সমললৈ যাওক

খেৰোথ মোহিনী বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খেৰোথ মোহিনী বসু ( ইংৰাজী: :Kheroth Mohini Bose, ਖੇਰੋਥ ਮੋਹਿਨੀ ਬੋਸ; প্ৰায় ১৮৬৬ – ১ জুলাই, ১৯৩৫) এজন ভাৰতীয় চিকিৎসক আৰু খ্ৰীষ্টান মিছনেৰী আছিল যিয়ে ভাৰতৰ আছৰাপুৰ সম্প্ৰদায়ত চিকিৎসা সেৱা আগ বঢ়াইছিল।[1] তেওঁ চাৰ্চ অৱ ইংলেণ্ড জেনানা মিছনেৰী ছ’চাইটিৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

খেৰোথ বসু সৰুতে আছৰাপুৰ চহৰলৈ আহিছিল এখন ছোৱালীৰ বিদ্যালয়ত পঢ়িবলৈ। তেওঁৰ ভনীয়েক মোনা বসুও সেই খন স্কুলতে পঢ়িছিল। ১৯ বছৰ বয়সত তেওঁক ভনীয়েকৰ সৈতে ইংলেণ্ডলৈ চিকিৎসা বিদ্যাত অধ্যয়ন কৰিবলৈ পঠিওৱা হয় বিশেষকৈ ভাৰতত মহিলা ৰোগীৰ যত্ন লোৱাৰ বাবে প্ৰশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে। [2] তেওঁৰ এই ১৮ মহীয়া প্ৰশিক্ষণৰ বেছিভাগ সময় ইংলেণ্ডৰ হস্পিতাল ফৰ উইমেন এণ্ড চিলড্ৰেন আৰু ইংৰাজ চিকিৎসকৰ ঘৰত হৈছিল,[3] য’ত তেওঁ ৰোগী পৰিচৰ্যাৰ বাস্তৱ অভিজ্ঞতা লাভ কৰিছিল। তেওঁ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালতো কিছু প্ৰশিক্ষণ লৈছিল।[4]

চিকিৎসা সেৱা

[সম্পাদনা কৰক]

১৮৮৯ চনত ইংলেণ্ডৰ পৰা ঘূৰি অহাৰ পাছত, খেৰোথ মহিনী বসুক অশ্ৰাপুৰৰ চিকিৎসা মিছনটোৰ দায়িত্ব দিয়া হৈছিল।[5] কিছুদিনৰ পাছত অশ্ৰাপুৰত এখন হাস্পতাল নিৰ্মাণ কৰা হয়, য’ত বসুৱেই প্ৰধান চিকিৎসক ৰূপে দায়িত্ব পালন কৰিছিল।[2] তেওঁ এই অঞ্চলত ৫০ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াইছিল।[6][7] বসু প্ৰায় ১,০০০জন ৰোগীৰ যত্ন লোৱাৰ দায়িত্বত আছিল,সেই ৰুগী সকল ইংৰাজ আৰু ভাৰতীয় উভয় সম্পদায়ৰ আছিল। [1][2][8]তেওঁ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত দাই হিচাপেও মানুহৰ মাজত সেৱা আগ বঢ়াইছিল। তেওঁ পঞ্জাবী আৰু ইংৰাজী – দুয়োটা ভাষাতে দক্ষ আছিল। এগৰাকী বিশ্বাসী খ্ৰীষ্টান হিচাপে, বসু গাঁৱখনৰ ধৰ্মীয় জীৱনৰ সৈতে গভীৰভাৱে সম্পৃক্ত আছিল।[1] তেওঁ নিয়মিতভাৱে India’s Women and China’s Daughters নামৰ এটা মিছনাৰী সংবাদপত্ৰত প্ৰৱন্ধ লিখিছিল, য’ত তেওঁ অশ্ৰাপুৰৰ ধৰ্মীয় অনুষ্ঠান আৰু নিজৰ চিকিৎসা কাৰ্য্যৰ বিৱৰণ লিখিছিল। তেওঁ The Village of Hope, or, The History of Asrapur শীৰ্ষক এখন কিতাপো লিখিছিল। খেৰোথ মহিনী বসু Lady Irwin Tuberculosis Sanatorium-ৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল।

মৃত্যু আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

১৯৩৪ চনৰ অক্টোবৰ মাহত ব'ছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু ১৯৩৫ চনৰ ১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।[6] তেওঁৰ মিছনৰ ওচৰত আছিল আৰু সঘনাই ভ্ৰমণ কৰিছিল।[6] চৰকাৰী নথি-পত্ৰত প্ৰকাশ নোহোৱা অসুস্থতাৰ বাবে তেওঁক অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ পঠিওৱা হয়, এই অসুখেই অৱশেষত তেওঁৰ মৃত্যুৰ কাৰণ হয়।[2] ১৯৩৫ চনৰ ১ জুলাইত ৬৯ বছৰ বয়সত পাকিস্তানৰ লাহোৰস্থিত ফৰমেন কলেজৰ ঘৰত তেওঁৰ মৃত্যু হয়।[9]

  • কৈছাৰ-ই-হিন্দ পদক। [9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bose, Kheroth (1931). "The Founders of Araspur and Their Fellow Worker". Church of England Zenana Missionary Society Periodicals: 27. 
  2. 2.0 2.1 2.2 2.3 Church of England Zenana Missionary Society: Roll of missionaries, 1880-1957, vol. 2. 2018. পৃষ্ঠা. 13. OCLC 1114565942. 
  3. "Zenana Bible and Medical Mission". The Hospital খণ্ড 8 (209): 399. 27 September 1890. PMID 29826559. 
  4. Church of England Zenana Missionary Society: General Committee minutes, 1880-1890. 2018. OCLC 1114515281. [পৃষ্ঠা নং প্ৰয়োজন]
  5. "Miss K. M. Bose". Times: পৃষ্ঠা 20. 3 July 1935. 
  6. 6.0 6.1 6.2 Bose, Kheroth. "Letter of Resignation." Received by Mr. Mortimore, Araspur-Atari, India, 4 October 1934, Araspur-Atari, India.
  7. Church of England Zenana Missionary Society: Roll of missionaries, 1880-1924. 2018. পৃষ্ঠা. 31–32. OCLC 1114520093. 
  8. Bose, Kheroth. The Village of Hope, or, The History of Asrapur, Panjab. 2nd ed., London : Church of England Zenana Missionary Society, 1915.
  9. 9.0 9.1 "Deaths". The Times of India: পৃষ্ঠা 2. 6 July 1935. সাঁচ:ProQuest.