খেক-শিয়াল
| খেক-শিয়াল | |
|---|---|
| ৰাজস্থানৰ থৰ মৰুভূমিত খেক-শিয়াল | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | স্তন্যপায়ী |
| বৰ্গ: | Carnivora |
| পৰিয়াল: | Canidae |
| গণ: | Vulpes |
| প্ৰজাতি: | V. bengalensis[1] |
| দ্বৈৰাশিক নামকৰণ | |
| Vulpes bengalensis[1] (Shaw, 1800) | |
| বিচৰণ ক্ষেত্ৰ | |
| সমাৰ্থক | |
| |
খেক-শিয়াল (ইংৰাজী: Bengal fox or Indian fox; বৈজ্ঞানিক নামঃ Vulpes bengalensis)ক ভাৰতীয় শিয়াল বা বংগৰ শিয়াল বুলিও জনা যায়৷ভাৰতীয় উপমহাদেশৰ হিমালয়ৰ পাদদেশ আৰু নেপালৰ তেৰাইৰ পৰা দক্ষিণ ভাৰতৰ মাজেৰে, আৰু দক্ষিণ আৰু পূব পাকিস্তানৰ পৰা পূব ভাৰত আৰু দক্ষিণ-পূব বাংলাদেশলৈকে ই এবিধ স্থানীয় শিয়াল।

বিৱৰণ
[সম্পাদনা কৰক]খেক-শিয়াল তুলনামূলকভাৱে সৰু শিয়াল, ইয়াৰ মুখখন দীঘলীয়া, কাণ দীঘল আৰু জোঙা আৰু নেজডাল দীঘল, জোপোহা৷ নোমৰ ৰং হালধীয়ামিশ্ৰিতৰ পৰা ৰূপালী-ধূসৰ আৰু সামগ্ৰিকভাৱে ধূসৰ আভাযুক্ত; ইয়াৰ পিঠিভাগৰ বেছি অংশই ছাইৰঙী আৰু পেটৰ ফাল শেঁতা। ঠেং দুখন বাদামী বা ৰঙচুৱা,[4] আৰু তলৰ অংশবোৰ পাতল, শেঁতা বালি বা আদাৰ ৰঙৰ নিচিনা।[5] নোমৰ ৰঙৰ ব্যাপক তাৰতম্য দেখা যায় আৰু ঋতু অনুসৰি ভিন্নতা দেখা যায়, কিন্তু সাধাৰণতে নোমৰ ৰং ধূসৰ ছাইৰঙী আৰু ৰঙচুৱা আৰু কাষৰ নোমবোৰ শেঁতা ছাইৰঙী আৰু ৰঙচুৱা।[6] ইয়াৰ নেজডাল জোপোহা, ক'লা টিপযুক্ত, যিটো মূৰ আৰু শৰীৰৰ দৈৰ্ঘ্যৰ প্ৰায় ৫০–৬০%।[7] কাণৰ পিছফাল গাঢ় বাদামী ৰঙৰ আৰু ইয়াৰ সীমান্ত ক’লা; কাণ দুখনৰ ভিতৰভাগ বগা। কাণৰ ৰং গলধনৰ সৈতে একে বা হয়তো তাতোকৈ ক’লা। নাসিকা গহ্বৰ নোমহীন, আৰু ইয়াৰ ওঁঠ ক’লা। মুখখন নোমযুক্ত, আৰু চকুৰ সন্মুখত মুখৰ ওপৰৰ অংশত ক’লা দাগযুক্ত চিন থাকে৷ মূৰ আৰু শৰীৰৰ দৈৰ্ঘ্য ১৮ ইঞ্চি (৪৬ চে.মি.), নেজ ২৫ চে.মি. (১০ ইঞ্চি) দীঘল৷ ইয়াৰ ওজন ২.৩ৰ পৰা ৪.১ কিলোগ্ৰাম (৫ৰ পৰা ৯ পাউণ্ড)।[4]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]খেক-শিয়াল প্ৰধানকৈ দোকমোকালিৰ লগতে নিশাচৰ; যদিও কেউ কেউ কেতিয়াবা দিনৰ শীতল সময়ত সক্ৰিয় হয়, সাধাৰণতে ইহঁতে গছ-গছনিৰ তলত বা ভূগৰ্ভস্থ গুহাত দিনৰ উষ্ণ পোহৰত সময় কটায়৷ ইহঁতে তিনিটা সুকীয়া ধৰণৰ চোং ব্যৱহাৰ কৰে: মৌলিক, সংহত চোং য'ত দুটা মুকলি বাট থাকে, যিটো কম সময়ৰ জিৰণিৰ বাবে ব্যৱহাৰ কৰা হয়, একাধিক বাট থকা জটিল চোং আৰু শিল বা শিলৰ ফাটৰ তলৰ চোং ইহঁতে ব্যৱহাৰ কৰে।[4] খেক-শিয়ালৰ মৌলিক সামাজিক একক হ’ল প্ৰজনন যোৰ, যিটো বহু বছৰলৈকে স্থায়ী হ’ব পৰা এক বন্ধন। আন কিছু তথ্যই ইংগিত দিয়ে যে খেক-শিয়াল কেতিয়াবা অধিক সামাজিক হ’ব পাৰে। মাইকী খেক-শিয়ালে দুগ্ধপান কৰাৰ সময়ত চোং ভাগ-বতৰা কৰে বুলি জনা গৈছে আৰু একেটা গুহাৰ পৰা চাৰিটা প্ৰাপ্তবয়স্ক খেক-শিয়াল ওলাই অহা দেখা গৈছে।[8]
খেক-শিয়ালৰ মানুহৰ প্ৰতি বিশেষ সন্দেহ নাই আৰু ইহঁতক মানুহৰ বাসস্থানৰ ওচৰত পোৱা যায়। ইহঁতক বশ কৰাটো সহজ।[5]
ভাবুকি
[সম্পাদনা কৰক]বাসস্থান সুৰক্ষাৰ অভাৱেই হয়তো খেক-শিয়ালৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। দক্ষিণ ভাৰতত খেক-শিয়ালৰ সম্ভাৱ্য বাসস্থানৰ ২%তকৈও কম অংশ কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বৰ্তমানৰ সংৰক্ষিত এলেকাৰ নেটৱৰ্কৰ অধীনত সামৰি লোৱা হৈছে।[9] ই মানুহৰ বাধা-বিঘিনি সহ্য কৰিব পাৰে, কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু ঘাঁহনিবোৰ কৃষি আৰু উদ্যোগিক অঞ্চললৈ ৰূপান্তৰিত হোৱাৰ লগে লগে খেক-শিয়ালৰ বাসস্থান নিৰন্তৰ হ্ৰাস পাইছে। সংমিশ্ৰিত ওপৰৰ কাৰণসমূহ ৰোগ আৰু প্ৰাকৃতিক মৃত্যুৰ সৈতে সংযুক্ত, সম্ভাৱ্যভাৱে এই প্ৰজাতিবিধ স্থানীয়ভাৱে বিলুপ্তিৰ কাৰণ হ'ব পাৰে।[2] ইয়াক ছাল আৰু মাংসৰ বাবে চিকাৰ কৰাৰ লগতে ইয়াৰ ঘাঁহনিৰ বাসস্থানক কৃষি, উদ্যোগ আৰু ক্ৰমান্বয়ে জৈৱ ইন্ধন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাটোৱে ইয়াৰ জনসংখ্যাৰ ঘনত্বত প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও ইয়াৰ শৰীৰৰ অংগসমূহ পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু কিছুমান ঠাইত ইয়াক খোৱা হয়। দক্ষিণ ভাৰতৰ নাৰিকুৰুভা জনগোষ্ঠীয়ে ইয়াক চিকাৰ কৰে।[8] কৰ্ণাটকত ইয়াক সংক্ৰান্তিৰ সময়ত কৰা আচাৰ-অনুষ্ঠানৰ বাবে বন্দী কৰা হয়।[4]
খেক-শিয়াল সাধাৰণতে ইয়াৰ পৰিসৰৰ ভিতৰত কম ঘনত্বত পোৱা যায়। চিকাৰৰ প্ৰাচুৰ্য্য আৰু ৰোগৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ সংখ্যাৰ যথেষ্ট উঠা-নমা হ'ব পাৰে, যেনে কেনিন ডিষ্টেম্পাৰ ভাইৰাছ আৰু ৰেবিজ - এই দুয়োটাৰ ফলত পশ্চিম ভাৰতত স্থানীয়ভাৱে ইয়াৰ সংখ্যা হ্ৰাস পাইছে।[10]
সংৰক্ষণ
[সম্পাদনা কৰক]ভাৰতৰ ইয়াৰ সংখ্যা CITES পৰিশিষ্ট III-ত তালিকাভুক্ত কৰা হৈছে।[3] ভাৰতীয় বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ (২০০৫ চনৰ সংশোধিত)ত সকলোধৰণৰ বন্যপ্ৰাণীৰ চিকাৰ নিষিদ্ধ কৰা হৈছে আৰু খেক-শিয়ালক অনুসূচী II-ত অন্তৰ্ভুক্ত কৰা হৈছে। নেপালৰ বন্যপ্ৰাণী সুৰক্ষা আইনত ই কোনো বিশেষ শ্ৰেণীত অন্তৰ্ভুক্ত নহয়। ইয়াক আই ইউ চি এনৰ বিপন্ন প্ৰজাতিৰ ৰঙা তালিকাত ইয়াক কম চিন্তাৰ বিষয় হিচাপে তালিকাভুক্ত কৰা হৈছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ সাঁচ:MSW3 Wozencraft
- ↑ 2.0 2.1 2.2 Jhala, Y. (2016). Vulpes bengalensis. doi:10.2305/IUCN.UK.2016-1.RLTS.T23049A81069636.en.
- ↑ 3.0 3.1 সাঁচ:Cite Species+
- ↑ 4.0 4.1 4.2 4.3 Gompper, M.E.; Vanak, A.T. (2006). "Vulpes bengalensis". Mammalian Species (795): 1–5. doi:10.1644/795.1. https://academic.oup.com/mspecies/article-pdf/doi/10.1644/795.1/24460822/795.pdf.
- ↑ 5.0 5.1 Sheldon, Jennifer W. (1992). Wild Dogs: the Natural History of the Nondomestic Canidae. প্ৰকাশক San Diego: Academic Press, Inc.. ISBN 0-12-639375-3.
- ↑ Mivart, St. G.J. (1890). "The Indian Fox Canis bengalensis". Dogs, jackals, wolves and foxes: A monograph of the Canidae. প্ৰকাশক London: R.H. Porter. পৃষ্ঠা. 126–131. https://archive.org/details/dogsjackalswolve00mivarich/dogsjackalswolve00mivarich/page/126/mode/2up.
- ↑ Menon, V. (2014). "Bengal Fox". Indian Mammals: A Field Guide. প্ৰকাশক Gurgaon: Hachette Book Publishing India Pvt. Ltd.. পৃষ্ঠা. 506. ISBN 978-93-5009-761-8. https://books.google.com/books?id=SG6dAwAAQBAJ&pg=PT506.
- ↑ 8.0 8.1 Johnsingh, A.J.T. (1978). "Some aspects of the ecology and behaviour of the Indian fox Vulpes bengalensis Shaw". Journal of the Bombay Natural History Society খণ্ড 75: 397–405.
- ↑ Vanak, A.T.; Irfan-Ullah, M.; Peterson, T. (2008). "Gap analysis of Indian fox conservation using ecological niche modeling". Journal of the Bombay Natural History Society খণ্ড 105 (1): 49–54. https://www.biodiversitylibrary.org/page/48368018#page/53/mode/1up.
- ↑ Belsare, A. V.; Vanak, A. T.; Gompper, M. E. (2014). "Epidemiology of viral pathogens of free-ranging dogs and Indian Foxes in a human-dominated landscape in Central India". Transboundary and Emerging Diseases খণ্ড 61: 78–86. doi:10.1111/tbed.12265. PMID 25135467.