revolution. 10 July 2013. https://www.onebillionrising.org/169/khushi-kabir-bangladesh/। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "What do you do with rape victims? You send them away". Dhaka Tribune. http://www.dhakatribune.com/bangladesh/law-rights/2017/08/06/rape-victims-send-away/। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Chittagong Hill Tracts: Indigenous Women Disproportionately Affected By Violence and Discrimination in Bangladesh" (en ভাষাত). UNPO. http://unpo.org/article/20271। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "‘Health, global trade regime affecting equal access to medicine’". Dhaka Tribune. http://www.dhakatribune.com/bangladesh/2017/02/14/health-global-trade-regime-affecting-equal-access-medicine/। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Call against land acquisition for army installations". Prothom Alo. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201030308/http://en.prothom-alo.com/bangladesh/news/56263/Call-against-land-acquisition-for-army। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Empower women for a better world" (en ভাষাত). The Daily Star. 9 October 2017. http://www.thedailystar.net/city/empower-women-better-world-1473739। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Court dismisses case against Khushi Kabir for allegedly 'slandering' PM". Dhaka Tribune. http://www.dhakatribune.com/bangladesh/court/2017/06/04/defamation-case-against-khushi-kabir-dismissed/। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Rights activists: Communal attacks increasing because of culture of impunity". Dhaka Tribune. http://www.dhakatribune.com/bangladesh/law-rights/2017/11/27/communal-attacks-culture-impunity/। আহৰণ কৰা হৈছে: 29 November 2017.
- ↑ "Govts cool on its full execution" (en ভাষাত). The Daily Star. 26 November 2017. http://www.thedailystar.net/city/govts-cool-its-full-execution-1496572। আহৰণ কৰা হৈছে: 29 November 2017.